নিৰ্মাণ বনাম ব্যৱহাৰ

☞☞ নিৰ্মাণ বনাম ব্যৱহাৰ ☜☜
আলহামদুলিল্লাহ , আমাৰ প্ৰত্যেকৰে নিজৰ এলেকাৰ মছজিদটি আটক ধুনীয়াকৈ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সমাজৰ প্ৰায় সকলো ব্যক্তিৰেই সহযোগিতা তথা অংশগ্ৰহণ সঁচাকৈয়ে প্ৰসংশনীয় !! কিন্তু দূৰ্ভাগ্যজনক বিষয় যে নিৰ্মাণ কাৰ্য্য সমাপ্ত হোৱাৰ পাছত এই মছজিদ সমূহত পাঁচ ৱক্ত চালাতত কাতাৰ পূৰ্ণ কৰাৰ মুছল্লীৰ অভাৱ পৰিলক্ষিত হয় । বিশেষভাৱে অসমৰ প্ৰায়বোৰ মছজিদতেই ফজৰৰ ৱক্তত চালাত আদায়কাৰীৰ উপস্থিতি হৃদয়বিদাৰক !! আমি বুজিবলৈ চেষ্টা কৰা উচিত যে আটক ধুনীয়া মছজিদটি নিৰ্মাণ কৰা আমাৰ তেতিয়াহে সাৰ্থক হব, যেতিয়া মছজিদটিয়ে উপযুক্ত ব্যৱহাৰৰ মৰ্য্যদা পাব !
আহকচোক আমি প্ৰত্যেকেই এবাৰ দলীল ভিত্তিক ভাবে চাবলৈ চেষ্টা কৰোঁ যে – আল্লাহে মছজিদত চালাত আদায় কৰাৰ কিমান ফজিলত দান কৰিছে —
১] নবী চল্লাল্লাহু আলাইহি অছাল্লামে কৈছে : আল্লাহৰ দৃষ্টিত প্ৰিয়তম স্থান হৈছে মছজিদ আৰু নিকৃষ্টত্বম স্থান হৈছে বজাৰ ( মুচলীম , মিশকাত হাঃ/৬৯৬ )।
২] যি ব্যক্তিয়ে পুৱা গধূলি চালাতৰ বাবে মছজিদলৈ যাতায়ত কৰে , আল্লাহে তেনে ব্যক্তিৰ বাবে জান্নাতত মেহমানদাৰী প্ৰস্তুত কৰি ৰাখে ( মুত্তাফাক্ব আলাইহি , মিশকাত হাঃ/ ৬৯৮)।
৩] সেইজন ব্যক্তি বেছি নেকীপ্ৰাপ্ত হয় যি আটাইতকৈ বেছি দূৰৰ পৰা মছজিদলৈ আহে আৰু বেছি পুৰস্কৃত হয় যি আগে আহি চালাতৰ বাবে অপেক্ষা কৰি থাকি ইমামৰ সৈতে চালাত আদায় কৰে ( মুত্তাফাক্ব আলাইহি , মিশকাত হাঃ/ ৬৯৯ )
৪] কিয়ামতৰ দিনা আল্লাহৰ ছত্ৰচায়াত যি সাতপ্ৰকাৰ মানুহে আশ্ৰয় পাব, তাৰে একপ্ৰকাৰ লোক হৈছে যাৰ মন সকলো সময়তে মছজিদৰ প্ৰতি আকৰ্ষিত হৈ থাকে আৰু যেতিয়াই মছজিদৰ পৰা ওলাই যায় আকৌ পুনৰ মছজিদলৈ ঘূৰি আহে ( মুত্তাফাক্ব আলাইহি , মিশকাত হাঃ/৭০১ )।
৫] নবী চল্লাল্লাহু আলাইহি অছাল্লামে কৈছে : অন্য মছজিদত চালাত আদায় কৰাতকৈ মোৰ মছজিদত আদায় কৰা এহেজাৰ গুণে উত্তম আৰু মছজিদে হেৰেমত আদায় কৰা এক লক্ষ গুণে উত্তম ( মিশকাত হাঃ/৬৯২ , ইবনে মাজাহ হাঃ/ ১৪০৬, আহমদ হাঃ/ ১৪৭৩৫ )।
আল্লাহৰ এনে নিয়ামত ভৰা ফজিলত সমূহ উপলব্ধি কৰি আমাক সকলোকে মছজিদত চালাত আদায় কৰাৰ তৌফিক দান কৰক । । । । । । আমীন । । । । ।

— Muktabul Hussain

Leave a comment