ইছলাম হৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ধৰ্ম আৰু এই ধৰ্ম মানি চলা লোক সকলক মুছলমান কোৱা হয় । দুখৰ কথা হ’ল, কিছুমান মুছলমান নামধাৰী লোকে ধৰ্মৰ নামত (?) কোৰআণ, হাদীছ বিৰোধী অধৰ্মী কাৰ্য্য কৰি মুছলমান জাতিটোক কলংকিত তথা বিধ্বস্ত কৰাৰ প্ৰয়াস কৰিছে । এয়া কাৰোবাৰ প্ৰৰোচনাত নে ধৰ্মীয় জ্ঞানৰ অজ্ঞতাৰ বাবে সেয়া বুজা নাযায়, কিন্তু যি কাৰণতে নহওক, তেখেত সকলৰ কাৰ্য্য সমূহ নিঃসন্দেহে ইছলাম বিৰোধী কাৰ্য্য । ইলেক্ট্ৰনিক ও ছপা মাধ্যম যোগে প্ৰচাৰিত বাতৰিৰ পৰা ইয়াকে কব পাৰি যে, ধৰ্মীয় অপ-ব্যাখ্যাৰে উক্ত লোক সকলে মানুহৰ ওপৰত চলোৱা সন্ত্ৰাসী কাৰ্য্যক “আল্লাহৰ ৰাস্তাত জিহাদ” বুলি কব বিচাৰিছে, ফলস্বৰূপে ইছলামৰ প্ৰকৃত ছবিখন মানুহৰ মনৰ পৰা মচ খাই যাব ধৰিছে, এই অৱস্থা ইমান দূৰলৈকে শিপাইছে যে কৰবাত হিংসাত্মক ঘটনা সংঘটিত হলেই বাতৰি ওলায়, এয়া ইছলামিক সন্ত্ৰাসবাদী বা জিহাদী কাৰ্য্য, পিছত লাগে সেয়া আন কোনোবা সংগঠনে কৰা বুলিয়ে প্ৰমাণ হওক । কোৰআণ মজিদৰ বাণী সমূহ মানুহৰ উত্তম জীবন নিৰ্বাহৰ দিগ-দৰ্শক, কিন্তু মুচলমান লোক সকলে উত্তম ভাবে জীবন নিৰ্বাহ কৰিব পাৰিছে নে ? আল্লাহে কোৰআন মজিদৰ ১৯ নং ছুৰা ‘মৰিয়ম’ৰ ৫৯ নং আয়াতত কৈছে – “চালাতৰ বিধ্বস্তি হ’ল জাতিৰ বিধ্বস্তি”, গতিকে আমি কব পাৰো যে মুচলমান লোক সকলে চালাতক বিধ্বস্ত কৰা বাবে আজি নিজেই বিধ্বস্ত হব ধৰিছে । চালাত হ’ল আল্লাহৰ বাবে কৰা এক উত্তম ইবাদত, ইয়াৰ অভিধানিক অৰ্থ – দোৱা, ৰহমত্, ক্ষমা প্ৰাৰ্থনা ইত্যাদি, পৰিভাষিক অৰ্থ – শ্বৰীয়ত নিৰ্দেশিত কাৰ্য্য প্ৰণালীৰ মাধ্যমত আল্লাহৰ ওচৰত বান্দাই কৰা ক্ষমা ভিক্ষা ও প্ৰাৰ্থনা । চালাতৰ গুৰুত্ব অনেক, কেইটামান উদাহৰণ এনে ধৰণৰ –
১) ইছলামত কলিমা শ্বাহাদত পাঠ কৰাৰ পিছতে চালাতৰ স্থান (মুত্তাফাক্ব আলাইহ্, মিছকাত হা/১৭৭২, যাকাত অধ্যায়্- ৬, পৰিচ্ছেদ – ১)
