সন্তানক কুৰআন শিক্ষা দিয়াৰ ফযিলতঃ

সন্তানক কুৰআন শিক্ষা দিয়াৰ ফযিলতঃ
———————-
প্রখ্যাত চাহাবী বুৰায়দা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত হৈছে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে,

যি ব্যক্তিয়ে কুৰআন  পঢ়ে আৰু ইয়াৰ ওপৰত আমল কৰে, তাৰ মাতা-পিতাক কিয়ামতৰ দিনা এনেকুৱা এটিকৈ [নূৰৰ] মুকুট পিন্ধোৱা হ’ব, যাৰ জ্যোতি সূর্যৰ জ্যোতিৰ দৰে হ’ব আকৌ তেওঁলোকক এনেকুৱা দুটি পোচাক পৰিধান কৰোৱা হ’ব যাৰ মূল্য গোটেই পৃথিৱী আৰু তাৰ মাজত যিবোৰ আছে তাতকৈও বেছি হ’ব।
তেতিয়া তেওঁলোকে প্ৰশ্ন কৰিব, হে আমাৰ প্রতিপালক! কিয় আমাক এই পোচাক পিন্ধোৱা হ’ল? তেতিয়া কোৱা হ’ব, তোমালোকৰ সন্তানৰ কুৰআন শিক্ষা আৰু আমলৰ কাৰণে।”
(হাকিম 1/756¸ আলবানী (ৰহ.)য়ে হাদীছটিক হাছান বুলি কৈছে)
____
লক্ষণীয় যে¸ ইয়াত কিন্তু হাফিজ হোৱাৰ কথা কোৱা হোৱা নাই¸ বৰং কুৰআন শিক্ষা আৰু তদানুযায়ী আমলৰ কথা কোৱা হৈছে। কুৰআনৰ হাফিজ হোৱাৰ মর্যদা আছে। কিন্তু কোনোবাই যদি হাফিজ হ’ল কিন্তু আমল নকৰিলে¸ তেনেহ’লে সেই মর্যদা লাভ কৰিব নোৱাৰিব।
________
( ****সন্তান হাফিজ হ’লে তেওঁ দহ জন ব্যক্তিক জান্নাতত নিয়াৰ ছুপাৰিচ কৰিব পাৰিব। এই হাদীছটি ছহীহ নহয়।)

শাইখ আব্দুল্লাহিল হাদী।

Leave a comment