ভূৱা পৰিবেশ !!

✗✗✗!! ভূৱা পৰিবেশ !! ✗✗✗
ইছলামৰ সৌন্দৰ্য্যতা অন্তৰেৰে উপভোগ কৰিবলৈ আমি ইছলাম বুজিবলৈ চেষ্টা কৰিব লাগিব , শুদ্ধ আক্বীদাৰ সত্য পৰিবেশ অন্তৰত জাগ্ৰত হব লাগিব !! কিন্তু দূৰ্ভাগ্য, আমাৰ ইয়াৰ তথাকথিত ইছলামৰ কৰ্ণধাৰ সকলে তেনে পৰিবেশ আজি সৃষ্টি হোৱাত সদায়ে প্ৰত্যক্ষ বা পৰোক্ষ ভাবে বাধা দি আহিছে !! সত্য ইছলাম প্ৰচাৰ নকৰি চাৰিওফালে কেৱল ইছলামৰ ভূৱা পৰিবেশ ৰচনা কৰাত সদায়েই উদগণি দি আহিছে । এনে অসংখ্য ভূৱা পৰিবেশৰ দলীল বিহীন দৃষ্টিভংগী আজি আমাৰ সমাজৰ চাৰিওফালে নিগাজিকৈ খুপনি পুতি বহিছে !! চলিত মাহে ৰমজানৰ লগত সংগতি থকা এনে কিছু ভূৱা প্ৰচলন আপোনালোকৰ জ্ঞাতাৰ্থে দাঙি ধৰিবলৈ ইন শ্বা আল্লাহ চেষ্টা কৰিম, প্ৰয়োজন বোধ কৰিলে ইয়াৰ সত্য সত্যতা অনুসন্ধান কৰাৰ চেষ্টা কৰি চাব , অন্যথা নিজৰ বিবেচনাৰে সিদ্ধান্ত গ্ৰহণ কৰিব !!
ভূৱা প্ৰচাৰ ১ – ঈদৰ দুই বা তিনদিন আগত ( ঈদৰ চালাতৰ আগলৈকে ) আজি জন্ম লাভ কৰা শিশুৰ পৰা আৰম্ভ কৰি প্ৰত্যেক গৰাকী পুৰুষ ও নাৰীৰ বাবে চাদাকাতুল ফিতিৰ্ আদায় কৰাটো ৱাজিব । নিজে ব্যৱহাৰ কৰা খাদ্য দ্ৰব্যৰ এক চা’ পৰিমাণে এটা ফিতৰা আদায় হয় । তিনি লিটাৰ আয়তনৰ এটা পাত্ৰত সম্পূৰ্ণকৈ ধৰা খাদ্য দ্ৰব্যই এটা ফিতৰাৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰে । চহীহ হাদীছ সমৰ্থিত এনে অতি স্পষ্ট নিয়মক নিজ স্বাৰ্থ পূৰাবলৈ সমাজত এক ভূৱা পৰিবেশ ৰচনা কৰিলে !! খাদ্যবস্তুৰ পৰিৱৰ্তে কোনো হাদীছতেই তাৰ মূল্য দিয়াৰ বিষয়ে উল্লেখ নাই ! তথাপিও কিন্তু আজি আমাৰ সমাজত শতকৰা ৯৫% কৈও অধিক লোকে টকাৰ দ্বাৰা ফিতৰা আদায় কৰি আহিছে !
ভূৱা প্ৰচাৰ ২ – সমাজত বহুল প্ৰচাৰিত ১৬৩৩ গ্ৰাম ঘেঁহুৰ পৰিমাণ এটা ফিতৰাৰ সমতুল্য হিচাব শুদ্ধ নহয় ! খাদ্য বস্তুৰ প্ৰকাৰ ভেদে তিনি লিটাৰ আয়তনৰ পাত্ৰত ধৰা খাদ্য বস্তুৰ ওজন ভিন ভিন হব ! ফিতৰা কেতিয়াও নিদিষ্ট ওজন হব নোৱাৰে !