২) মিৰাজৰ ৰাতি চালাত ফৰজ হয়, ই ইছলামৰ শ্ৰেষ্ঠতম ইবাদত ((মুত্তাফাক্ব আলাইহ্, মিছকাত হা/৫৮৬২ – ৬৫, ফাযায়েল ও ছামায়েল্, অধ্যায় ২৯, ‘মিৰাজ্’ অনুচ্ছেদ – ৬)
৩) চালাত ইছলামৰ প্ৰধান স্তম্ভ্, ইয়াৰ অবিহনে ইছলাম টিকি নাথাকে (আহমদ্, তিৰমিযী, ইবনু মাজাহ্, মিছকাত হা/২৯, ‘ঈমান্’ অধ্যায়)
৪) চালাত হ’ল একমাত্ৰ ইবাদত যাৰ অভ্যাস ৭ বছৰ বয়সৰ পৰাই কৰিব লাগে (আবু দাউদ হা/২৪৭, মিছকাত হা/৫৭২, চালাত অধ্যায় – ৪, পৰিচ্ছেদ – ২)
৫) কোৰআন মজিদত সৰ্বাধিকবাৰ আলোচিত বিষয় চালাত (কোৰআনৰ ৮২ টা স্থানত চালাতৰ বিষয়ে উল্লেখ আছে)
৬) মুমিনৰ বাবে সৰ্বাবস্থাত পালনীয় ফৰজ হ’ল – ‘চালাত্’, যি আন ইবাদতৰ বেলিকা কৰা হোৱা নাই (ছুৰা বাকাৰাহ, ২/২৩৮ – ২৩৯, ছুৰা নিচা ৪/১০১ – ০৩)
৭) ইছলামত প্ৰথম যি ৰছী ছিন্ন হব্, সেয়া হ’ল শাসন ব্যবস্থা আৰু সৰ্বশেষত ছিন্ন হব চালাত (আহমদ্, ছহীহ ইবনু হিব্বান, আলবানী, ছহীহ আত্ব- তাৰগীব ৱাত তাৰহীব হা/৫৬৯)
৮) দুনিয়াৰ পৰা চালাত বিদায় লোৱাৰ পিছতে কিয়ামত হব (আলবানী, ছহীহ জামে ছাগীৰ হা/৫০৭৫, ৫৪৭৮)
৯) কিয়ামতৰ দিনা বান্দাৰ প্ৰথম হিচাপ লোৱা হব চালাতৰ (ছিলছিলা ছহীহা হা/১৩৫৮, আবু দাউদ হা/৮৬৪ – ৬৬, মিছকাত হা/১৩৩০, “ছালাতুত তছবীহ্” অনুচ্ছেদ – ৪০)
১০) মুমিন ও কাফিৰ্-মুশ্বৰিকৰ মাজৰ পাৰ্থক্য হ’ল চালাত (মুছলিম হা/১৩৪, ঈমান অধ্যায়, মিছকাত হা/৫৬৯, চালাত অধ্যায় – ৪, ইবনু মাজাহ হা/১০৮০)
১১) ইব্ৰাহীম (আঃ) য়ে আল্লাহৰ ওচৰত নিজৰ বাবে ও নিজ সন্তান সকলৰ বাবে চালাত কায়েমকাৰী হোৱাৰ প্ৰাৰ্থনা কৰিছিল (ছুৰা ইব্ৰাহীম ১৪/৪০)
১২) মৃত্যুৰ সময়ত ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ শেষ অছীয়ত আছিল, চালাত ও নাৰী জাতি সম্পৰ্কে (ইবনু মাজাহ হা/২৬৯৮, অছিয়ত সমূহ অধ্যায়; আবু দাউদ হা/৫১৫৬ শিষ্টাচাৰ অধ্যায়, অনুচ্ছেদ – ১৩৩)
চালাতৰ উপৰোক্ত গুৰুত্ব সমুহৰ প্ৰতি লক্ষ্য ৰাখি আমি শীঘ্ৰে চালাত কায়েম কৰা উচিত, হেফাজত কৰা উচিত যাতে আমাকো আল্লাহে বিধ্বস্ত নোহোৱাকৈ হেফাজতত ৰাখে, আমীন ।

— Ikramul hussain