بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম
আমাৰ অসমৰ বিভিন্ন অঞ্চলত বহুত কুসংস্কাৰ প্রচলিত হৈ আছে। যিবোৰ প্রতিদিনাই মানুহে বিভিন্ন কামত ব্যৱহাৰ কৰি থাকে। এই সমূহৰ প্রতি বিশ্বাস কৰা ঈমানৰ বাবে মাৰাত্মক ক্ষতিকাৰক। তাৰে কিছু হ’ল শ্বীৰ্ক আৰু স্পষ্ট জাহেলিয়াত। আকৌ কিছু হ’ল সাধাৰণ বিবেক বিৰোধী, অবৈজ্ঞানিক আৰু ৰীতিমতে হাস্যকৰো। মূলতঃ বজাৰত ‘কি কৰিলে কি হয়’ এনে নামেৰে প্ৰচলিত কিছু কিতাপেই এইবোৰ সৰবৰাহকাৰী। অশিক্ষিত কিছু মানুহে অন্ধবিশ্বাসত এইবোৰ লালন কৰি থাকে। সেয়েহেই এই ক্ষেত্ৰত সচেতন হোৱা জৰুৰী। মানুহৰ মাজত সচেতনতা সৃষ্টিৰ উদ্দেশ্যৰেই তলত সমাজত প্রচলিত কিছু কুসংস্কাৰ তুলি ধৰা হ’লঃ
১) সৰু লৰা-ছোৱালীৰ দাঁত সৰিলে ইন্দুৰৰ গাতত দাঁত পেলাই কিছুমান চিল্কা কোৱা হয়৷
২) ঘৰত বহি কথা পাতোতে হঠাৎ জেঠিৰ শব্দ শুনা গ’লে এজনে আনজনক কয়- “বন্ধু তোৰ কথা সত্য, কাৰণ চাইছা নে, জেঠিয়ে ঠিক ঠিক বুলি কৈছে।”
৩) বন্ধু মহলত কেইবাজনে বহি কথা-বতৰা পাতোতে আৰু কোনো অনুপস্থিত সম্পর্কে কথা কওঁতেই সেইজন যদি উপস্থিত হয়, কোৱা হয় যে “বন্ধু তোৰ হায়াত আছে।” কাৰণ অলপ আগতেই তোৰ কথা কৈছিলো।
৪) চৰাইয়ে মাতিলে কোৱা হয় ইষ্টি কুটুম (আত্মীয়) আহিব।
৫) কোনো ব্যক্তি ঘৰৰ পৰা উলোৱাৰ পাছত যদি তেওঁৰ সন্মুখত খালি কলহ পোৱা যায় বা কোনোবাই খালি কলহ লৈ তেওঁৰ সন্মুখেদি অতিক্রম কৰে তেন্তে সি যাত্রা বন্ধ কৰি দিয়ে, কোৱা হয়- মোৰ যাত্রা আজি শুভ নহ’ব।
৬) কোৱা হয়, কোনোবাই ঘৰৰ পৰা উলোৱাৰ পাছত পিছফালে ঘূৰি চোৱা নিষেধ। তাত হেনো যাত্রা ভঙ্গ হয় বা অশুভ হয়। পিছফালৰ পৰা মাত দিলে যাত্রা অশুভ হ’ব৷
7) খোৱাৰ সময়ত যদি কাৰোবাৰ ঢেকুৰ আহে বা মূৰৰ তালু্লৈ খাদ্য উঠি যায়, তেতিয়া এজনে অন্য এজনক কয়, বন্ধু তোক কোনোবাই স্মৰণ কৰিছে বা কোৱা হয় তোক গালি দিছে।
৮) বৃষ্টিৰ সময়ত ৰ’দ দেখা গ’লে কোৱা হয় কণা শিয়ালৰ বিয়া।
৯) ভাই-ভনী মিলি মুৰ্গী জবেহ কৰিব পৰা নাযাব।
১০) ঘৰৰ ময়লা পানী ৰাতিত বাহিৰলৈ পেলাব পৰা নাযাব।
১১) ভেকুলীয়ে মাতিলে বৰষুণ আহিব।
