কোৰআন অৱতীৰ্ণৰ পদ্ধতি

♚♚কোৰআন অৱতীৰ্ণৰ পদ্ধতি ♚♚

  পবিত্ৰ আল-কোৰআন পৃথিৱীৰ এনে এক বাস্তৱ মহাগ্ৰন্হ , যাক পৃথিৱীৰ কোনো গ্ৰন্থৰ সৈতে তুলনা কৰিব নোৱাৰি ! কোৰআনৰ সম্পূৰ্ণ এক নিজস্ব সুকীয়া বৈশিষ্ট্য আছে , যি বৈশিষ্ট্য আন কোনো সাধাৰণ গ্ৰন্থত দেখিবলৈ পোৱা নাযায় । ইয়াত গ্ৰন্থ প্ৰণয়নৰ সাধাৰণ নীতি নিয়ম অনুসৰি গ্ৰন্থৰ মূল বিষয়বস্তু আৰু কেন্দ্ৰীয় আলোচ্য বিষয় সম্পৰ্কে আলোচনা কৰা হোৱা নাই ! সেয়েহে গ্ৰন্থ প্ৰণয়নৰ সাধাৰণ নীতি নিয়ম বা গ্ৰন্থৰ ক্ৰমিক পৰ্য্যায় পবিত্ৰ কোৰআনত পোৱা নাযায় !! সম্পূৰ্ণ নিজস্ব বৈশিষ্ট্যৰে কোৰআন বিদ্যমান ।

অৱতীৰ্ণৰ ধাৰাবাহিকতাৰ দিশৰ পৰা অধ্যয়ন কৰিলে দেখা যায় যে – মক্কা নগৰীত যি সময়ত মানৱতাৰ ভূলুন্ঠন হৈছিল , নাৰীক সমাজে পণ্য সামগ্ৰীৰ দৰে জ্ঞান কৰিছিল , কণ্যা সন্তান জন্ম হলে জীৱন্তে পুতি পেলাইছিল , ঠিক তেনে এক সন্দ্ধিক্ষনত পবিত্ৰ কোৰআন অৱতীৰ্ণ হৈছিল । মহান আল্লাহে নবী চল্লাল্লাহু আলাইহি অছাল্লামক নবুৱতৰ গুৰুদায়িত্ব দি মানুহক দ্বীন ইছলামৰ সঠিক দিশলৈ আহ্বান কৰিবলৈ নিৰ্দেশ দিছিল । আল্লাহৰ এই পৰিকল্পনাত যেতিয়াই যি আদেশ-উপদেশৰ প্ৰয়োজন হৈছিল , সেইয়া ওহীৰ মাধ্যমেৰে মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লামলৈ প্ৰেৰণ কৰিছিল । কোৰআন অৱতীৰ্ণৰ ধাৰাবাহিকতা মূলতঃ তিনিটা দিশৰ ওপৰত নিৰ্ভৰশীল আছিল ।

১] নবুৱতৰ দৰে এক গুৰু দায়িত্ব পালন কৰিবলৈ হলে নবী এজনে কি ধৰণৰ প্ৰস্তুতি অৱলম্বন কৰিব লাগিব আৰু কেনেকৈ কাম কৰিব লাগিব , সেই সম্পৰ্কে মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লামক আল্লাহে শিক্ষা দিছিল ।

২] প্ৰকৃত ৰহস্য আৰু তত্ত্ব সম্পৰ্কে , প্ৰাথমিক ত্বথ্য আৰু নিগূঢ় সত্য সম্পৰ্কে সমাজত প্ৰচলিত ভূল ধাৰণা সমূহৰ প্ৰতিবাদ কৰাৰ লগতে এনে অন্দ্ধ বিশ্বাস সমূহৰ বাবেই তেওঁলোকৰ জীৱন ভ্ৰান্ত পথে পৰিচালিত হোৱাৰ বিষয়ে উল্লেখিত হৈছিল ।

৩] কোৰআনৰ মাধ্যমেৰেই মানুহক প্ৰকৃত জীৱন পদ্ধতিৰ দিশে আহ্বান কৰা আৰু আল্লাহৰ বিধানৰ মৌলিক চৰিত্ৰ আৰু নীতিৰ বিশ্লেষণ কৰা হৈছিল ; যিহেতু কোৰআনৰ নীতি অনুসৰণতেই নিহত হৈ আছে বিশ্ব মানৱৰ চিৰন্তন কল্যাণ আৰু সৌভাগ্য ।

সেয়েহে আহক ইন শ্বা আল্লাহ আমি সকলোৱে আল্লাহৰ কোৰআন অৱতীৰ্ণৰ মহৎ উদ্দেশ্য হৃদয়ঙ্গম কৰি আমিও সফল আৰু সৌভাগ্যৱান হবলৈ পবিত্ৰ কোৰআন বুজি পঢ়াত গুৰুত্ব দিওঁ ! আল্লাহৰ মহৎ চৰিত্ৰৰ সৈতে কাকো তিলমানো অংশীদ্বাৰ নকৰি শ্বীৰ্ক মুক্ত জীৱন গঢ়াৰ চেষ্টা কৰোঁ ………

Leave a comment