#ছালাত/নামাজত থিয় হোৱা:
১। ভৰিৰ আংগুলি ক্বিবলামুখী কৰি থিয় হ’ব। (বুখাৰী- ২৬৯)
২। ভৰিৰ লগত ভৰি মিলাই থিয় হোৱা – জামা‘আতত থিয় হ’লে ভৰিৰ লগত ভৰি আৰু কান্ধৰ লগত কান্ধ মিলাই থিয় হ’ব। (বুখাৰী- ৬৮৯)
৩। ছিজদাৰ স্থানত দৃষ্টি ৰাখিব। (মিশকাত- ৯৩১)
৪। অন্তৰেৰে নিয়ত কৰিব। মুখেৰে উচ্চাৰণ কৰি পঢ়া নাযাব। নিয়তৰ কোনো স্পষ্ট দু’আ হাদিছত নাই। (বুখাৰী- ১)
#তকবীৰ:
৫। আল্লাহু আকবাৰ কৈ পোনে পোনে ছালাত/নামাজ আৰম্ভ কৰিব।(বুখাৰী- ৭০১, মুছলিম- ৭৫২)
#হাত ৰখা:
৬। বুকুৰ ওপৰত হাত ৰাখিব লাগিব। (আবু দাউদ- ৭৫৯)
নাভীৰ তলত হাত ৰখাৰ হাদিছ যঈফ।
#আৰম্ভণি:
৭। আউযুবিল্লাহি মিনাশ্ব শ্বাইতানিৰ ৰাযিম আৰু বিছমিল্লাহি ৰাহমানীৰ ৰাহীম পঢ়াৰ পিছত ছূৰা ফাতিহা পঢ়িব। তাৰপিছত অন্য ছূৰা পঢ়িব। (বুখাৰী ৭০২, মুছলিম ৭৫৮)
ইমামৰ পিছত ছূৰা ফাতিহা মনে মনে পঢ়িব লাগিব। (আবু দাউদ- ৮২৩, নাছাঈ- ৯২৩)
#ৰাফাউল ইয়াদাইন:
৮। ৰুকুত যোৱাৰ আগতে আকৌ হাত কান্ধ বা কাণলৈকে তুলিব লাগিব আৰু কব ‘আল্লাহু আকবাৰ’। (বুখাৰী- ৬৯৯¸ ৭০২; মুছলিম- ৭৪৫, ৭৪৮, ৭৯৯; আবুদাউদ- ৭২১, ৭২২; ইবনে মাজাহ- ৮৫৮, ৮৬৭; তিৰমিজি- ২৫৫, ২৫৬; নাছাঈ- ৮৭৯, ৮৮১)
#ৰুকু :
৯। পিঠি আৰু মূৰ পোন কৰি ৰাখিব। হাতৰ তলুৱাৰে আঁঠুত মজবুত বাবে ধৰি কব ‘চুবহানা ৰব্বীয়াল আযিম।’ (৩ বাৰ) (বুখাৰী- ৭৯০; ইবনে মাজাহ- ৮৭৪; তিৰমিজি- ২৫৮; নাছাঈ- ১০৩০, ১০৩৭)
#ৰাফাউল ইয়াদাইন :
১০। ৰুকুৰ পৰা উঠাৰ পিছত আকৌ হাত তুলিব লাগিব আৰু কব ‘চামি য়াল্লাহু লিমান হামিদা’ আৰু থিয় হৈ কব ‘ৰব্বানা লাকুম হাম্দ’। (মুছলিম- ৭৫২, আবু দাউদ- ৭৩০, ইবনে মাজাহ- ৮৬২, তিৰমিজি- ২৬৬)।
#ছিজদাহ :
