হান বাণী

⏰⏰ মহান বাণী ⏰⏰
বুৰঞ্জীয়ে সাক্ষী দিয়া বিদ্বান লোকসকলৰ জীৱন আদৰ্শৰে অনুপ্ৰাণিত হবলৈ হলে তেখেতসকলৰ মহান বাণী সমূহক আমি উপযুক্ত মূল্যায়ন কৰিব লাগিব । ইছলামীয় বুৰঞ্জী অলংকৃত কৰা এনে কেইগৰাকীমান বিশ্ব প্ৰসিদ্ধ মহান ব্যক্তিৰ মহান বাণীক আমি প্ৰকৃততে কিমান গুৰুত্ব দিছো, আহকচোন আমি এবাৰ নিজকে বিবেচনা কৰাৰ চেষ্টা কৰোঁ —
১] ” কোনো ব্যক্তিৰ বাবে মোৰ এনে কোনো কথাই গ্ৰহণ কৰাটো হালাল নহয় , যি নাজানে যে মই এই কথা ক’ৰ পৰা গ্ৰহণ কৰিছো “- ইমাম আবু হানিফা ( ৰহঃ) [ ইবনুল ক্বাইয়িম, ই’লামুল মুআক্কেঈন আন ৰাব্বিল আলামিন, ২য় খণ্ড , পৃষ্ঠা ৩০৯ )।
২] ” যেতিয়া তুমি মোৰ যি কোনো কথা হাদীছৰ বিৰোধী দেখা পাবা, তেতিয়া তোমালোকে হাদীছৰ কথা গ্ৰহণ কৰিবা আৰু মোৰ কথা দেৱালত দলিয়াই দিবা “- ইমাম শ্বাফেই ( ৰহঃ) [ আল-খুলাছা ফী আছবাবিল ইখতিলাফ, পৃষ্ঠা ১০৮ ; শ্বাহ অলিউল্লাহ দেহলভী , ইকদুল জিদ ফী আহকামিল ইছতিহাদ ওয়াত ত্বাকলীদ , পৃষ্ঠা ২৭ ]
৩] ” যেতিয়া হাদীছ চহীহ হব সেইটোৱেই মোৰ মজহব “- ইমাম আবু হানিফা ( ৰহঃ) [
মিযানুল কুবৰা, ১ম খণ্ড পৃষ্ঠা ৩০ )।
৪] ” নিশ্চয় যি আলীমে হাদীছৰ চহীহ-জয়ীফ, নাছিখ-মানচুখ নাজানে তেওঁক আলীম বুলি কব নোৱাৰি “- ইমাম আহমদ বিন হাম্বল (ৰহঃ) [ মাৰেফাতু উলুমিল হাদীছ , পৃষ্ঠা ৬০ )।
৫] ” হাদীছ মিছা বুলি প্ৰমাণিত হোৱাৰ স্বত্তেও যি তাৰ ওপৰত আমল কৰি থাকিব তেনে লোক চয়তানৰ খাদিম “- মুহাদ্দীচ যায়েদ বিন আছলাম (ৰহঃ) [ তাযকিৰাতুল মা’ওযুআত, পৃষ্ঠা ৭)।
আল্লাহে আমাক সকলোকে এনে বাস্তৱিক মহান বাণী সমূহ আমাৰ বিবেকেৰে উপলব্ধি কৰি সঠিক পথেৰে আগুৱাই যোৱাৰ তৌফিক দান কৰক ……….. আমীন ।

— Muktabul Hussain

Leave a comment