দুই মহৰ যুঁজত বিৰিণাৰ মৃত্যু

⚠ দুই মহৰ যুঁজত বিৰিণাৰ মৃত্যু ⚠

   বিগত কেইটিমান বছৰৰ পৰা ফেচবুক , বাতৰি কাকত ও স্থান বিশেষে বিভিন্ন ঠাইত কোৰআন হাদীছৰ অনুসাৰি বনাম ফেকাহ ও জয়ীফ হাদীছ অনুসাৰি ইছলাম ধৰ্ম্মালম্বী লোকসকলৰ মাজত এক শীতল যুদ্ধ অব্যাহত থকা আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ ।

কোৰআন হাদীছৰ অনুসাৰি সকলে চহীহ দলীলৰ ত্বথ্য সহকাৰে সদায়েই সত্য প্ৰচাৰ কৰাৰ বিপৰীতে ফেকাহ ও জয়ীফ হাদীছৰ অনুসাৰি সকলে কোৰআন হাদীছৰ ত্বথ্যকো খন্ডন কৰি  পৰম্পৰাগত দলীল বিহীন আমলৰ বাবে মানুহক আহ্বান জনোৱাৰ এক অঘোষিত প্ৰতিযোগিতা চলাই আহিছে । এনে এক পৰিস্থিতিত ” দুই মহৰ যুঁজত বিৰিণাৰ মৃত্যু ” হোৱাৰ দৰে বহুতো সাধাৰণ শ্ৰেণীৰ লোক আজি দিশহাৰা হৈ পৰিছে ! কাক ধৰিব আৰু কাক এৰিব , সেই লৈ সঠিক সিদ্ধান্ত লোৱাত অসুবিধাৰ সন্মুখীন হব লগাত পৰিছে !!

সেয়েহে তেনে শ্ৰেণীৰ লোকসকলৰ প্ৰতি আমি আহ্বান জনাওঁ যে – আপোনালোকে যদি প্ৰকৃত ইছলামৰ সন্ধান বিচাৰে , তেন্তে নিৰপেক্ষ স্হিতি অৱলম্বন কৰক । যিমান ডাঙৰেই ব্যক্তি নহওঁক কিয় , যি দলৰেই নহওঁক কিয়, কোনো মানুহৰেই মুখৰ কথাত পতিয়ন নাযাব ! দ্বীন ইছলাম কেতিয়াও মুখৰ কথাত নচলে , সকলো মূখ্য বিষয়ৰেই হাদীছ স্পষ্ট হৈ আছে । সেয়েহে বিতৰ্কিত বিষয় সমূহত ব্যক্তি মৰ্য্যদাক লঘু জ্ঞান কৰি চহীহ হাদীছৰ মৰ্য্যদাক গুৰুত্ব দিয়ক ! যাৰ কথাতেই চহীহ হাদীছৰ ত্বথ্য পাব , নিশ্চয় সেই কথাই ইন শ্বা আল্লাহ হাচৰৰ ময়দানত সত্য বুলি বিবেচিত হব । আমি পাহৰি গলে নহব যে ৰোজ হাচৰত কোনেও কাকো সহায় কৰিব নোৱাৰে , সকলোৰে বাবে হব কেৱল য়া নাফ্চি য়া নাফ্চি ! একমাত্ৰ চহীহ আমল লৈ গলেহে ইন শ্বা আল্লাহ নবী চল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ বাবে আল্লাহৰ ওচৰত চুপাৰিছ কৰিব ! অন্যথা ভূৱা আমলকাৰীৰ বাবে নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কাওচাৰৰ পানী পান কৰাটোও সিদিনা অসম্ভৱ হব !

আমি যি সকলে ইছলাম প্ৰচাৰৰ নামত কাম কৰি আহিছোঁ , তেনে প্ৰত্যেক ব্যক্তিয়েই সদায় সাৱধানতা অৱলম্বন কৰা উচিত ! কিয়নো প্ৰচাৰকৰ কোনো ভূল ত্বথ্যৰ বাবে যদি কোনো সাধাৰণ ব্যক্তি বিপথে পৰিচালিত হয় , তেন্তে আমি হয়তো আল্লাহৰ ওচৰত জবাবদিহি হব লাগিব ।

সেয়েহে সময় থাকোতেই সত্যৰ সন্ধান কৰক , নিশ্চয় জান্নাতৰ মজা ভবাতকৈও ইন শ্বা আল্লাহ বহুত বেছি হব ……….

Leave a comment