১১। আগতে হাত মাটিত ৰাখিব, তাৰ পিছত আঁঠু ৰাখিব। কিলাকুটি কাষলতিৰ পৰা আঁতৰত ৰাখিব, মাটিত কুকুৰৰ নিচিনা হাত পাৰি নিদিব আৰু কব ‘চুবহানা ৰব্বীয়াল আ’লা’। (বুখাৰী- ৫০৭¸ ৭৭০¸ ৭৮৪; ইবনে মাজাহ- ৮৮০, মুছলিম- ৯৮৩, ৯৮৫, ৯৮৮; তিৰমিজি- ২৭০; আবু দাঊদ- ৮৪০)
১২। ভৰিৰ পতা থিযকৈ় আৰু ক্বিবলামুখী কৰি ৰাখিব। (বুখাৰী- ৭৯০)
১৩। দুই ছিজদাৰ মাজত কিছুসময় বহি কব, ‘ৰব্বীগ ফিৰলী’ (১বাৰ বা ২বাৰ) এইটো নক’লে তাৰ ছালাত নহ’ব। (বুখাৰী- ৭২১¸ ৭৫৫¸ ৭৫৭; মুছলিম- ৭৬৮, ৯৪২; তিৰমিজি- ২৮৪,২৮৫; নাছাঈ- ২৮৭)
১৪। আকৌ দ্বিতীয় ছিজদাহ কৰিব আৰু কব ‘চুবহানা ৰব্বীয়াল আ’লা’ (৩বাৰ)। ঐ
#দ্বিতীয় ৰাকাতত বহা :
১৫। বাওঁ-ভৰি পাৰি লৈ তাৰ ওপৰত বহিব আৰু সোঁ-ভৰি ক্বিবলাৰ ফালে থিয় কৰি ৰাখিব। সোঁ-হাতৰ আঙুলি চিত্রত দেখুওৱা ধৰণে ৰাখিব লাগিব ‘ক্বিবলাৰ পিনে’ আৰু চকুৰ দৃষ্টি ৰাখিব লাগিব আঙুলিৰ পিনে। এনেকৈ বহা অৱস্থাত আঙুলি লৰাই থাকিব শেষলৈকে আৰু আত্তাহিয়্যাতু… পঢ়িব সম্পূৰ্ণটো।
(বুখাৰী- ৭৩০¸ মুছলিম- ৯৯১, আবু দাউদ- ৭২৬¸ ৯৫৭; নাছাঈ- ৮৯২, ১২৬৮; মিশকাত- ৮৫০)
#শেষ বৈঠকত বহা :
১৬। শেষ বৈঠকত যেতিয়া বহিব, ‘আত্তাহিয়্যাতু… , দুৰূদ আৰু দু’আয়ে মা’ছুৰা পঢ়িব ‘আৰু আঙুলি লৰাই থাকিব ছালাত/নামাজৰ শেষলৈকে। বহিব লাগিব চিত্রত দেখুওৱাৰ নিচিনাকৈ। বাওঁ-ভৰি সোঁ-ফালে আগুৱাই মাটিত বহিব আৰু সোঁ-ভৰি থিয় কৰি ৰাখিব। (বুখাৰী- ৭৯০; আবুদাউদ- ৭৩০, ৯৬৩; মুৱাত্তা- ৩/৫২; মিশকাত- ৭৪৫)
#চালাম :
১৭। ছালাতৰ শেষত, “আচ্ছালামু আলাইকুম ওৱা ৰহমতুল্লাহ” বুলি কৈ দুয়ো কাষে চালাম ফিৰাই ছালাত শেষ কৰিব। (বুখাৰী- ৯৭৪, আবুদাউদ- ১১৭৪)।
(ফৰজ ছালাতৰ শেষত হাত তুলি দু’আ নকৰিব। হাদিছত ইয়াৰ কোনো প্ৰমাণ নাই, গতিকে এইটো এটা স্পষ্ট বিদ’আত। সেই সময়ত হাত নোতোলাকৈ নিজে নিজে পাঠ কৰিবলগীয়া কিছুমান ছুন্নতি জিকিৰ আচগাৰ আছে)।