আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলো দল -সংগঠন নিৰ্বাচনী প্ৰচাৰ, জনমত গঠন ইত্যাদিত মগ্ন।
আমাৰ ভাৰতবৰ্ষ যিহেতু গণতান্ত্ৰিক দেশ, সেয়েহে ইয়াত প্ৰত্যেক নাগৰিকৰ বাবে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা অপৰিহাৰ্য।
ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাত দুই এটা সৰু-সুৰা নেতিবাচক দিশ বিদ্যমান যদিও বিশেষ সুদূৰপ্ৰসাৰী নহয়, কিন্তু গণতান্ত্ৰিক শাসন পদ্ধতিত নেতিবাচক দিশ অতি বেছি আৰু সুদূৰপ্ৰসাৰী।
বিশেষকৈ নিৰ্বাচনৰ সময়ত হোৱা চৰকাৰী খৰছ আৰু প্ৰতিনিধি-প্ৰাৰ্থী কৰ্তৃক নিৰ্বাচনী খৰছৰ বাবে দেশৰ অৰ্থনৈতিক পৰিকাঠামো বেয়া ধৰণে প্ৰভাৱিত হয়।
ৰাজনৈতিক নেতাসকলৰ এক বৃহৎ অংশই স্বাৰ্থসিদ্ধিৰ বাবে সাম্প্ৰদায়িক মেৰুবিভাজনত ব্যস্ত হৈ পৰে।
আনকি একে গাৱঁৰ, একে বংশৰ একে পৰিয়ালৰ সদস্য সকলৰ মাজতো নিজৰ পছন্দৰ পাৰ্টী আৰু প্ৰাৰ্থীক লৈ মনোমালিন্য ঘটা পৰিলক্ষিত হয়।
এইসমূহ ঋণাত্মক দিশ থকাৰ পিছতো চৰকাৰী আৰু সাংবিধানিক দায়বদ্ধতা ৰক্ষাৰ্থে ভোটাধিকাৰ সাব্যস্ত কৰাটো অপৰিহাৰ্য।
সেয়েহে আমাৰ ভোটাধিকাৰ নিকা আৰু দূৰ্নীতিমুক্ত পদ্ধতিৰে কেনেকৈ সাব্যস্ত কৰিব পাৰি আৰু পৱিত্ৰ ইছলামত এই সম্পৰ্কে দিক্ নির্দেশনা আছে সেইফালে আলোকপাত কৰোঁ আহক!
ইছলামী দৃষ্টিকোণেৰে শৰীয়তত ভোট দানৰ চাৰিটা অৱস্থান।
যথা-
১-সাক্ষ্য দান।
২-উকীল নিযুক্তকৰণ বা অর্পিত দায়িত্ব পালন।
৩-ছুফাৰিশ্বকৰণ।
৪- আমানত
🔴 সাক্ষ্যদান
কোনো প্রার্থীক কোনো পদৰ বাবে ভোট দিয়াৰ অৰ্থ হ’ল, ভোটাৰ গৰাকীয়ে সাক্ষী প্রদান কৰিছে যে, প্রার্থী গৰাকীয়ে যি পদৰ বাবে আশা কৰিছে , তেওঁ সেই পদৰ বাবে উপযুক্ত ব্যক্তি।
এতেকে যদি উক্ত প্রার্থী সংশ্লিষ্ট পদৰ যোগ্য নহয় , তেনেহ’লে ভোটাৰ গৰাকী এগৰাকী অনুপযুক্ত ব্যক্তিৰ সংক্ৰান্তত উপযুক্ততাৰ সাক্ষী প্ৰদান কৰাৰ বাবে গোনাহগাৰ হ’ ব।
আল্লাহ তা’আলাই পৱিত্ৰ ক্বুৰআনত ইৰ্শ্বাদ ফৰ্মাইছে –
“যেতিয়া তোমালোকে কথা কোৱা , সুবিচাৰ কৰা যদিও তেওঁ (যাৰ সম্পর্কে কথা কোৱা হৈছে) আত্মীয় হয়। {ছূৰা আনআ’ম ১৫২)
