১. খাদীজাতুল কুবৰা বিনতে খুওৱাইলিদ : বিবাহৰ সময়ত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বয়স ২৫ বছৰ, তেখেতৰ বয়স ৪০ বছৰ, মৃত্যুকালত বয়স ৬৫ বছৰ, মৃত্যুকাল- ১০ নববী চন, মৃত্যুৰ স্থান- মক্কা, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে দাম্পত্যকাল- প্রায় ২৫ বছৰ।
জ্ঞাতব্য : পূর্বে তেখেতে দুগৰাকী স্বামী হেৰুৱায়। দ্বিতীয় স্বামীৰ ঔৰসত তেখেতৰ গর্ভজাত ৩ জন পুত্র সন্তান আছিল। তেওঁলোক ছাহাবী আছিল। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল তেখেতৰ তৃতীয় স্বামী আৰু তেখেত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্রথমা স্ত্রী আছিল। তেখেতৰ জীৱিত কালত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দ্বিতীয় বিবাহ কৰোৱা নাছিল।
২. ছওদা বিনতে যাম‘আহ : ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বয়স ৫০ বছৰ, তেখেতৰ বয়স ৫০ বছৰ, বিবাহৰ চন ১০ নববীবর্ষ, মৃত্যুৰ চন ১৯ হিজৰী, বয়স ৭২ বছৰ, মৃত্যুৰ স্থান- মদীনা, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে দাম্পত্যকাল- ১৪ বছৰ।
জ্ঞাতব্য : প্রথমে এখেতে ইছলাম কবুল কৰে। পিছত তেখেতৰ উৎসাহত স্বামী ছাকৰান বিন আমৰ মুছলিম হয়। ইয়াৰ পিছত উভয়ে হাবশ্বালৈ হিজৰত কৰে। ছাকৰানে তাত মৃত্যুবৰণ কৰাত সন্তানক লৈ তেখেতে চৰম বিপদত পৰে। একে সময়তে খাদীজা ৰাদ্বিয়াল্লাহু আনহাক হেৰুৱাই বিপদগ্রস্ত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সংসাৰত সুপটু ছওদাক বিয়া কৰায় আৰু তেখেতৰ হাতত সদ্য মাতৃহাৰা সন্তানসকলৰ দায়িত্ব অর্পণ কৰে। তেখেতৰ বর্ণিত হাদীছৰ সংখ্যা ৫টা। তন্মধ্যে ১টা বুখাৰীত আৰু ৪টা ছুনান গ্ৰন্থত।
৩. আয়েশা বিনতে আবুবকৰ : ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বয়স ৫৪ বছৰ, স্বামীগৃহত আগমনৰ বয়স ৯ বছৰ, বিবাহৰ চন ১ হিজৰী, মৃত্যুৰ চন- ৫৭ হিজৰী, বয়স- ৬৩ বছৰ; মৃত্যুৰ স্থান- মদীনা; দাম্পত্যকাল- ৯ বছৰ।
জ্ঞাতব্য : এখেতেই একমাত্র কুমাৰী স্ত্রী আছিল। এখেতৰ কোনো সন্তানাদি হোৱা নাই। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে আত্মীয়তাৰ বন্ধন সৃষ্টিৰ উদ্দেশ্যে আবুবকৰ ৰাদ্বিয়াল্লাহু আনহুৱে এই বিবাহ দিয়ে। নবীপত্নীসকলৰ মাজত তেখেতেই আছিল সর্বাধিক জ্ঞানী ও বুদ্ধিমতী। তেখেতৰ বর্ণিত হাদীছৰ সংখ্যা ২২১০টি। তন্মধ্যে ১৭৪টি মুত্তাফাক্ক আলাইহ, ৫৪টি এককভাৱে বুখাৰী ও ৬৭টি এককভাৱে মুছলিম।
