ছালাত/নামাজ ৰ বিবৰণ

ছালাত/নামাজ ৰ বিবৰণ  (صفة الصلاة) :

ছালাতৰ  বিস্তাৰিত  নিয়ম-কানূন বিভিন্ন হাদীছত বর্ণিত হৈছে । এতেকে  নিম্নেৰ  হাদীছটোত  অধিকাংশ বিধান একত্রিত পোৱা  যায়   ।-

 আবু হুমায়েদ সা‘এদী (ৰা:) এদিন দহজন ছাহাবীক ক’লে , মই  ৰাছুল  (ছাঃ)-ৰ  ছালাত সম্পর্কে আপোনালোকতকৈ  অধিক অবগত। সিহঁতে ক’লে , তেনেহলে কোৱা। তেতিয়া তেওঁ কবলৈ আৰম্ভ কৰিলে যে, ৰাছুলুল্লাহ (ছাঃ)এ যেতিয়া  ছালাতত থিয় হৈছিল, তেতিয়া
(১) দুই হাত কান্ধৰ সমান   উঠাই  তাকবীৰ কৈছিল ।  তাৰপিছত  ক্বিৰাআত কৰিছিল । তাৰপিছত  তাকবীৰ দি
(২) দুই হাত কান্ধৰ সমান  উঠাই ৰুকুত গৈছিল। সেইসময়ত দুই হাত আঠুৰ  ওপৰত ৰাখিছিল আৰু মূৰ  আৰু  পিঠি চিধা ৰাখিছিল  । তাৰপিছত  ছামি‘আল্লা-হু লেমান হামিদাহ কৈ ৰুকুৰ পাৰে উঠি চিধা  হৈ থিয় হোৱাৰ সময়ত ,
(৩) দুই হাত কান্ধৰ সমান উঠাইছিল । তাৰপিছত  তাকবীৰ  দি ছিজদাত গৈ   দুই হাত দুই পাঁজৰ পৰা   ফাঁক ৰাখিছিল আৰু  দুই ভৰিৰ আংগুলিবিলাক খোলা ৰাখিছিল ।  (‘ক্বিবলাৰ পিনে কৰি  ৰাখিছিল ’ -বুখাৰী  হা/৮২৮; ঐ, মিশকাত হা/৭৯২)।

তাৰপিছত উঠিছিল আৰু বাওঁ ভৰিৰ পাতাৰ ওপৰত চিধা হৈ বহিছিল,   প্রত্যেক হাড় স্ব স্ব স্থানত ঠিকমতে বহি যোৱা লৈকে  বহি আছিল । তাৰপিছত থিয় হৈছিল । তাৰপিছত  দ্বিতীয় ৰাকাততও এনেদৰেই কৰিছিল । গতিকে তাৰপিছত যেতিয়া  দ্বিতীয় ৰাক‘আতৰ শেষত  (তৃতীয় ৰাক‘আতৰ বাবে ) উঠাইছিল , তেতিয়া  তাকবীৰ  দি থিয় হৈ  (৪) দই ’হাত কাণৰ সমান এনেভাৱে উঠিছিল , যেনেকৈ  তাকবীৰে তহৰীমাৰ  সময়ত উঠাইছিল । এনেকৈয়ে তেওঁ  অবশিষ্ট ছালাতত কৰিছিল কৰিছিল ।
 অবশেষত যেতিয়া শেষৰ ছিজদাত গৈ পাইছিল যাৰ পিছত চালাম ফিৰাব লাগে   তেতিয়া বাওঁ ভৰি সোঁফালে  আগবঢ়াই দিছিল আৰু বাওঁ নিতম্বৰৰ ওপৰত বহিছিল ।

 (قَعَدَ مُتَوَرِّكًا)। তাৰপিছত চালাম ফিৰাইছিল ’। এই বর্ণনা শুনাৰ পিছত উপস্থিত দহজন চাহাবীৰ সকলোৱে কৈ উঠিছিল   ‘ছাদাক্বতা’ (صَدَقْتَ),

 ‘ আপুনি  সত্য কৈছে ’। এনেকৈয়ে ৰাছুলুল্লাহ  (ছাঃ) এ ছালাত আদায় কৰিছিল ’।[1]

[1] . আবুদাঊদ হা/৭৩০ ‘হাদীছ ছহীহ’; দাৰেমী,  তিৰমিজি , ইবনু মাজাহ প্রভৃতি; ঐ, মিশকাত হা/৮০১ ‘ছালাত’ অধ্যায়-৪ ‘ছালাতৰ  বিবৰণ ’ অনুচ্ছেদ-১০; বঙ্গানুবাদ মেশকাত শৰীফ  (ঢাকা : এমদাদিয়া লাইব্রেৰী ,  ৫ম মুদ্রণ ১৯৮৭) হা/৭৪৫ (১২), ১/৩৪০ পৃঃ।

Leave a comment