মহাশত্ৰু

♚♚ মহাশত্ৰু ♚♚

মানুহৰ শত্ৰু মানুহ হব পাৰে , কিন্তু মানুহৰ মহাশত্ৰু হৈছে ” চয়তান ” , যি মানুহক আল্লাহে নিৰ্ধাৰণ কৰি দিয়া সঠিক পথৰ পৰা আঁতৰাই পথভ্ৰষ্ট কৰাৰ অহৰহ চেষ্টা কৰি থাকে । আল্লাহে কৈছে , প্ৰত্যেকটো পথভ্ৰষ্টতাৰ পৰিণতি জাহান্নাম !!

এই ” চয়তান ” নামৰ অপশক্তিয়ে মানুহক কোৰআন হাদীছৰ প্ৰকৃত জ্ঞান লোৱাত আমাৰ মনটো সদায়েই  আঁতৰাই ৰাখে , আমাৰ মাজত মিলাপ্ৰিতীত বিঘিনি ঘটাই এজনক আনজনৰ শত্ৰু জ্ঞান কৰাত উদগণি যোগায় ।। চয়তানৰ এনে ৠনাত্মক প্ৰচেষ্টা সমূহক হৃদয়ঙ্গম কৰি তাৰ পৰা আঁতৰি থাকিব পাৰিলেহে আমি ইন শ্বা আল্লাহ মহান আল্লাহৰ হিদায়ত লাভ কৰিবলৈ সক্ষম হম !!

     মন কৰিব লগা বিষয় যে আজিৰ এই যান্ত্ৰিক পৃথিৱীখনত আমি বহুতো শিক্ষিত / অশিক্ষিত লোকে বসবাস কৰি আহিছোঁ  । বিজ্ঞানৰ ন’ ন’ আবিস্কাৰ সমূহৰ পৰা আৰম্ভ কৰি ৰাজনীতি , সমাজনীতি , অৰ্থনীতি ইত্যাদি পাৰ্থিৱ জীৱনৰ প্ৰায়বোৰ বিষয়েই আমি গৰিষ্ঠ সংখ্যক মানুহেই বুজি পাবলৈ সক্ষম হওঁ !! কিন্তু ৰহস্য জনক বিষয় যে দ্বীন ইছলাম সম্পৰ্কীয় যিকোনো বিষয় এটা অহাৰ লগে লগেই  আমাৰ সেই বুজাৰ প্ৰৱণতা যেন কৰবাত হেৰাই যায় !! এক তীব্র অজান শক্তিয়ে আমাৰ মগজুক যেন দৃঢ়তাৰে কৈ থাকে : ” এয়াটো আমাৰ চিন্তনীয় বিষয় নহয় , এই বিষয়বোৰৰ বাবে আল্লাহে আমাৰ মাজত আলীম উলেমা নামৰ শক্তি সমূহক মকৰল কৰি দিছে “!! লগে লগেই আমাৰ মাজৰ পৰা কোৰআন হাদীছৰ জ্ঞান লোৱাৰ মানসিকতা ক্ষন্তেকতেই নোহোৱা হৈ যায় আৰু আমি যথাসৰ্বচ্চ তেখেতসকলৰ ওপৰত এৰি দি বিলাসীতা জীৱনৰ সৈতে নিজকে ব্যস্ত কৰি দিওঁ !! এই আত্মসমৰ্পনে এনে এক পৰ্য্যায়লৈ গতি কৰে যে – পবিত্ৰ ৰমজান মাহত আল্লাহৰ কালাম খনো নিজে তিলাৱত নকৰি তেখেত সকলক আমাৰ হৈ পঢ়িবলৈ দিওঁ , দোৱা দৰূদ সমূহো নিজে আন্তৰিকতাৰে নপঢ়ি বিভিন্ন খতমৰ নাম দি তেখেতসকলক ঠিকা ভিত্তিত পঢ়িবলৈ দিওঁ !! ঘৰত কাৰোবাৰ ইন্তেকাল হলে মৈয়তৰ গুণাহ মাফৰ বাবে আল্লাহৰ ওচৰত নিজে দো’আ নকৰি তিন দিনিয়া / চল্লিচ দিনিয়া / কঢ়ি খতম ইত্যাদি বিভিন্ন নামাকৰণে আনৰ ওপৰত দো’আৰ দায়িত্ব অৰ্পণ কৰি অনামুচলীমৰ সংস্কৃতিৰে ভোজ ভাতৰ আয়োজন কৰো !!

এনেদৰেই দ্বীন ইছলামৰ জ্ঞান আহৰণ কৰাৰ পৰা আমাক এক বিশেষ শক্তিয়ে আঁতৰাই ৰখাৰ বাবেই এনে অসংখ্য অপকৰ্মকেই আমি ইছলাম বুলি ভাবি কৰি আহিছো আৰু নিজকে জাহান্নামৰ দিশলৈ আগুৱাই নি আছোঁ !! মানুহৰ মন মগজুৰ নেপথ্যত অহৰহ ক্ৰিয়া কৰি আমাক বিপথে পৰিচালিত কৰি থকা এই বিশেষ শক্তিটোৰ নামেই হৈছে ” চয়তান “। যি আল্লাহৰ নিৰ্দেশনাক অৱমাননা কৰি একমাত্ৰ আমাক আল্লাহৰ পথৰ পৰা বিচলিত কৰিবৰ বাবেই দুনিয়াইলৈ আহিছে !! সেয়েহে আমি যদি এই চয়তানৰ উদ্দেশ্যক উপলব্ধি নকৰো , চয়তানৰ প্ৰভাৱৰ পৰা নিজকে মুক্ত কৰাৰ চেষ্টা নকৰো , তেন্তে আমাৰ আখেৰাতৰ ধ্বংস অনিবাৰ্য্য !!

সেয়েহে আহক ইন শ্বা আল্লাহ আমি সকলোৱে কোৰআন হাদীছৰ প্ৰকৃত জ্ঞান আহৰণ কৰি বিশুদ্ধ আক্বীদাৰে শুদ্ধ পদ্ধতিৰে ইবাদত কৰাৰ চেষ্টা কৰোঁ ! প্ৰত্যেকটো মূহৰ্তই আমি চয়তানৰ দংশনৰ পৰা বাচি থাকিবলৈ সতৰ্কতা অৱলম্বন কৰোঁ , যিহেতু এই চয়তানেই হৈছে মানৱ জীৱনৰ ম-হা-শ-ত্ৰু …….
✍🏻মুক্তাবুল হুছেইন

Leave a comment