প্ৰশ্ন : আল্লাহে আপোনাক/আমাক কিয় সৃষ্টি কৰিছে ⁉

💢 প্ৰশ্ন : আল্লাহে  আপোনাক/আমাক  কিয় সৃষ্টি কৰিছে ⁉

 উত্তৰ :- সকলো  প্রকাৰ শ্বিৰ্ক   বর্জন কৰি  যাবতীয় ইবাদত কেৱলমাত্র আল্লাহৰ  উদ্দেশ্যে সম্পাদন আৰু তাৰ  আদিষ্ট বিষয়সমূহৰ  বাস্তবায়ন আৰু  নিষিদ্ধ বিষয়সমূহক পৰিত্যাগৰ  মাধ্যমেৰে  তাৰ  আনুগত্যৰ বাবেই তেওঁ আমাক  সৃষ্টি কৰিছে ।
ইৰশ্বাদ কৰা হৈছে ,

﴿وَمَا خَلَقۡتُ ٱلۡجِنَّ وَٱلۡإِنسَ إِلَّا لِيَعۡبُدُونِ ٥٦﴾ [الذاريات: ٥٦]

 “ কেৱলমাত্ৰ মোৰ  ইবাদত কৰাৰ কাৰণেই  মই মানব আৰু  জিন জাতি সৃষ্টি কৰিছোঁ ” (যাৰিয়াত  ৫৬)।

অন্য ঠাইত ঘোষণা কৰা হৈছে ,

﴿۞وَٱعۡبُدُواْ ٱللَّهَ وَلَا تُشۡرِكُواْ بِهِۦ شَيۡ‍ٔٗاۖ﴾ [النساء: ٣٦]

“ আৰু তোমালোকে  আল্লাহৰ  ইবাদত কৰা আৰু তাৰ লগত কাকো  শ্বৰীক নকৰিবা ।”  (নিছা ৩৬)।

Leave a comment