হজৰত খুৰাইম বিন ফাতিক ৰাঃ ৰ পৰা বর্ণিত, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱা ছাল্লামে এবাৰ ফজৰৰ নামাজৰ পিছত থিয় হৈ তিনিবাৰ কলে , মিছা সাক্ষী দিয়া আল্লাহৰ সৈতে শ্বীৰ্ক কৰাৰ সমতুল্য অপৰাধ। {ছুনানে আবু দাউদ, হাদীছ নং-৩৫৯৯, মুছনাদে আহমাদ, হাদীছ নং-১৭৬০৩, ছুনানে ইবনে মাজাহ, হাদীছ নং-২৩৭২}
🔴 উকীল নিযুক্ত কৰণ বা দায়িত্বপালন
ভোটৰ সময়ত ভোটাৰৰ ভোটে সমগ্ৰ জাতিৰ তৰফৰ পৰা প্রতিনিধিত্ব কৰে । ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ মাধ্যমত জাতিৰ প্রতিনিধি নির্বাচনত সমগ্র জাতিৰ তৰফৰ পৰা জিম্মাদাৰ হিচাপে অভিমত ব্যক্ত কৰে । সমগ্ৰ জাতিৰ জিম্মাদাৰ হিচাপে উক্ত অভিমত ব্যক্ত কৰাৰ সময়ত যদি দলীয় সংকীর্ণতা, স্বজনপ্রীতি, দলপ্রীতি, ব্যক্তিগত স্বার্থ আৰু কাৰোবাৰ প্রতাপৰ সন্মুখত নতি স্বীকাৰ কৰি তুলনামূলকভাৱে যোগ্য আৰু মুছলিম হিতৈষী প্রার্থীক অৱজ্ঞা কৰি অযোগ্য বা দেশ তথা ইসলামৰ বাবে ক্ষতিকৰ প্রার্থীক ভোট প্রদান কৰে, আৰু প্ৰাৰ্থী প্ৰাক্ষিপ্তকৰণত যদি জনসাধাৰণ, তৃণমূল পৰ্যায়ৰ কৰ্মী, বা দলৰ উৰ্ধতম কৰ্তৃপক্ষৰ কোনোবাই নিজৰ ন্যস্ত স্বাৰ্থৰ বাবে অযোগ্য ব্যক্তিক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে তেনেহ’লে জাতিৰ তৰফৰ পৰা অর্পিত দায়িত্ব পালনত ব্যক্তিগৰাকী খিয়ানতকাৰী হিচাপে সাব্যস্ত হ’ব।
জিম্মাদাৰৰ দায়িত্বত
অবহেলা তথা স্বেচ্ছাচাৰিতাৰ বিষয়ে হাদীছত কঠোৰ সতৰ্কবাণী আহিছে।
হজৰত ইবনে আব্বাছ ৰাঃ পৰা বর্ণিত। ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱা ছাল্লামে ইৰ্শ্বাদ ফৰ্মাইছে, যি ব্যক্তিয়ে মুছলমান সকলৰ তৰফৰ পৰা কোনো বিষয়ত জিম্মাদাৰ নিযুক্ত হয়, তাৰপিছত তেওঁ তেওঁলোকৰ ওপৰত কোন ব্যক্তিক(কোন কামৰ) কর্মকর্তা নিযুক্ত কৰে , অথচ তেওঁ অৱগত যে, মানুহৰ মাজত এনেকুৱা ব্যক্তিও আছে যে, তাতকৈ অধিক যোগ্য আৰু ক্বোৰআন – হাদীছ সম্পর্কে অধিক জ্ঞানী , তেনেহ’লে তেওঁ অৱশ্যেই আল্লাহ আৰু আল্লাহৰ ৰাছুল আৰু মুছলিম সম্প্রদায়ৰ সৈতে খিয়ানত কৰিলে । আৰু যি ব্যক্তিয়ে মানুহৰ প্রয়োজনক পূর্ণ নকৰিলে , আল্লাহ তা’ আলাই উক্ত ব্যক্তিৰ প্রয়োজনো পূৰণ নকৰে যেতিয়ালৈকে উক্ত ব্যক্তিয়ে মানুহৰ প্রয়োজন পূৰণ কৰে আৰু তেওঁলোকৰ হক আদায় কৰি দিয়ে । {আলমুজামুল কাবীৰ লিততাবাৰানী-১১২১৬}
