স্ববিৰোধীতা

” !!! স্ববিৰোধীতা !!!
إِذَا صَحٌَ الْحديْث فَهُوَ مَذْهَبِي “-
অৰ্থাৎ যেতিয়া হাদীছ চহীহ হয় সেইয়াই মোৰ মাজহাব “- ইমাম আবু হানিফা (ৰহঃ) [ মিযানুল কুবৰা, প্ৰথম খণ্ড , পৃষ্ঠা ৩০ ]।
এই উক্তিৰ দ্বাৰা ইমাম আবু হানিফা ( ৰহঃ) অতি স্পষ্ট ভাষাৰে কৈছে যে তেখেতৰ মাজহাব চহীহ হাদীছ । সেয়েহে যি সকলে চহীহ হাদীছ মানি চলিছে , তেখেত সকলেহে সঁচা অৰ্থত ইমাম আবু হানিফা (ৰহঃ) ৰ এই গুৰুত্বপূৰ্ণ কথাক প্ৰকৃত সন্মান দিছে !
অতি আৰ্শ্চয্য জনক বিষয় যে সাম্প্ৰতিক প্ৰেক্ষাপটত দেখা গৈছে যে যি সকলে এই মহান ইমাম গৰাকীৰ কথা মানি চলি চহীহ হাদীছ অনুসৰি আমল কৰাৰ চেষ্টা কৰিছে, তেখেতসকলক ইমাম বিৰোধী / লা-মাজহাবী ইত্যাদি ইত্যাদি বিভিন্ন বিশেষণেৰে বিভূষিত কৰিছে । কিন্তু যি সকলে এই মহান ইমাম গৰাকীৰ এনে গুৰুত্বপূৰ্ণ মন্তব্যৰ প্ৰয়োজনবোধ নকৰি চহীহ হাদীছৰ পৰিৱৰ্তে জয়ীফ / জাল হাদীছ অনুসৰিহে অধিকত্বম আমল কৰা দেখা যায়, তেওঁলোক হৈ পৰিল মজহবে হানাফী !! অৰ্থাৎ ইমাম আবু হানিফা ( ৰহঃ) ৰ মন্তব্য অনুসৰি আমল কৰাৰ একমাত্ৰ দাবীদাৰ !!
স্ববিৰোধী এনে বিষয়ৰ ত্বথ্যভিত্তিক গ্ৰহণযোগ্য বিশ্লেষণ কামনা কৰিলোঁ ..

— Muktabul Hussain

Leave a comment