আমাৰ দেশত প্রচলিত বিভিন্ন কথিত ধর্মীয় কিতাপত অজুৰ পূর্বে পাঠ কৰাৰ কাৰণে তলৰ দু’আটি শিকোৱা হয়-
উচ্চাৰণ:- ‘বিছমিল্লাহিল আলিউল আযীম, ওৱালহামদুলিল্লাহ আলা দ্বীনিল ইছলাম, আল ইছলামু হাক্কুন ওৱাল কুফৰি বাতিলুন, ওৱাল ইছলামু নুৰুন ওৱাল কুফৰু জুলমাতুন।’ (মাওলানা গোলাম ৰহমান, মকছুদুল মোমিনীন- ১২৭ পৃঃ)।
* ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পদ্ধতি-
উল্লেখিত দু’আটি বনোৱা বা জাল। ইয়াৰ কোনো ছহীহ ভিত্তি নাই। তাৰোপৰি ‘বেহেস্তি জেওৰ’ আৰু উল্লেখিত ‘মকছুদুল মোমিনীন’ সহ বিভিন্ন প্রচলিত কিতাপত অজুৰ প্রত্যেক অঙ্গ ধোৱাৰ সময়ত পাঠ কৰাৰ কাৰণে বিশেষ দু‘আৰ কথা উল্লেখ কৰা হৈছে। যেনে- হাত ধোৱা, কুল্লি কৰা, নাক পৰিষ্কাৰ কৰা ইত্যাদি। অথচ এই দু‘আসমূহৰ কোনো ছহীহ দলিল নাই। যি হাদীছৰ ওপৰত ভিত্তি কৰি কোৱা হয় তাৰ সকলোবোৰেই বনোৱা বা জাল। ইমাম দাৰাকুতনী, ইমাম নববী, ইমাম চূযুতী, মোল্লা আলী ক্কাৰী হানাফী ও অন্যান্য সকলো মুহাদ্দিছেই হাদীছটিক জাল আৰু ভিত্তিহীন বুলি উল্লেখ কৰিছে। (নববী, আল-আযকাৰ- ৫৭ পৃঃ, ইবনুল কাইয়েম, আল-মানাৰুল মুনিফ- ১২০ পৃঃ, আল ক্কাৰী, আল-আশ্ৰাৰুল মাৰফূআ- ৩৪৫, গৃহীত, হাদীছৰ নামত জালিয়াত- ৩৬৪ পৃঃ)। আবু হুৰায়ৰাহ্ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে- ‘‘সেই ব্যক্তিৰ ছালাত নহয়, যাৰ অজু নাই আৰু যি ব্যক্তিয়ে অজুৰ সময়ত ‘বিছমিল্লাহ’ নকয়, তাৰ অজু নহয়। (ছহীহ মুছলিম ২/৩২, তিৰমিযী হা/২৫, ইবনু মাজাহ হা/৩৯৭, আবু দাউদ হা/১০১, মিশকাত ২/৩৭০, আহমাদ হা/৯৪১৮, ইৰওৱাউল গালীল হা/১২২)।