নিৰ্দ্দেশনা

✨✨ নিৰ্দ্দেশনা ✨✨
     
            পবিত্ৰ কোৰআন আৰু চহীহ হাদীছ অনুসৰি আমল কৰিবলৈ চেষ্টা কৰা সকলক আজি সমাজৰ তথাকথিত এক শ্ৰেণীয়ে আহলে খবিছ্ , লা-মাজহাবী , খ্ৰীষ্টানৰ এজেন্ট ইত্যাদি বিভিন্ন গুণবাচক নামেৰে নামাকৰণ কৰি মনত বহুত আনন্দ পাইছে ! আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে পথভ্ৰষ্ট নহবলৈ কোৰআন আৰু চহীহ চুন্নতক খামুচি ধৰিবলৈ কোৱাৰ বাবেই যি সকল লোকে সেই আদেশ মনাৰ চেষ্টা কৰিছে , তেনে লোকৰ প্ৰতি আপোনালোকৰ এনে ব্যঙ্গাত্মক মন্তব্যই প্ৰকৃততে কাক ভেঙুচালি কৰিছে চিন্তা কৰিছেনে ??

     আপোনালোকক তিলমানো আমি বেয়া পোৱা নাই বৰং পুতৌ জন্মিছে আপোনালোকৰ প্ৰতি !! যিহেতু  ইছলামৰ বিশুদ্ধ জ্ঞানৰ অভাৱৰ বাবেই আজি আপোনালোকৰ এনে মন্তব্য !! কলিমাৰ দ্বিতীয় অংশৰ দ্বাৰা মুখেৰে কেৱল ” মই সাক্ষী দিছোঁ মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ প্ৰেৰিত ৰাছূল ” বুলি কলেই নহব , বৰং কাৰ্য্যৰে ইয়াক পূৰ্ণমাত্ৰাই বিশুদ্ধ আমলৰ দ্বাৰা প্ৰমাণ কৰিব লাগিব !! কিন্তু দেখা গৈছে যে আপোনালোকে আনক কেৱল গালি পৰাতেই ব্যস্ত থাকি নিজেই কলিমাৰ বিৰুদ্ধাচৰণ কৰি আছে !! অথচ চয়তানে আপোনালোকক সেই দিশত সতৰ্ক হোৱাৰ পৰিৱৰ্তে আনক ভেঙুচালি কৰাৰ উচতনি দি আছে , আৰু আপোনালোকে তাকেই কৰি পৰম আত্মতৃপ্তি লাভ কৰিছে !! কলিমাৰ বিৰুদ্ধাচৰণ , অৰ্থাৎ মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশ কেনেদৰে অমান্য কৰিছে চাওক –

নবী (চঃ) কৈছে : ” কোনোবাই যদি কোনো আমল কৰে , যি আমলৰ নিৰ্দেশ আমি দিয়া নাই , তেনে আমল পৰিতাজ্য / বৰ্জ্জনীয় ” ( চহীহ মুচলীম , হাঃ১৭১৮ )।

এতিয়া প্ৰশ্ন হয় , চালাতৰ বাবে ঠিয় হৈ জাইনামাজ পাকৰ দো’আ , চালাতৰ শাব্দিক নিয়ত মুখেৰে পঢ়া , ফৰজ চালাতৰ পাছত ইমামৰ সৈতে কৰা সন্মিলিত দো’আ , তাশ্বাহুদত ” আশ্হ্বাদুআল্লা ইলাহা….” কওঁতে ক্ষন্তেকৰ বাবে শ্বাহাদত আঙুলি দাঙি নমাই দিয়া ইত্যাদি আমল কৰিবলৈ নবী (চঃ) নিৰ্দেশ দিছেনে ?? নিশ্চিত ভাবে ১০০% দিয়া নাই ! তেন্তে এনে বৰ্জ্জনীয় আমলক যি সকলে প্ৰাধান্যতা দি আমল কৰি আছে , তেখেতসকলে মহানবী মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশ অমান্য কৰা নাইনে ??

এনেধৰণৰ অসংখ্য ভূৱা আমলত নিমজ্জিত ব্যক্তি সকলে চহীহ হাদীছৰ অনুসাৰী সকলক বিৰুদ্ধাচৰণ কৰাটো অতি স্বাভাৱিক বিষয় ! সেয়েহে আনক ভেঙুচালি কৰাতকৈ নিজে কৰি থকা আমলৰ বিশুদ্ধতা চহীহ হাদীছৰ দলীলেৰে সন্ধান কৰক , অন্যথা যাতে শেষ বিচাৰৰ দিনা নিজেই ভেঙুচালিৰ পাত্ৰ হবলগা নহয়……..

Leave a comment