১২) কোৰআন মাজীদ হাতৰ পৰা পৰি গ’লে আড়ই কেজি চাউল দিব লাগিব।
১৩) পৰীক্ষা দিবলৈ যোৱাৰ পূর্বে কণী খাব পৰা নাযাব। নহ’লে পৰীক্ষাত কণী (গোল্লা) পাব।
১৪) মুৰ্গীৰ মূৰ খালে মা-দেউতাৰ মৃত্যু দেখা নাপাব।
১৫) যোৰ কলা খালে যোৰ সন্তান জন্ম দিব।
১৬) ৰাতিত বাঁশ কাটিব পৰা নাযাব।
১৭) ৰাতিত গছৰ পাত চিঙিব পৰা নাযাব।
১৮) ঘৰৰ পৰা বাহিৰ হোৱাৰ সময়ত বিধবা নাৰী চকুত পৰিলে যাত্রা অশুভ হ’ব।
১৯) ঘৰৰ চৌকাঠত বহিব পৰা নাযাব।
২০) মহিলাসকলৰ মাহেকীয়া অৱস্থাত সেউজীয়া কাপোৰ পৰিধান কৰিব লাগিব। তাইৰ হাতৰ একোয়েই খাব পৰা নাযাব।
২১) বিধবা নাৰী বগা কাপোৰ পৰিধান কৰিব লাগিব।
২২) ভঙা দাপোনত চেহাৰা দেখিব পৰা নাযাব। এনে কৰিলে চেহেৰা নষ্ট হৈ যাব।
২৩) সোঁ-হাতৰ তালু খোজালে টকা আহিব আৰু বাওঁ হাতৰ তালু খোজালে বিপদ আহিব।
২৪) নতুন কাপোৰ পৰিধান কৰাৰ পূর্বে জুইত ছেকি পিন্ধিব লাগিব।
২৫) নতুন কাপোৰ পৰিধান কৰাৰ পাছত পিছফালে ঘূৰি চাব নাপাই।
২৬) চকুত কোনো সৰু গুটি হ’লে সৰু লৰাৰ নুনু(লিংগ) লগালে সুস্থ হৈ যাব।
২৭) আহিন মাহত নাৰী বিধবা হ’লে আৰু কোনো দিনেই বিবাহ নহ’ব।
২৮) ঔষধ খোৱাৰ সময়ত ‘বিছমিল্লাহ’ কলে ৰোগ বাঢি যাব।
২৯) ৰাতিত কাকো বেজী-সূতা দিব নোৱাৰি।
৩০) গেঞ্জি ও গামুছা চিঙি গ’লে চিলাই কৰিব নোৱাৰি।
৩১) খালি ঘৰত সন্ধিয়া সময়ত বাতি দিব লাগে। নহ’লে ঘৰত বিপদ আহে।
৩২) মেকুৰী মাৰিলে আড়ই কেজি লৱণ দিব লাগে।
৩৩) সৰু বাচ্চাসকলৰ হাতত লোহা পৰিধান কৰাব লাগে।
৩৪) ৰুমাল, ছাতি, হাত ঘড়ি ইত্যাদি কাকো ধাৰ স্বৰূপ দিব পৰা নাযাব।
৩৫) উজটি খাই পৰি গ’লে ভাগ্যত দুর্ভোগ আছে।
৩৬) হাতৰ পৰা প্লেট পৰি গলে মেহমান আহিবে।
৩৭) নতুন স্ত্রীয়ে কোনো ভাল কাম কৰিলে শুভ লক্ষণ।
৩৮) নতুন স্ত্রীক নৰম স্থানত বহিব দিলে মেজাজ নৰম থাকিব।
৩৯) কাউৰীয়ে মাতিলে বিপদ আহিব।
৪০) অমুক চৰায়ে মাতিলে মানুহৰ মৃত্যু হয়।
৪১) ফেচাঁই মাতিলে বিপদ আহে।
৪২) এজনে অন্য এজনৰ সৈতে মূৰত খুন্দা খালে দ্বিতীয় বাৰো খুন্দা দিব লাগে৷
৪৩) ভাত প্লেটত লোৱাৰ সময়ত এবাৰেই ল’ব নাপায়।
৪৪) নতুন জোৱাঁই বজাৰ নকৰা পর্যন্ত একেই খানা খোৱাব লাগে।