🔴 ছুফাৰিশ্বকৰণ
ভোটাৰে তাৰ নিজৰ ভোট কোনো প্রার্থীক দিয়াৰ অৰ্থ হ’ল, ভোটাৰে উক্ত ব্যক্তিৰ প্রার্থিত্ব আগবঢ়োৱা পদৰ সংক্ৰান্তত যোগ্য বলি ছুফাৰিশ্ব কৰিছে আৰু তাৰ উৎকৃষ্টতা বৰ্ণনা কৰিছে।
এতেকে প্রার্থী যদি অযোগ্য হয়, তেনেহ’লে অন্যায় কামত ছুফাৰিশ্ব কৰাৰ কাৰণে ছুফাৰিশ্ব কাৰী অৰ্থাৎ ভোটাৰ গৰাকী গোনাহগাৰ হ’ব। আনকি উক্ত ভোটৰ কাৰণে প্ৰাৰ্থী গৰাকী নির্বাচিত হৈ যিমান বেয়া কাম কৰিব তাৰ গোনাহৰ অংশীদাৰ ভোটাৰ ব্যক্তি গৰাকীও হ’ব।
পৱিত্ৰ ক্বুৰআনত আল্লাহ তা’আলাই ইৰ্শ্বাদ ফৰ্মাইছে –
“যি ব্যক্তিয়ে ভাল কামৰ বাবে কোনো ছুফাৰিশ্ব কৰিব তাৰ পৰা তেৱোঁ এটা অংশ পাব, আৰু যি ব্যক্তিয়ে বেয়া কামৰ বাবে ছুফাৰিশ্ব কৰিব তেওঁৰ বোজা(গোনাহৰ এটা অংশ) পাব। বস্তুতঃ আল্লাহ সর্ব বিষয়ে ক্ষমতাশীল। {ছূৰা নিছা -৮৫}
🔴 আমানত
ভোটাৰৰ ভোট এটা আমানত। সমগ্র জাতিৰ তৰফৰ পৰা সেয়া সঠিক তথা যোগ্য স্থানত প্রয়োগৰ বাবে সংৰক্ষিত এক আমানত। সেয়া অযোগ্য বা ইছলাম বিদ্বেষী ব্যক্তিক দিয়াৰ অৰ্থ হ’ল আমানতৰ খিয়ানত কৰা । যি অতিশয় মাৰাত্মক গোনাহৰ কাম ।
পৱিত্ৰ ক্বুৰআনত আল্লাহ তা’ আলাই ইৰ্শ্বাদ ফৰ্মাইছে –
নিশ্চয় আল্লাহ তা’আলাই তোমালোকক আদেশ দিছে আমানতক তাৰ সঠিক হকদাৰ বা গৰাকীৰ ওচৰত পৌঁছাই দিয়াৰ । {ছূৰা নিছা -৮৫}
🔴 প্ৰাৰ্থী কেনে হোৱা উচিত?
যি ব্যক্তি যি পদৰ অধিক যোগ্য আৰু ইছলাম, মুছলমান তথা দেশৰ প্ৰতি দায়বদ্ধ আৰু উদাৰ মনোভাৱাপন্ন তেনে ব্যক্তি তুলনামূলকভাৱে এনেকুৱা গুণ যাৰ মাজত কম তাতকৈ ভোট লাভ কৰাৰ অধিক যোগ্য বুলি বিবেচিত হ’ব,
সাম্প্ৰতিক পৰিস্থিতিত ভোটাধিকাৰ সাব্যস্ত কৰা আৰু প্ৰাৰ্থী নিৰ্বাচন কৰাৰ এয়াই মূলনীতি ।
যি ব্যক্তি দেশ , মুছলমান আৰু ইছলামৰ বাবে অধিক উপকাৰী ব্যক্তি বুলি সাব্যস্ত হ’ব, তাক ভোট দিয়াৰ দ্বাৰা নিজৰ দায়িত্ব আদায় হৈ যাব ইনশ্বাআল্লাহ।
সাম্প্ৰতিক যুগৰ ৰাজনীতিবিদ বা প্ৰাৰ্থী সকলৰ বৃহৎ সংখ্যক অপৰাধী। সকলো দল আৰু প্ৰাৰ্থী কম-বেছি পৰিমাণে বিসংগতিপূৰ্ণ। এটা পঞ্চায়ত বা বিধানসভা সমষ্টিৰ কথাই ধৰা হওক, সকলোবিলাক প্ৰাৰ্থীৰ মাজত বিসংগতি বিদ্যমান। এনে অৱস্থাত উপৰত উল্লেখিত বিধান অনুযায়ী উপযুক্ত আৰু যোগ্য ব্যক্তি কেনেদৰে নিৰ্বাচন কৰিব?
