ইছলামিক জ্ঞানী (আলিম) প্রধানতঃ তিনি প্রকাৰ।

ইছলামিক জ্ঞানী (আলিম) প্রধানতঃ তিনি প্রকাৰ।
বৈষম্যমূলক শিক্ষাৰ কাৰণে আলিমসকলৰ মাজত এই বিভক্তি। ইয়াতে মুছলিমসকল বহু দলত বিভক্ত হৈ এজনে আনজনৰ বিৰোধিতাত লিপ্ত আছে।
১)মাজহাবী আলিম (জ্ঞানী)
আমাৰ দেশত তেওঁলোকক কওমী মাদ্রাছাত ১৬ বছৰৰ ভিতৰত ১৫ বছৰ কাল বান্দাৰ (ৰহঃ) লিখা ভুলেৰে ভৰা Note book (কিতাব) পঢ়োৱা হয়। ১৬তম বছৰত ৫০-৬০,০০০ হাদীছৰ কিতাব পঢ়োৱা হয়¸ যিসমূহ আলিমসকলে মনত ৰাখিবও নোৱাৰে। এওঁলোকৰ বেছিভাগ পীৰ-তৰিকা, আওলিয়াসকলৰ গল্প, মাজহাব, তাবিজ-কবজ ইত্যাদিত পাৰদর্শী হয়। কিছুমান আলিম কম চিন্তাশীল, বিদাতী, শ্বির্কী আৰু অশ্লীল বাক্য বিনিময়ত আসক্ত হয়। এওঁলোকৰ licence আছে, reference নাই। এওঁলোক সংখ্যাত সর্বাধিক হয়।
২) কুৰআন-ছুন্নাহভিত্তিক আলিম(জ্ঞানী)
এওঁলোকে ১৫ বছৰ হাদীছ পঢ়ে-
[১ বছৰ=৪০ হাদীছ (আৰবাইন)।
২ বছৰ=বুলুগুল মাৰাম।
২ বছৰ →মিশকাত।
৪ বছৰ →সোনালী আৰবাহ।
২ বছৰ →বুখাৰী, মুছলিম।
৪ বছৰ →মদিনাত হাদীছ গৱেষণা]।
মুঠ ১৫ বছৰেই হাদীছ পঢ়োৱা হয়। সেইকাৰণে এওঁলোক কুৰআন আৰু ছুন্নাহত অধিক পাৰদর্শী হয় আৰু তেনেদৰে (কুৰআন আৰু ছুন্নাহভিত্তিক) আমল কৰে। এওঁলোকৰ licence আৰু reference আছে। এওঁলোক সংখ্যাত কম হয়।
৩)আধুনিক শিক্ষিত (জ্ঞানী)
ডাক্তৰ, ইঞ্জিনিয়াৰ, প্রফেচৰ, সচিবসহ বিভিন্ন উচ্চপদস্থ চাকৰিজীৱিসকলে এটা পর্যায়ত নিজে আমল কৰাৰ কাৰণে, ধর্মীয় নিয়ম-কানুন শিকিবলৈ গৈ, সকলোতকৈ সহজ (ছূৰা ক্বামাৰ ৫৪: ১৭,২২,৩২,৪০ ৰ “আমি কুৰআনক সহজ কৰি দিছোঁ বুজাৰ বাবে। গতিকে, আছেনে কোনো চিন্তাশীল ব্যক্তি?) সূলভ আৰু নির্ভুল কিতাপ কুৰআন আৰু ইয়াৰ তর্জমা পঢ়ে। এই মেধাবী, উচ্চশিক্ষিত, অভিজ্ঞ, বয়স্ক তথা প্রতিষ্ঠিত বান্দাসকলে সহজতে আৰু অলপ সময়তে দ্বীন বুজি লব পাৰে আৰু তেওঁলোকে হাত বঢ়ালেই  সুযোগ্য আলিমসকলৰ সৈতে সু-সম্পৰ্ক কৰি কুৰআন আৰু ছুন্নাহত পাৰদর্শী হয়। মূলতঃ এওঁলোকে কুৰআনৰ ছূৰা মুহাম্মদ ৪৭: ৩৩ নং আয়াতটো হুবহু মানি চলে।
য’ত আল্লাহ তা‘আলাই কৈছে,
” হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা, ৰাছূলৰ (চাল্লাল্লাহু আলাইহি অছাল্লাম) আনুগত্য কৰা আৰু নিজৰ কর্ম বা আমল বিনষ্ট নকৰিবা।”
দ্বীনত কোনো বান্দাৰ (ৰহঃ) পাণ্ডিত্য নচলে, সেইটো জানিয়েই এওঁলোকে মাজহাব, পীৰ, ওলী আদিত বিশ্বাসী নহয়। এওঁলোকৰ licence নাই reference আছে। এওঁলোক সংখ্যাত খুব কম হয়। এওঁলোকৰ প্রচাৰ পদ্ধতি আৰু ভাষা অত্যাধুনিক হোৱাত শিক্ষিত বান্দাসকলে সহজেই বুজিব পাৰে।
#আলোচনাত বুজা গৈছে, প্রথম পর্যায়ৰ জ্ঞানীসকল মাজহাব আৰু পীৰ অনুসাৰী হয়।
দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ জ্ঞানীসকল কুৰআন আৰু ছুন্নাহৰ অনুসাৰী হয় আৰু এওঁলোকৰ মাজত প্ৰথম পৰ্যায়ৰ জ্ঞানীসকলৰ মতানৈক্য থাকে।

Leave a comment