৪. হাফছাহ বিনতে ওমৰ : ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বয়স ৫৫ বছৰ, তেখেতৰ বয়স ২২, বিবাহৰ চন ৩ হিজৰী; মৃত্যুৰ চন-৪১হিজৰী, বয়স- ৫৯ বছৰ; মৃত্যুৰ স্থান মদীনা; দাম্পত্য কাল- ৮ বছৰ।
জ্ঞাতব্য : তেখেতৰ স্বামী খুনায়েছ বিন ওযাফাহে প্রথমে হাবশ্বা আৰু পিছত মদীনালৈ হিজৰত কৰে। বদৰ ও ওহুদ যুদ্ধত শ্বৰীক আছিল। ওহুদত আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে। পিছত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে হাফছাৰ বিয়া হয়। তেখেতে মুঠ ৬০টি হাদীছ বর্ণনা কৰে। তন্মধ্যে মুত্তাফাক্ব আলাইহ ৪, এককভাৱে মুছলিম ৬। আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহু তেখেতৰ সহোদৰ ভাই আছিল।
৫. যয়নব বিনতে খুযায়মা : ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বয়স ৫৫ বছৰ; তেখেতৰ বয়স প্রায় ৩০ বছৰ; বিবাহৰ চন ৩ হিজৰী; মৃত্যুৰ চন- ৩ হিজৰী বয়স- ৩০ বছৰ; মৃত্যুৰ স্থান মদীনা; দাম্পত্যকাল- ৩ মাহ।
জ্ঞাতব্য : একেৰাহে দুই স্বামীক হেৰুৱাই ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সম্পৰ্কীয় ভাই আব্দুল্লাহ বিন জাহশ্বৰ সৈতে তৃতীয় বিবাহ হয়। কিন্তু তেখেত ওহুদ যুদ্ধত শ্বহীদ হোৱাত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে চতুর্থ বিবাহ হয়। গৰীবৰ মা হিচাবে তেখেতে ‘উম্মুল মাছাকীন’ নামে খ্যাত আছিল।
৬. উম্মে ছালামাহ : ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বয়স ৫৬ বছৰ; তেখেতৰ বয়স ২৬ বছৰ; বিবাহৰ চন ৪ হিজৰী; মৃত্যুৰ চন ৬০ হিজৰী; বয়স ৮০ বছৰ; মৃত্যুৰ স্থান মদীনা; দাম্পত্যকাল- ৭ বছৰ।
জ্ঞাতব্য : ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিজ সম্পৰ্কীয় ভাই আবু ছালামাহৰ স্ত্রী আছিল। উভয়ে হাবশ্বালৈ হিজৰত কৰে। বদৰ ও ওহুদ যুদ্ধত শ্বৰীক হয়। ওহুদত আঘাতপ্ৰাপ্ত হৈ স্বামীয়ে শ্বাহাদাত বৰণ কৰে। দুই ল’ৰা সন্তান ও দুই ছোৱালী সন্তানক লৈ তেখেতে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে বিবাহিত হয়। তেখেতৰ দূৰদর্শিতাপূর্ণ পৰামর্শ হুদায়বিয়াৰ ঘটনাত খুবেই ফলপ্রসু হৈছিল। তেখেতৰ বর্ণিত হাদীছৰ সংখ্যা ৩৭৮, তন্মধ্যে মুত্তাফাক্ব আলাইহ- ১৩, এককভাবে বুখাৰী- ৩, মুছলিম- ১৩।
৭. যয়নব বিনতে জাহশ্ব : ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বয়স ৫৭ বছৰ; তেখেতৰ বয়স ৩৬ বছৰ; বিবাহৰ চন ৫ হিজৰী মৃত্যুৰ চন ২০ হিজৰী; বয়স ৫১ বছৰ, মৃত্যুৰ স্থান মদীনা; দাম্পত্যকাল- ৬ বছৰ।
