ফেচবুকৰ সেই ছোৱালীসকলৰ দৃষ্টি আকর্ষণ কৰিছো

ফেচবুকৰ সেই ছোৱালীসকলৰ
দৃষ্টি আকর্ষণ কৰিছো
—————————–
ফেছবুকত যিসকল ছোৱালীয়ে বেপর্দাভাৱে
নিজৰ ফটো আপলোড কৰে,
আপুনি কি জানে, আপোনাৰ এই এটা
আপলোড কৰা ফটো কিয়ামতৰ দিনা
আপোনাৰ বিৰুদ্ধে সাক্ষী হৈ থিয় দিব?
আপোনাৰ আপলোড কৰা চিত্তাকর্ষক ফটোৰ
প্রত্যেকটো লাইক,কমেন্ট, প্রশংসাসূচক
প্রত্যেকটো কমপ্লিমেন্ট যি দেখি
আপুনি আৱেগত আপ্লুত হৈ যায়,
সেই লাইক-কমেন্টবোৰ আপোনাৰ মৃত্যু
 হোৱাৰ পিছতো ফেছবুকত থাকি যাব!
আপুনি জানে, আপোনাৰ বেপর্দা ফটো
কিমান হাজাৰ ল’ৰাই চাই আছে!!
কিমান হাজাৰ ল’ৰাই আপোনাৰ ফটো চাই
বেয়া কল্পনা কৰিছে!!! আপোনাৰ এই বেপর্দা,
নানা ভংগীৰ, চুলি এৰি তোলা ফটো চাই সেই
ল’ৰাবোৰৰো যে পাপ হ’ব, তেওঁলোকৰ
সকলোৰে সমষ্টিৰ সমান পাপ
আপোনাৰ আমল নামাত যোগ কৰা হ’ব!!!
চিন্তা কৰি চাওঁক, হাৰাম দৃশ্যৰ দ্বাৰা
কাবু কৰি আপুনি অকলেই হাজাৰজন
ল’ৰাক জাহান্নামত লৈ যোৱাৰ বাবে
মাধ্যম হৈ গৈছে!! য’ত আপোনাক চাই
আপোনাক উপভোগ কৰি ,
ইমান ল’ৰা জাহান্নামত যাব, তাত আপোনাৰ
অবস্থা কিমান ভয়াবহ হব–সেয়া কি কেতিয়াওঁ
চিন্তা কৰিছে???? মৃত্যুৰ পিছত কিমান
ভয়ংকৰ শাস্তি অপেক্ষা কৰিছে আপোনাৰ বাবে–
সেই কথা কি কেতিয়াওঁ ভাবি চাইছে?
আপুনি মুছলিমঘৰৰ ছোৱালী হিচাবে হয়তো
এইবোৰ বুজে, কিন্তু মূৰত নলয়; ভবা লৈকে
 শেষ!!!!

পিছে আপোনাক দুটা হাদীচ শুনাও,
অলপ অনুধাৱন কৰক :
ৰাছুলুল্লাহ (ছাঃ) কৈছে, “(নাজায়েজ
দিশত দৃষ্টিনিক্ষেপকাৰী) প্রতিটো চকু
ব্যভিচাৰি! আৰু যি নাৰী সুগন্ধি ব্যৱহাৰ
কৰি কোনো পুৰুষৰ মজলিছৰ ওচৰ দি
পাৰ হৈ যায়, তেওঁ এজনী বেশ্যা নাৰী
(তেওঁ মাৰাত্মক পাপীচাৰিণী)” (চহীহ
আল-জামে আছ-ছগীৰ আয-যিয়াদাতুহ : ২৭০)
ৰাছুলুল্লাহ (ছাঃ) আৰু কৈছে : “এক
শ্রেণীৰ নাৰীৰ দল যিসকলে কাপোৰ পৰিধান
কৰিব, কিন্তু তেওঁলোক উলংগ গণ্য হব,
কাৰণ, তেওঁলোকে এনেকৈ কাপোৰ পিন্ধিব,
যাৰ কাৰণে শৰীৰৰ বিভিন্ন অংশ বুজা যায়।
 এইসকল নাৰী নিজে অানসকলৰ প্রতি আকৃষ্ট হয়
 আৰু অানকো নিজৰ প্রতি আকৃষ্ট কৰে। তেওঁলোকে
তেওঁলোকৰ মূৰৰ খোঁপা উটৰ কুঁজৰ নিচিনা ওখ
ৰাখে! এইসকল নাৰী জান্নাতত তো নাযায়েই,
জান্নাতৰ সুগন্ধিও নাপাব! অথচ জান্নাতৰ সুগন্ধি
ইমান ইমান দুৰবর্তী স্থানৰ পৰাই পোৱা যাব…
কিন্তু সেই নাৰীসকলে জান্নাতৰ গোন্ধও নাপায়
!! (চহীহ মুছলিম,২১২৮)

চাওঁক, য’ত পাতল কাপোৰ পিন্ধাত বা সামান্য
সুগন্ধি ব্যবহাৰ কৰাত আৰু খোঁপা ওখ কৰি
বন্ধাত স্বয়ং ৰাছুলুল্লাহ (ছাঃ) নাৰীসকলক
বেশ্যা আৰু পাপীচাৰিণী কৈছে আৰু তেওঁলোক জাহান্নামত যাব, জান্নাতৰ সুঘ্রাণও  নাপায় বুলি
উল্লেখ কৰিছে, তাত আপোনাৰ বেপর্দা ফটো দেখি
হাজাৰ হাজাৰ ল’ৰা গুনাহগাৰ হৈছে,জাহান্নামৰ ভাগী
হৈছে, অথচ আপুনি কিমান ডাঙৰ জাহান্নামি,
পাপীচাৰিণী আৰু বেশ্যা আখ্যা পোৱাৰ কাম কৰিছে–সেয়া এবাৰ নিবিড় মনে বিবেক দি ভাবি চাওঁক!!!
সেয়ে এই সকলো বেপর্দা ছোৱালীৰ ফটোত
নাজায়েজ লাইক- কমেন্টকাৰী ল’ৰাবোৰক
তেওঁলোকৰ পাপৰ ভয়াবহতা আৰু পৰকালৰ
 কঠিন শাস্তিৰ কথা স্মৰণ কৰি দি এই ক্ষেত্ৰত
হুছিয়াৰ কৰিছো। আপোনালোকে তওবা কৰৰ,
সতর্ক হওঁক।

আল্লাহ তা‘আলা সকলোকে যথাযথ পর্দা
কৰাৰ আৰু সুপথত চলাৰ তাওফীক দান কৰক।
আমিন।।

✍✍  ( তাহেৰা বেগম )

Leave a comment