যি ব্যক্তিয়ে চালাতত চুৰা ফাতিহা পাঠ নকৰিলে তেওঁৰ চালাতেই নহল

সাৱধান !! সাৱধান !! সাৱধান !!
নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ অতি স্পষ্ট ঘোষণা =
رَسُوْلَ اللٌهِ (ص) قَالَ لاَ صَلوةَ لِمَنْ لاَيَقْرَأُ بِفَاتِحَةِ الْكِتَابِ
ৰাছূলুল্লাহ চল্লাল্লাহু আলাইহি অছাল্লামে কৈছে : যি ব্যক্তিয়ে চালাতত চুৰা ফাতিহা পাঠ নকৰিলে তেওঁৰ চালাতেই নহল “।
এই ঘোষণা প্ৰবাসত কিংবা স্বগৃহত , নিৰৱে কিংবা সৰবে পাঠ কৰা সকলো চালাততেই যি কোনো অৱস্থাত ইমাম ও মুক্তাদী উভয়ৰ বাবেই ৱাজিব । ইমামৰ সৈতে চালাত আদায় কৰা মুক্তাদীৰ ক্ষেত্ৰত এই বাধ্যবাধকতা বহুতো চহীহ হাদীছত স্পষ্ট ভাবে বৰ্ণিত হৈছে ।।
গতিকে দ্বীনি ভাইসকল !! মাজহাবী ফিৰকা বন্দীৰ পাকচক্ৰত পৰি , নিজস্ব অধ্যয়ন নথকাৰ দূৰ্বলতাৰ চেলু লৈ নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ ইমান স্পষ্ট হুকুমক নশ্চাৎ কৰাৰ আগতে বিষয়বস্তু তাহক্বীক কৰক !! মুক্তাদীয়ে ফাতিহা পঢ়িব লগা হাদীছ স্ফতিকৰ দৰে স্বচ্ছ হৈ থকাৰ পাছতো মাজহাবী গোড়ামী অক্ষুন্ন ৰখাৰ স্বাৰ্থত কিদৰে বেলেগ হাদীছ এটাক জেলেপীৰ দৰে পাক দি এই হাদীছক বিৰোধ কৰা হৈছে , সেই বিষয়ে বুজিবলৈ চেষ্টা কৰক !!
আপোনাৰ চালাত সম্পৰ্কে আপুনি উদাসীন নহব , আল্লাহে এনে উদাসীন ব্যক্তিৰ ধ্বংস হোৱাৰ বিষয়ে চুৰা মাউনত কৈছে !! সেয়েহে চালাতৰ বিশুদ্ধ ৰক্ষাকবজৰ দায়িত্ব আমাৰ , দৃষ্টান্ত গ্ৰহণ কৰিব লাগিব একমাত্র মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লামৰ !! বাকী সকলো প্ৰদূষিত দৃষ্টান্তৰ পতন অনিবাৰ্য্য !!
সেয়েহে আহক ইন শ্বা আল্লাহ , সকলোৱে আমি ফিৰকা বন্দীৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হৈ চহীহ ইছলামৰ আমল কৰো…….

— Muktabul hussain

Leave a comment