ছহীহ বুখাৰী হা/৬৫৪১. ইবনু ‘আব্বাছ (ৰাঃ)-ৰ পৰা বর্ণিত। তেওঁ কৈছে, নবী চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছেঃ পূৰ্বৰ উম্মাতসকলক মোৰ সন্মুখত পেচ কৰা হয়। কোনো নবীয়ে তেওঁৰ বহু উম্মাতক লগত লৈ গৈছে। কোনো নবীৰ লগত তাতকৈ সৰু দল। কোনো নবীৰ লগত আছে দহজন উম্মাত। কোনো নবীৰ লগত আছে পাঁচজন। আকৌ কোনো নবী অকলে গৈছে। দৃষ্টি দিওঁতেই, হঠাৎ দেখিলো বহুত ডাঙৰ এটি দল। প্ৰশ্ন কৰিলোঃ হে জিব্রীল! তেওঁলোক মোৰ উম্মাত নেকি? তেওঁ ক’লে, নহয়। কিন্তু আপুনি শেষৰ ফালে লক্ষ্য কৰক! মই লক্ষ্য কৰিলো, হঠাৎ দেখিলো বহুত ডাঙৰ এটি দল। তেওঁ ক’লে, তেওঁলোক আপোনাৰ উম্মাত। আৰু তেওঁলোকৰ অগ্রৱর্তী সত্তৰ হাজাৰ লোকৰ কোনো হিচাব নহ’ব, তেওঁলোকৰ কোনো আযাব নহ’ব। মই ক’লো, কাৰণ কি! তেওঁ ক’লে, তেওঁলোকে শৰীৰত দাগ লগোৱা নাছিল, জৰা-ফুকাৰ আশ্রয় লোৱা নাছিল আৰু শুভ-অশুভ লক্ষণ মানা নাছিল, আৰু তেওঁলোকে কেৱল তেওঁলোকৰ প্রতিপালকৰ ওপৰতেই নির্ভৰ কৰিছিল। তেতিয়া উক্কাশ্বা ইবনু মিহছানে নবী চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ ফালে থিয় হৈ ক’লে, আপুনি মোৰ কাৰণে দু‘আ কৰক আল্লাহে যেন মোক তেওঁলোকৰ অন্তর্ভুক্ত কৰে। ৰাছূলুল্লাহ্ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে ক’লেঃ ‘‘হে আল্লাহ্ তুমি তেওঁক তেওঁলোকৰ অন্তর্ভুক্ত কৰা।’’ ইয়াৰ পিছত আন এজনে থিয় হৈ ক’লে, মোৰ কাৰণে দু‘আ কৰক আল্লাহে যেন মোক তেওঁলোকৰ অন্তর্ভুক্ত কৰে। ৰাছূলুল্লাহ্ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে ক’লেঃ এই ক্ষেত্ৰত উক্কাশ্বাই তোমাৰ আগতে গুচি গৈছে।[আধুনিক প্রকাশনী- ,৬০৯০ ইছলামিক ফাউণ্ডেচন- ৬০৯৮)