======================
#আৰাফাতৰ ময়দানত লাখ লাখ হাজীয়ে সমবেত হৈ হজ্জ পালন কৰে, তেওঁলোকে কিন্তু সন্মিলিতভাৱে আখিৰী মোনাজাত নকৰে, কাৰণ এই আখিৰী মোনাজাত নামৰ কোনো সন্মিলিত মোনাজাত কোৰআন আৰু ছহীহ হাদীছৰ ক’তো নাই।
কিন্তু প্রচলিত তাবলীগ জামাতে এই বিদআতী আখিৰী মোনাজাতৰ নতুন প্রথা চালু ৰাখিছে যিটো ছুন্নাহ বিৰোধী। প্রচলিত তাবলীগ জামাতৰ কিতাপসমূহ যে শ্বির্ক আৰু কাল্পনিক কাহিনীৰে ভৰপুৰ অলপ মনোযোগ দি পঢ়িলে তাক বুজিব পাৰি যে¸ তেওঁলোকে কেনে ভণ্ডামীত লিপ্ত হৈছে।
———————————————————-
সেইখ আবুল খাইৰে কৈছে, এবাৰ মদিনাত হাজিৰ হৈ মই পাঁচ দিন পর্যন্ত উপবাস থাকিবলগীয়া হয়। খাবলৈ একো নাপায় অৱশেষত হুজুৰ আৰু তেওঁৰ কবৰৰ ওচৰত ছালাম দি আৰজ কৰিলোঁ, হে আল্লাহৰ ৰাছুল! মই আজি ৰাতিৰ কাৰণে আপোনাৰ মেহমান হম। এই কথা আৰজ কৰি মিম্বৰৰ ওচৰলৈ গৈ শুই পৰিলোঁ। সপোনত দেখিলোঁ, হুজুৰে পাক (ছাঃ)য়ে তাছৰীফ লৈ আহিছে। সোঁফালে হজৰত আবু বকৰ, বাওঁফালে হজৰত ওমৰ আৰু সন্মুখত হজৰত আলী (ৰাঃ)। হজৰত আলী (ৰাঃ)য়ে মোক মাতি ক’লে, চোৱা, হুজুৰ (ছাঃ)য়ে তাছৰীফ লৈ আহিছে। মই উঠা মাত্ৰকেই মহানবী (ছাঃ)য়ে এখন ৰুটি দিলে, মই আধা ৰুটি খাই পেলালোঁ। তাৰ পিছত সাৰ পাই দেখিলোঁ বাকী আধা ৰুটি মোৰ হাতত আছিল।
((((((সূত্রঃ ফাজায়েলে হজ্জ্ব-২৫৬ পৃষ্ঠা।)))))
————————–
জবাবঃ আমাৰ ভাইসকল! এওঁলোকৰ শ্বিৰ্কৰ মাত্রা চাওঁক। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰৌজাত খোৱা-বস্তু বিচৰাটো শ্বিৰ্ক নহয়নে? ৰিজিকৰ মালিক কোন?
‘ভূ-পৃষ্ঠত বিচৰণকাৰী সকলোৰে জীৱিকাৰ দায়িত্ব আল্লাহৰ।’ (((ছুৰা হুদ-৬))))
নবীৰ ৰৌজাত ৰুটি, মাজাৰত গৈ ছিন্নি আৰু ছাহবাগত গৈ বিৰিয়ানী বিচৰাটো একে নহয়নে?
এতিয়াতো দেৱানবাগীৰ মুৰিদসকলে মাজাৰত গৈ চাওমিন বিচাৰিব।
এওঁলোক ভণ্ড আৰু মুশ্বৰিক।
—————————
জনৈক বেদুঈনে হুজুৰ (ছঃ)ৰ কবৰৰ ওচৰত থিয় হৈ আৰজ কৰিলে, হে ৰব! তুমি গোলাম আজাদ কৰাৰ হুকুম কৰিছা। এইজন (নবী ছাঃ) তোমাৰ মাহবুব, মই তোমাৰ গোলাম। তোমাৰ মাহবুবৰ কবৰৰ ওপৰত মই গোলামক
(জাহান্নামৰ) জুইৰ পৰা আজাদ কৰি দিয়া। গায়েবৰ পৰা আৱাজ আহিল, তুমি কেৱল নিজৰ কাৰণে কিয় আজাদী (ক্ষমা) বিচাঁৰিলা? সমস্ত মানুহৰ কাৰণে কিয়
ক্ষমা ভিক্ষা নকৰিলা। মই তোমাক জুইৰ পৰা আজাদ কৰি দিলোঁ।
(((((সূত্র: ফাজায়েলে হজ্জ্ব-২৫৪ পৃষ্টাৰ ১ম কাহিনী)))
======================
এতিয়া আমি সজাগ হোৱাৰ সময় আহিছে হক তালাচ কৰা আৰু বাতিলক পৰিত্যাগ কৰা, শ্বির্ক আৰু বিদআতক পৰিত্যাগ কৰা কুৰআন আৰু ছহীহ হাদীছৰ ওপৰত আমল কৰা। ছূৰা বনী ইছৰাঈল ১৭:৮১ কোৱা! সত্য আহিছে আৰু মিছা বিলুপ্ত হৈছে। নিশ্চয় মিছা বিলুপ্ত হোৱাটোৱেই আছিল।