আপোনাৰ পৰিচয় কি? আপোনাৰ পৰিচয় আছিল মুছলিম, আপোনাক হানফি বনালে কোনে? আপোনাৰ কি অকল মুছলিম পৰিচয় যথেষ্ট নহয় ?

আপোনাৰ পৰিচয় কি?
আপোনাৰ পৰিচয় আছিল মুছলিম, আপোনাক হানফি বনালে কোনে? আপোনাৰ কি অকল মুছলিম পৰিচয় যথেষ্ট নহয় ? আপোনাৰ তো দেখা গৈছে হানফি পৰিচয়ো যথেষ্ট নহয় । কাৰণ আপুনি যদি হানফি দাবী কৰে তেনেহলে কওমি, আলিয়া, হিফাজত ইছলাম, জামাতে ইছলাম, ইছলামি ঐক্য জোট, ইছলামী আন্দোলন, কাদেৰিয়া, নকচাবন্দি, চিচতিয়া,আটৰচি, তাবলীগ জামাত , তালামিয়ে ইছলাম, খিলাফত মজলিচ, ইত্যাদি পৰিচয় কিয় ?

এইভাৱে দলে দলে ভাগ হবলৈ কি ইমাম আবু হানিফা ৰহঃ নিৰ্দেশ দি গৈছে । ইমাম আবু হানিফা ৰহঃ ৰ কেইটা দল আছিল ? আৰু তেওঁৰ দলৰ নাম কি আছিল ? এইভাৱে দলে দলে ভাগ হোৱা আল্লাহ হাৰাম কৰিছে । আৰু আল্লাহ যি হাৰাম কৰিলে সেয়া হালাল কৰিলে কোনে ? তেনেহলে আল্লাহৰ বাহিৰে আমাৰ কি হালাল হাৰাম নিৰ্ধাৰণ কৰাৰ ক্ষমতা আছে।

আল্লাহ কৈছে , ” আল্লাহৰ বাহিৰে কাৰো বিধান দিয়াৰ ক্ষমতা নাই “। (ছুৰা: ইউছুফ-আয়াত ৪০ )

আৰু আল্লাহৰ আদেশ আমান্য কৰি, যাৰ আদেশ মান্য কৰিলো তাকে তো আল্লাহৰ আসনত বহালো । ইয়াত কি শ্বিৰ্ক হল নে তাওহীদ হল ?
তেনেহলে শ্বিৰ্ক কৰিলে মুশ্বৰিক নহয় নেকি ?

আল্লাহ কৈছে, “..তোমালোক মুশ্বৰিকৰ অন্তৰ্ভুক্ত ন’হবা । যি সকলে দ্বীনক ভাগ কৰি দলে দলে বিভক্ত হৈ গৈছে “। (ছুৰা: ৰুম: আয়াত- ৩১-৩২)

Leave a comment