এই সংক্ৰান্তত প্ৰাৰ্থী বা দলৰ মাজত তুলনা কৰা হ’ব, তুলনামূলকভাৱে কোনটো দল ভাল আৰু কোনটো বেয়া।
যি দলত বিসংগতি আৰু দুৰ্নীতিৰ পৰিমাণ কম হ’ব আৰু তেওঁ অন্য প্ৰাৰ্থীৰ তুলনাত দেশৰ আৰু জাতিৰ বিশেষকৈ, মুছলমান সকলৰ হকে কাম কৰে, তেনে প্ৰাৰ্থীক নিৰ্বাচিত কৰা।
এই সংক্ৰান্তত ক্বুৰআন – হাদীছৰ আলোকত ইছলামী ফিক্বহৰ কিছু উচুল বা মূলনীতি আছে, যাৰ সাৰাংশ হ’ ল –
“তুলনামূলকভাৱে অধিক ক্ষতিকাৰক বস্তুক কম ক্ষতিকৰ বস্তুৰ দ্বাৰা হলেও বিদূৰিত কৰা হ’ব” । {শ্বৰহুল ক্বাৱায়িদীল ফিক্বহ লিজ্ জাৰকা , কায়দা নং-২৬}
“যেতিয়া দুটি ক্ষতিকৰ বস্তু পৰস্পৰ মুখামুখি হয় তেতিয়া সৰুটোক গ্ৰহণ কৰি ডাঙৰটোক দূৰ কৰা হ’ব। {শ্বৰহুল ক্বাৱায়িদীল ফিক্বহ লিজ্ জাৰকা , কায়দা নং-২৭}
উল্লেখিত দুটি মূলনীতিৰ আধাৰত এই কথা নিৰ্ণয় কৰিব পাৰি যে, যিহেতু গণতান্ত্ৰিক দেশ হিচপে ভাৰতবৰ্ষত ভোটাধিকাৰ সাব্যস্ত কৰা অপৰিহাৰ্য আৰু সামগ্ৰিক দিশতে উপযুক্ত দল বা প্ৰাৰ্থী পোৱাটোও অসম্ভৱ, সেয়েহে যি দল আৰু প্ৰাৰ্থী তুলনামূলকভাৱে অান দল বা প্ৰাৰ্থীতকৈ উত্তম তেনে দলক বা প্ৰাৰ্থীক সমৰ্থন কৰটো ইছলাম তথা শ্বৰীয়ত সন্মত বিবেচিত হ’ব।
🔴 উপসংহাৰ – ভোটদানৰ পূৰ্বে কোনো ৰাজনৈতিক দল, নেতা বা প্ৰাৰ্থীৰ টকা – পইচা ইত্যাদিৰ প্ৰলোভনৰ দ্বাৰা প্ৰলোভিত হৈ নিজৰ বিবেকৰ বিপৰীতে গৈ কোনো অনুপযুক্ত দল বা প্ৰাৰ্থীক সমৰ্থন কৰিলে ক্বুৰআন – হাদীছৰ আলোকত ব্যক্তিগৰাকী ভয়ানক গোনাহগাৰ বিবেচিত হ’ব ।
বিবেকৰ তুলাচনীত যি ব্যক্তিক তুলনামূলকভাৱে অধিক যোগ্য, মুছলিম তথা দেশহিতৈষী বুলি অনুভূত হ’ ব তাকেই সমৰ্থন কৰা প্ৰকৃত মুছলমানৰ কাম|