৪৫) নতুন স্ত্রীক স্বামীৰ ঘৰত প্রথম পর্যায়ত আড়ই দিন অৱস্থান কৰিব লাগে।
৪৬) পিপৰা বা জল পোক খালে সাতুঁৰ শিকিব।
৪৭) দাঁত উঠোতে বিলম্ব হ’লে সাত ঘৰৰ পৰা চাউল উঠাই সেয়া ৰান্ধি কাউৰীক খুৱাব আৰু নিজেও খাব লাগিব।
৪৮) ৰাতিপূৱা টোপনীৰ পৰা উঠিয়েই ঘৰ ঝাড়ু দিয়াৰ পূর্বে কাকো একোয়েই দিব পৰা নাযাব।
৪৯) ৰাতিত কোনো লেন-দেন কৰিব পৰা নাযাব।
৫০) ৰাতিপূৱা দোকান খুলিলে যাত্রা (নগদ বিক্রি) নকৰি কাকো বাকী দিব পৰা নাযাব। তেতিয়াহ’লে গোটেই দিন বাকীয়েই যাব।
৫১) দাঁড়ী-পাল্লা, মাপাৰ বস্তু ভৰীত লাগিলে বা হাতৰ পৰা তলত পৰি গ’লে ছেলাম কৰিব লাগিব, ন’হলে লক্ষ্মী ঘূৰি যাব।
৫২) গাহৰীৰ নাম মুখত ল’লে ৪০দিন মুখ নাপাক থাকে।
৫৩) ৰাতিত কাকো চুণ ধাৰ দিওঁতে চুণ নকৈ দৈ ক’ব লাগে।
৫৪) কোনো ফছলৰ মাটিত বা ফল গছত যাতে নজৰ নালাগে সেই বাবে মাটিত বগা-কলা ৰং কৰি কিবা উলুমাই ৰাখিব লাগিব৷
৫৫) বিনা ওযুত বড় পীৰ (!!) আব্দুল কাদেৰ জিলানীৰ নাম ল’লে আড়ইটা নুম সৰি যাব।
৫৬) নখ চুলি কাটি মাটিত দফন কৰিব লাগে কিয়নো কিয়ামতৰ দিনা সেইবোৰ বিচাৰি বাহিৰ কৰিব লাগিব।
৫৭) মহিলাসকলে হাতত বালা বা চুড়ি নিপিন্ধিলে স্বামীৰ অমঙ্গল হ’ব। স্ত্রীয়ে নাকত নাক ফুল নাৰাখিলে স্বামী জীয়াই নথকাৰ প্রমাণ।
৫৮) দা, কাচি বা ছুৰিৰ ওপৰেদি গ’লে পাছত হাত-ভৰি কাটি যাব।
৫৯) বেচা কিনাৰ সময়ত যোৰ সংখ্যা ৰাখিব পৰা নাযাব। আনকি, এক লাখ টকা হ’লে এক লাখ এক টকা দিব লাগিব। যেনেকৈ, দেন মোহৰ (কাবীন)ৰ সময়ত কৰি থাকে, একলাখ এক টকা ধার্য কৰা হয়।
৬০) দোকানৰ প্রথম কাষ্টমাৰ ঘূৰাই দিব নাপাই।
৬১) পাৰ চৰাইৰ কণীক শিল বুলি ক’ব লাগে৷ নহ’লে কণী নষ্ট হৈ যায়৷
প্রিয় ভাই/ভনী ও বন্ধু/বান্ধৱী সকল, সমাজত সিচঁৰিত হৈ থকা অসংখ্য কুসংস্কাৰ পৰা ইয়াত মাত্ৰ কেইটামানহে উল্লেখ কৰা হ’ল। আপোনাৰ ওচৰত যদি এনে ধৰণৰ আছে তেন্তে ই-মেইল কৰি সংযোগ কৰিবলৈ বিশেষভাবে অনুৰোধ কৰিলো। জাযাকুমুল্লাহু খাইৰাণ।
☆☆☆
জাজাকাল্লাহু খাইৰা
(আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওঁক)৷
যিকোনো ভুল দৃষ্টিগোচৰ হ’লে আমাৰ সৈতে যোগাযোগ কৰে যেন