জ্ঞাতব্য : ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সম্পৰ্কীয় ভনী আছিল। প্রথমে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পোষ্যপুত্র যায়েদ বিন হাৰেছাহৰ সৈতে বিবাহ হয়। পিছত যায়েদে তালাক দিয়াত আল্লাহৰ হুকুমত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতক বিয়া কৰায় প্রচলিত দুটি কুসংস্কাৰ দূৰ কৰাৰ কাৰণে। এক- সেই যুগত পোষ্যপুত্রক নিজ পুত্র আৰু তেওঁৰ স্ত্রীক নিজ পুত্রবধু বুলি ভৱা হৈছিল ও তেওঁৰ সৈতে বিবাহ নিষিদ্ধ বুলি ভৱা হৈছিল। দুই- ইহুদী ও নাছাৰাসকলে ওযায়েৰ ও ঈছাক আল্লাহৰ পুত্র বুলি গণ্য কৰিছিল (তওবা ৯/৩০)। অথচ সৃষ্টি কেতিয়াও সৃষ্টিকর্তা আল্লাহৰ পুত্র হ’ব নোৱাৰে। যেনে- আনৰ ঔৰসজাত সন্তান কেতিয়াও নিজ সন্তান হ’ব নোৱাৰে।
৮. জুওৱাইৰিয়া বিনতুল হাৰেছ : ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বয়স ৫৭ বছৰ; তেখেতৰ বয়স ২০ বছৰ; বিবাহৰ চন ৫ হিজৰী; মৃত্যুৰ চন ৫৬ হিজৰী; বয়স- ৭১ বছৰ; দাম্পত্যকাল- ৬ বছৰ।
জ্ঞাতব্য : এখেত বনু মুছত্বালিক চর্দাৰ হাৰেছ বিন আবু যাৰ্ৰাবৰ কন্যা আছিল। যুদ্ধত বন্দী হৈ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে বিবাহিতা হয় আৰু ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ শহুৰকুল হোৱাৰ সুবাদত এশতকৈ অধিক যুদ্ধবন্দীৰ সকলোকে মুক্তি দিয়া হয়। ফলত তেওঁলোক আটায়ে মুছলিম হৈ যায়। জুওৱাইৰিয়াৰ প্রথম স্বামী আছিল মুছাফিহ বিন ছুফিয়ান মুছতালিক্কী। তেখেতে মুঠ ৭টি হাদীছ বর্ণনা কৰে। তন্মধ্যে বুখাৰী ২ ও মুছলিম ২।
৯. উম্মে হাবীবাহ ৰামলাহ বিনতে আবু ছুফিয়ান : ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বয়স ৫৮ বছৰ; তেখেতৰ বয়স ৩৬; বিবাহৰ চন ৬ হিজৰী; মৃত্যুকাল- ৪৪ হিজৰী; বয়স ৭২ বছৰ; মৃত্যুৰ স্থান মদীনা; দাম্পত্যকাল- ৬ বছৰ।
জ্ঞাতব্য : কুৰায়েশ্ব নেতা আবু ছুফিয়ানৰ কন্যা আছিল। ওবায়দুল্লাহ বিন জাহশ্ব তেখেতৰ প্রথম স্বামী আছিল। উভয়ে মুছলিম হৈ হাবশ্বালৈ হিজৰত কৰে। কিন্তু তালৈ গৈ স্বামী খ্ৰীষ্টান হৈ যায় ও মৃত্যুবৰণ কৰে। তেখেতে এটি কন্যা সন্তান লৈ বিধবা হয়। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ চৰম বিপদৰ কথা জানিব পাৰি বিবাহৰ পয়গাম পঠায়। বাদশ্বাহ নাজ্জাশ্বীয়ে স্বয়ং তেখেতৰ বিবাহৰ খুৎবা পাঠ কৰে ও সকলোকে দাওৱাত খুৱায়। পিছত তেখেতক মদীনালৈ পঠিয়াই দিয়ে। তেখেতে ৬৫টি হাদীছ বর্ণনা কৰে। তন্মধ্যে মুত্তাফাক্ব আলাইহ- ২ ও মুছলিম- ৩।
