যিসকল আপোনালোকে লাভ ডে, ৰোজ ডে, কিছ ডে, হাগ ডে, প্ৰপোচ ডে, ইত্যাদি ডে লৈ উদ্বিগ্ন হৈ আছে চিন্তাৰ একোৱেই নাই, আমি সকলোৱে আপোনালোকক লৈ এটা ডে’-ৰ বাবে উদ্বিগ্ন হৈ আছো!

যিসকল আপোনালোকে লাভ ডে, ৰোজ ডে, কিছ ডে, হাগ ডে, প্ৰপোচ ডে,  ইত্যাদি ডে লৈ উদ্বিগ্ন হৈ আছে চিন্তাৰ একোৱেই নাই, আমি সকলোৱে আপোনালোকক লৈ এটা ডে’-ৰ বাবে উদ্বিগ্ন হৈ আছো!

আজি তো এটা ডে আহোতে নাহোতেই সেই ডে’টো নিমিষেই শেষ হৈ যায়। কিন্তু আমি সকলোৱে যি ডে লৈ চিন্তিত সেয়া মুহুর্তত ভিতৰত  নেহেৰায়। কিয়নো, পৃথিৱীৰ এদিন বা দুদিন বা এশ দিনৰ সমান সেই ডে’টো নহয়।। কিমান হব পাৰে জানে? নাজানিলে আল্লাহ জনাই দিছে শুনক —

ফিৰিস্তাসকল আৰু ৰূহ এনে এটা দিনত আল্লাহৰ দিশে ঊৰ্ধ্বগামী হয়, যাৰ পৰিমাণ পঞ্চাশ হাজাৰ বছৰ।(ছুৰাঃ আল-মা’ৰিযঃ ৪)

হয়, ৫০ হাজাৰ বছৰ সমান এদিন ? কি পোষাব নে ?

সমস্যা নাই সেইদিনা আপোনাৰ নিজৰ কোনো কথা ক’ব  নালাগে। জনাব নালাগে, বুজাব  নালাগে। আপোনাৰ হাত আৰু ভৰিয়ে আল্লাহৰ লগত কথা ক’ব। কি বিশ্বাস হোৱা নাই ? তেনেহলে চাওঁক আল্লাহ কি কয় —

আজি আমি সিহঁতৰ মুখত মোহৰ মাৰি দিম, সিহঁতৰ হাতে আমাৰ লগত কথা পাতিব আৰু সিহঁতৰ ভৰিয়ে সাক্ষ্য দিব সিহঁতৰ কৃতকৰ্মৰ।(ছুৰাঃ ইয়াছীনঃ ৬৫)

ডে পালনৰ বাবে অৱশ্যই ভাল ওয়েদাৰ (Weather) প্রয়োজন। গৰমত ডে ছেলিব্রেট কৰি ভাল নালাগে।। আৰু সেয়েহে আল্লাহ সেইদিনক সঁজাই দিছে এক বীভৎস ৰূপ দি, তেওঁ জনাই দিছে আমাক —
.
► আকাশ কেনেকুৱা হব সেদিনা-

সেইদিনা আকাশ হৈ যাব গলিত ধাতুৰ দৰে ৷(ছুৰাঃ আল-মা’ৰিযঃ ৮)

►পর্বত সমূহ কেনেকুৱা হব সেদিনা —

আৰু পৰ্বতসমূহ হৈ যাব ৰঙ-বিৰঙৰ ঊণৰ দৰে ৷(ছুৰাঃ আল-মা’ৰিযঃ ৯)

► সেদিনা আপোনাৰ প্রিয় বন্ধু/বান্ধৱী কি কৰিব —

“আৰু কোনো অন্তৰঙ্গ বন্ধুৱে অন্তৰঙ্গ বন্ধুৰ খা-খবৰ নুসুধিব,সিহঁতক ইজনে-সিজনৰ দৃষ্টিগোচৰ কৰোৱা হ’ব। অপৰাধীয়ে সেইদিনৰ শাস্তিৰ বিনিময়ত দিব বিচাৰিব তাৰ সন্তান-সন্ততিক,আৰু তাৰ স্ত্ৰী আৰু ভাতৃক,আৰু তাৰ জাতি-গোষ্ঠিক, যিসকলে তাক আশ্ৰয় দিছিল,
আৰু পৃথিৱীত যিসকল আছে সেই সকলোকে, যাতে এই বিনিময়ে তাক মুক্তি দিয়ে।“(ছুৰাঃ আল-মা’ৰিযঃ ১০-১৪)