ভূৱা প্ৰচাৰ ৩ – পবিত্র ৰমজানৰ শেষৰ ১০ দিনত কৰা ইত্তিকাফ এক অত্যন্ত গুৰুত্বপূৰ্ণ ইবাদত ! এই ইবাদতৰ মূখ্য উদ্দেশ্য হৈছে লাইলাতুল কদৰ তালাচ কৰা ! উম্মতৰ কষ্টৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি যদিও এই ইবাদত সকলোৰে বাবে ফৰজ হিচাবে ঘোষিত হোৱা নাই তথাপিও এই ইবাদতৰ মহত্ব অধিক ! কিন্তু আমাৰ সমাজত প্ৰচলিত নিতী অনুসৰি কোনো মহল্লাৰ এজন ব্যক্তিয়ে এই ইত্তিকাফ কৰিলে মহল্লাৰ সকলোৰে দায়িত্ব পূৰণ হব আৰু ইয়াৰ চাবাব সকলোৱে পাব বুলি কোৱা কথাৰ কোনো দলীল ভিত্তিক প্ৰমাণ নাই ! গতিকে এনে ধৰণৰ ভূৱা প্ৰচাৰে সাধাৰণ মানুহক ইত্তিকাফৰ দৰে এক গুৰুত্বপূৰ্ণ ইবাদতৰ প্ৰতি অনিহাৰ ভাব আনি দিছে , আৰু সেয়েহে সাধাৰণ মানুহে ইত্তিকাফৰ গুৰুত্ব উপলব্ধি কৰিবলৈ সক্ষম হোৱা নাই !
ভূৱা প্ৰচাৰ ৪ – পবিত্ৰ কোৰআনৰ সৰ্বমুঠ ১৫ টি আয়াত পাঠ কৰোতা বা শ্ৰৱন কৰোতাই চিজদাহ দিয়াটো ৱাজিব ! কিন্তু দূৰ্ভাগ্যবশতঃ চুৰা হজ্জৰ ২ নং চিজদাহটি শ্বায়ফী মাজহাবৰ চিজদাহ বুলি এক ভূৱা প্ৰচাৰ চলাই আমাৰ খতম তাৰাবীহ সমূহত মুঠ ১৪ টি চিজদাহ দিয়াই উপৰোক্ত চিজদাহ টি ত্যাগ কৰি সকলোকে ৱাজিব তৰক কৰাৰ অপৰাধত গুণাহগাৰ কৰাই আছে !
ভূৱা প্ৰচাৰ ৫ – “বিচমিল্লাহ ” বুলি কৈ ইফতাৰ কৰা আৰু চেহেৰী খোৱাৰ পাছত ফজৰ চালাতৰ আগত অন্তৰেৰে ফৰজ ৰোজাৰ বাবে সংকল্পবদ্ধ হৈ নিয়ত কৰাটো চহীহ হাদীছৰ দ্বাৰা প্ৰমাণিত নিয়ম ! কিন্তু এই সুপ্ৰতিস্হিত নিয়মক আওকাণ কৰি ” আল্লাহুম্মা চামতুলাকা ………..” দোৱা পঢ়ি ইফতাৰ কৰা আৰু ” নাৱাইতুৱান আচুম্মা …………..” বুলি শাব্দিক নিয়ত মুখেৰে পঢ়ি ৰোজাৰ নিয়ত কৰাটো দ্বীনত এক নব সংযোজন ! আমলৰ ক্ষেত্ৰত এনে ধৰণৰ প্ৰত্যেকটো নৱ সংযোজনকেই শ্বৰীয়তে বিদআত বুলি অভিহিত কৰি বিদআতৰ পৰিণতি জাহান্নাম বুলি স্পষ্ট কৰি দিছে !
সন্মানীত পাঠক বৃন্দ ! উল্লেখিত বিষয় সমূহ আপোনালোকৰ বাবে আচহুৱা তথা অবান্তৰ লগাটো খুবেই স্বাভাৱিক ! ইয়াৰ মূল কাৰণ হৈছে আমি সাধাৰণতে দ্বীন ইছলামৰ চহীহ দলীল অনুসন্ধান কৰাৰ প্ৰয়োজন বোধ নকৰো, পৰম্পৰাগত মুখৰ কথাৰ ইছলামত আমি যুগ যুগ ধৰি অভ্যস্ত হৈ পৰিছো ! সেয়েহে আমি আহ্বান জনাওঁ প্ৰকৃত ইছলামৰ সন্ধান পাবলৈ গ্ৰহণযোগ্য হাদীছ অনুসন্ধান কৰক ! আল্লাহে সত্যক স্পষ্ট ভাষাৰে মুকলি কৰি দি ইছলামক নিয়ামতৰ পৰিপূৰ্ণ দ্বীন বুলি পবিত্ৰ কোৰআনত ঘোষণা কৰিছে । আমাক মাথোঁ লাগে সত্য অনুসন্ধানৰ নিৰ্ভেজাল মানসিকতা !

— Muktabul Hussain

Leave a comment