সর্বশ্রেষ্ট দুআ হ’ল আৰাফাতৰ দিনাৰ দুআ-

সর্বশ্রেষ্ট দুআ হ’ল আৰাফাতৰ দিনাৰ দুআ-
—————————————————————————-
আৰাফাতৰ দিনা দুপুৰীয়াৰ পৰা সূর্যাস্ত পর্যন্ত আৰাফাতৰ ময়দানত অৱস্থান কৰি আল্লাহৰ যিকৰ ও দুআত কটোৱাটোৱেই মূলত হজ্জ।
যিসকলে হজ্জলৈ গৈছে তেওঁলোকে এই বিষয়ে খেয়াল ৰাখিব। অযথা সময় নষ্ট নকৰিব। যথাসাধ্য অকলশৰীয়া হৈ জীৱনৰ সকলো পাপ স্মৰণ কৰি নিজকে দুনিয়াৰ সকলোতকৈ পাপী বুলি ভাৱি আল্লাহৰ ওচৰত দুআ ও ইস্তিগফাৰ কৰিব। ভাগৰ লাগিলে আল্লাহৰ যিকৰ কৰিব।
ৰাছূলুল্লাহে (চালল্লাহু আলাইহি ওৱা ছাল্লাম) কৈছে:
خَيْرُ الدُّعَاءِ دُعَاءُ يَوْمِ عَرَفَةَ وَخَيْرُ مَا قُلْتُ أَنَا وَالنَّبِيُّونَ مِنْ قَبْلِي لا إِلَهَ إِلاَّ اللَّهُ وَحْدَهُ لا شَرِيكَ لَهُ لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ
“সর্বশ্রেষ্ট দুআ হ’ল আৰাফাতৰ দিনৰ দুআ¸ মই আৰু মোৰ পূর্বৰ নবীসকলে সর্বশ্রেষ্ঠ যি কথাটি কৈছে সেইটো হ’ল:
লা ইলাহা ইল্লাল্লাহু ওৱাহদাহু লা শ্বাৰীকা লাহু, লাহুল মুলকু ওৱালাহুল হামদু ওৱাহুৱা আলা কুল্লি শ্বাইয়িন কাদীৰ।
অৰ্থ- আল্লাহৰ বাহিৰে কোনো মাবূদ নাই, তেওঁ একক, তেওঁৰ কোনো শ্বৰীক নীই। ৰাজত্ব তেওঁৰেই, আৰু প্রশংসা তেওঁৰেই আৰু তেওঁ সকলোৰে ওপৰত ক্ষমতাৱান।”
[তিৰমিযী, আচ-ছুনান ৫/৫৭২; আলবানী, ছহীহহুত তাৰগীব ২/১০৬। হাদীছটি হাছান।]

— Abu atika

Leave a comment