কিন্তু আল্লাহ জনাই দিছে-

কেতিয়াও নহয়, নিশ্চয় এইটো লেলিহান জুই,
যিয়ে মূৰৰ ছাল খহাই পেলাব।(ছুৰাঃ আল-মা’ৰিযঃ ১৫-১৬)

(অনুৰোধ থাকিল ছুৰাঃ আল- মা’ৰিয আৰম্ভ পৰা  শেষ লৈকে পঢ়ি চাব!)

লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহ! লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহ! লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহ!

সেইদিনৰ দিৱসটোক ভয় কৰক যি দিৱসটোত কোনো কাৰো উপকাৰত  নাহিব। সন্দেহৰ বেৰ জাল ভেদ কৰি সত্যৰ ফালে আগুৱাই আহঁক, আপুনি কি ভাৱে —

”মানুহে ভাৱে নেকি যে, আমি কেতিয়াও তাৰ অস্থিসমূহ একত্ৰিত কৰিব নোৱাৰিম? কিয় নোৱাৰিম, আমি তাৰ আঙুলিৰ অগ্ৰভাগসমূহকো (পাববোৰকো) পুনৰ্বিন্যস্ত কৰিবলৈ সক্ষম।”(ছুৰাঃ কিয়ামাহঃ ৩-৪)

যিয়ে আপোনাক সৃষ্টি কৰিছে তেওঁ কি আপোনাক সৃষ্টি কৰিব অক্ষম ? যিয়ে আপোনাক সৃষ্টি কৰিছে যেতিয়া আপুনি একোৱেই  নাছিল। আল্লাহ চুবাহানাহু ওয়া তা’আলা কৈছে —

“মানুহে ভাৱে নেকি যে, তাক এনেই এৰি দিয়া হ’ব? সি বীৰ্যৰ শুক্ৰবিন্দু নাছিলনে, যিটো স্খলিত হয়?তাৰ পিছত সেইটো ‘আলাক্বাত’ পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে।(ছুৰাঃ কিয়ামাহঃ ৩৬-৩৮)

আল্লাহ আপোনাৰ মন সম্পর্কে সর্বাধিক অৱগত তেওঁ ভাল কৰি জানে আপুনি কি বিচাৰে ? উপদেশ ,বুদ্ধিমান, বিচক্ষন, জ্ঞানী, মুমিনসকলৰ বাবে কামত দিয়ে। আপোনাৰ বাবে কিমানখিনি ফলপ্রসূ হব আল্লাহ ভাল কৰি জানে.. আপোনাৰ মনৰ ইচ্ছাবোৰ এয়া নহয় তো, যি আল্লাহ  কৈছে—

“বৰং মানুহে তাৰ ভৱিষ্যতেও পাপকৰ্ম কৰিবলৈ বিচাৰে।”(ছুৰাঃ কিয়ামাহঃ ৫)

মোৰ কথাত সন্দিহান হৈ প্রশ্ন উত্থাপন কৰিছে নেকি মনত–

“সি প্ৰশ্ন কৰে, কিয়ামত দিনটো কেতিয়া আহিব?“(ছুৰাঃ কিয়ামাহঃ ৬)

আপুনি যি ভাৱে সেয়া কিভাৱে কুৰআনৰ সৈতে মিলি যায় হয়নে? আল-কুৰআনৰ মাপকাঠিত নিজক যাচাই কৰিবলৈ অনুৰোধ থাকিল ছুৰাঃ কিয়ামাহটো আৰম্ভ পৰা শেষ লৈকে পঢ়াৰ।

#বিচাৰ_দিৱস #কিয়ামত #পুনৰুত্থান_দিৱস
.

Leave a comment