১০. ছাফিয়া বিনতে হুৱাই বিন আখত্বাব : ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বয়স ৫৯ বছৰ; তেখেতৰ বয়স ১৭ বছৰ; বিবাহৰ চন ৭ হিজৰী; মৃত্যুৰ চন ৫০ হিজৰী; বয়স ৬০ বছৰ; মৃত্যুৰ স্থান মদীনা; দাম্পত্যকাল- প্ৰায় ৩ বছৰ ৯ মাহ।
জ্ঞাতব্য : খায়বৰ যুদ্ধত বন্দী হয়। পিছত ইছলাম কবুল কৰি ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে বিবাহিতা হয়। ইহুদী বনী নাযীৰ গোত্রৰ চর্দাৰ হুৱাই বিন আখত্বাব তেখেতৰ পিতা আছিল আৰু অন্যতম চর্দাৰ কেনানাহ বিন আবুল হুকাইক তেখেতৰ স্বামী আছিল। উভয়ে নিহত হয়। হাৰূণ (আঃ)-ৰ বংশধৰ আছিল। তেখেতে ১০টি হাদীছ বর্ণনা কৰে। তন্মধ্যে মুত্তাফাক্ব আলাইহ ১।
১১. মায়মূনা বিনতুল হাৰেছ : ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বয়স ৫৯ বছৰ; তেখেতৰ বয়স ৩৬ বছৰ; বিবাহৰ চন ৭ হিজৰী; মৃত্যুৰ চন ৫১ হিজৰী; বয়স ৮০; মৃত্যু মক্কাৰ নিকটৱর্তী ছাৰফ নামৰ স্থানত। দাম্পত্যকাল- প্ৰায় ৩ বছৰ ৩ মাহ।
জ্ঞাতব্য : এখেত আব্দুল্লাহ ইবনে আব্বাছ (ৰাঃ) ও খালেদ বিন ওৱালীদ (ৰাঃ)-ৰ নিজ খুৰীয়েক আছিল আৰু উম্মুল মুমিনীন যয়নব বিনতে খুযায়মাৰ বৈপিত্ৰীয় ভনী আছিল। তেখেতৰ পূর্বৰ দুই স্বামীৰ মৃত্যু হোৱাত ভগ্নিপতি আব্বাছ (ৰাঃ)-এ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত তেখেতৰ বিবাহৰ প্রস্তাব দিয়ে। ফলত ৭ম হিজৰীত ক্কাযা ওমৰাহৰ শেষত মক্কাৰ অদূৰত ছাৰফ নামৰ স্থানত উক্ত বিবাহ সম্পন্ন হয় আৰু এইখনেই আছিল ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সর্বশেষ বিবাহ। তেখেতে মুঠ ৭৬টি হাদীছ বর্ণনা কৰে। তন্মধ্যে মুত্তাফাক্ব আলাইহ- ৭, এককভাৱে মুছলিম- ১, বুখাৰী- ১। বাকীসমূহে অন্যান্য হাদীছগ্রন্থত স্থান পাইছে।
কিলাব ও কিন্দাহ গোত্রৰ আন দুগৰাকী মহিলা ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্রী আছিল বুলি কোনো কোনোৱে কৈছে। কিন্তু সেই বিষয়ত যথেষ্ট মতভেদ আছে। অৱশ্যে এই ক্ষেত্ৰত সকলোৱে একমত যে, তেওঁলোকক ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বিদায় কৰা হোৱা নাই। এতদ্ব্যতীত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দুজনী দাসী আছিল। এক- মাৰিয়া ক্কিবতিয়া আৰু দুই- ৰায়হানা বিনতে যায়েদ। যি দুগৰাকী বনু কুৰায়যাৰ যুদ্ধত বন্দিনী হয়। আবু ওবায়দাহে আৰু দুগৰাকীৰ কথা কৈছে। যি দুগৰাকীৰ এগৰাকী কোনো এখন যুদ্ধৰ বন্দিনী। অন্যগৰাকী যয়নব বিনতে জাহশ্ব (ৰাঃ) কর্তৃক হেবাকৃত।