যেতিয়া চৰাই জীৱিত থাকে¸ তেতিয়া চৰাইয়ে পৰুৱা খায় আৰু যেতিয়া চৰাই মৰি যায় তেতিয়া পুৰুৱাই চৰাইক খায়।

যেতিয়া চৰাই জীৱিত থাকে¸ তেতিয়া চৰাইয়ে পৰুৱা খায় আৰু যেতিয়া চৰাই মৰি যায় তেতিয়া পুৰুৱাই চৰাইক খায়।

সময় আৰু পৰিস্থিতিয়ে সকলো সলনি কৰি দিব পাৰে। জীৱনত কেতিয়াও কাকো দুখ নিদিব আৰু কাকো অপমানিত নকৰিব। আজি হয়তো আপুনি শক্তিশালী… কিন্তু মনত ৰাখিব¸ সময় আপোনাতকৈ বেছি শক্তিশালী।

এডাল গছৰ পৰা লাখ লাখ দিয়াশলাইৰ কাঠি তৈয়াৰ কৰা হয়। কিন্তু লাখ লাখ বৃক্ষ জ্বলোৱাৰ কাৰণে সেই এডাল কাঠিয়েই যথেষ্ট। সেইবাবেই নিজে ভাল হওঁক আৰু আনকো ভাল কৰক।

Leave a comment