________________________________
উত্তৰ : ‘অধিকাৰ’ বিষয়টি ব্যাপক। সেইকাৰণে এই বিষয়ে ইছলামী শ্বৰী‘আতত মৌলিকভাৱে বর্ণিত হৈছে। যেনে- ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে, যিকোনো স্ত্রীয়ে-
(১) নিয়মিত পাঁচ ওৱাক্ত ছালাত আদায় কৰে,
(২) ৰমজানৰ ছিয়াম পালন কৰে,
(৩) লজ্জাস্থানৰ হেফাযত কৰে আৰু
(৪) স্বামীৰ আনুগত্য কৰে, তেওঁ জান্নাতৰ যিকোনো দৰ্জাৰে প্ৰৱেশ কৰিব। (আবু নঈম, মিশকাত হা/৩২৫৪, ছনদ হাছান)।
অন্যত্র তেওঁ কৈছে, তোমালোক প্ৰত্যেকেই দায়িত্বশীল আৰু প্ৰত্যেকেই নিজ নিজ দায়িত্ব সম্পর্কে ক্বিয়ামতৰ দিনা প্ৰশ্নৰ সন্মুখীন হ’বা। …স্ত্রীয়ে তেওঁৰ স্বামীগৃহ ও সন্তানসকলৰ দায়িত্বশীল’ (মুত্তাফাক্ব আলাইহ, মিশকাত হা/৩৬৮৫)। তেওঁ কৈছে, উত্তম স্ত্রী তেওঁ, যাৰ ফালে চাই স্বামী আনন্দিত হয়। স্বামীয়ে কোনো আদেশ কৰিলে পালন কৰে আৰু স্বামীয়ে যি অপছন্দ কৰে, স্ত্রীয়ে সেইটো নকৰে’ (নাছাঈ, মিশকাত হা/৩২৭২)।
#মাহেকীয়া আত-তাহৰীক: চেপ্টেম্বৰ 2012