আহিল কেনেকৈ ??

?? আহিল কেনেকৈ ??
সন্মানিত মুছল্লী সকল ! আপুনি জানেনে সৰ্ব্বোত্তম ইবাদত চালাতৰ মাজত যি কোনো ধৰণৰ ব্যক্তি মন্তব্যৰ ব্যৱহাৰে আপোনাৰ মোৰ চালাত ৰোজ হাচৰৰ দিনা প্ৰত্যাখিত হৈ যাব পাৰে ! কিয়নো নবী চল্লাল্লাহু আলাইহি অছাল্লামে তাগীদেৰে কৈ গৈছে – ” চাল্লু কামা ৰাআইতুমুনি ৱচাল্লী ” ( বুখাৰী হাঃ/৬৩১ )। অৰ্থাৎ চালাত তেনেকৈ আদায় কৰা যেনেদৰে মোক আদায় কৰা দেখিছা ! কিন্তু আজিৰ এই ফিৰকাবাজীৰ যুগত নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ এই অমিয় বাণীক কিমানে গুৰুত্ব দিছে ?? চহীহ হাদীছত উল্লেখ থকা নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ পদ্ধতিৰ সৈতে আজি অসম তথা ভাৰতবৰ্ষৰ শতকৰা ৯৫% মুছল্লীৰ চালাতৰ মিল নাই !! পদে পদে ব্যক্তি মন্তব্যই চালাতৰ মাজত নিজৰ স্হান নিগাজীকৈ দখল কৰি বহিছে !! ব্যস্তপূৰ্ণ জীৱনত কাৰোৱেই এনে বিষয়বোৰ অনুসন্ধান কৰাৰ সময় নাই !!
অতি স্বাভাৱিক ভাবে আমি সকলোৱেই মানি লোৱা এনে এক ব্যক্তি মন্তব্যৰ বিষয়ে আপোনালোকৰ আগত ত্বথ্য দাঙি ধৰিব বিচাৰিছো । তাশ্বাহুদৰ বৈঠকত আমি আত্তাহিয়াতু পঢ়োতে ” লা ইলাহা ইল্লাল লাহু ” কওঁতে তপককৈ আমাৰ শ্বাহাদত আঙুলিটো দাঙি নমাই দিওঁ ! কেতিয়াবা চিন্তা কৰি চাইছেনে এনেদৰে আমি আল্লাহৰ প্ৰেৰিত ৰাছূল বুলি সাক্ষী দিয়া মহানবী চল্লাল্লাহু আলাইহি অছাল্লামে এনেদৰে কৰিছিল নে ?? যদি কৰিছিল তেন্তে দলীল কত আৰু যদি নাই কৰা তেন্তে এই নিয়ম আহিল কেনেকৈ ?? নাই !! কতো নাই !! চহীহ হাদীছটো দূৰৰে কথা কোনো জয়ীফ বা জাল হাদীছটো ইয়াৰ ত্বথ্য কিয়ামত লৈকে বিচাৰি নাপায় !! তেন্তে এইয়া আমি কি কৰি আছো ?? নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ কথাক স্পষ্টকৈ উপেক্ষা কৰি আমি কাৰ নিয়মত চালাত আদায় কৰি আছো , এই প্ৰশ্ন আপোনাৰ মোৰ বাবে গুৰুত্বপূৰ্ণ নহয়নে ?? আহকচোন এবাৰ চহীহ হাদীছৰ ত্বথ্যৰে আমি চাবলৈ চেষ্টা কৰো যে নবী চল্লাল্লাহু আলাইহি অছাল্লামে এই সন্দৰ্ভত কি নিয়ম পালন কৰিছিল ??
১] আব্দুল্লাহ ইবনে যুবেইৰ ৰাজিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত , ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া তাশ্বাহুদত বহিছিল তেতিয়া সোঁ হাত সোঁ উৰুৰ ওপৰত আৰু বাওঁ হাত বাওঁ উৰুৰ ওপৰত ৰাখি আৰম্ভণিৰ পৰা চালাম ফিৰোৱাৰ আগ মূহুৰ্তলৈ সোঁ হাতৰ শ্বাহাদত আঙুলি দাঙি আঙুলিটো ঘূৰাই ঘূৰাই ইশাৰা কৰি আছিল ( চহীহ মুচলীম , হাঃ/১৩৩৬, ১৩৩৮, ১ম খন্ড পৃষ্ঠা ২১৬ , মিশকাত হাঃ/৯০৮ )।
২] ওয়ায়েল বিন হুজৰ ৰাজিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত , নবী চল্লাল্লাহু আলাইহি অছাল্লামে তাশ্বাহুদৰ আৰম্ভণিৰ পৰা শেষলৈ সোঁ হাতৰ শ্বাহাদত আঙুলি দাঙি সিলাই থাকি দো’আ কৰিছিল । এই সময়ত তেখেতৰ দৃষ্টি শ্বাহাদত আঙুলিৰ আগত ৰাখিছিল (নাচাই হাঃ/১২৭৫, ১/১৪২ পৃষ্ঠা ,হাঃ/১১৬০, ১/১৩০ পৃষ্ঠা )।
সত্যা সত্যতাৰ অনুসন্ধান তথা সিদ্ধান্তৰ দায়িত্ব পাঠক সমাজৰ ওপৰত এৰি শুদ্ধ দলীল দাঙি ধৰাৰ দায়িত্ব পালনৰ চেষ্টা কৰিলোঁ । আল্লাহে আমাক সকলোকে নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ পদ্ধতিৰে চালাত আদায় কৰাৰ তৌফিক দান কৰক । আমীন । । । ।
বিঃ দ্ৰঃ – আমাৰ প্ৰত্যেকটো আমলৰ সঠিক পদ্ধতি বিচাৰিলৈ হলে মনত মাথোঁ এটি প্ৰশ্ন দৃঢ়তাৰে জাগ্ৰত হব লাগিব যে ” আহিল কেনেকৈ ‘?? লগে লগে উক্ত প্ৰশ্নৰ দলীল ভিত্তিক উত্তৰ অনুসন্ধান কৰিলেই ইন শ্বা আল্লাহ সত্য আমি বিচাৰি পাম ।

— Muktabul Hussain

Leave a comment