গৰুৰ দ্বাৰা আকিকা কৰিব পাৰিনে?কোৰবানীৰ সৈতে ভাগে আকীকা দিব পাৰিনে?
_______________________________________
উত্তৰঃ ইছলামৰ পৰিভাষাত সন্তান জন্ম গ্রহণ কৰাৰ পিছত আল্লাহৰ শ্বুকৰিয়া ও আনন্দৰ বহিঃপ্রকাশ হিচাবে আল্লাহৰ সন্তুষ্টি অর্জনৰ কাৰণে যি পশু জবেহ কৰা হয়, তাকে আকীকা বোলা হয়।
১-আকীকাৰ হুকুমঃ- অধিকাংশ আলিমৰ মতে সন্তানৰ আকীকা কৰা ছুন্নাতে মুৱাক্কাদাহ। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে-
“যি ব্যক্তিয়ে নিজ সন্তানৰ আকীকা কৰিব বিচাৰে, তেওঁ যেন তাক পালন কৰে”। (আহমাদ ও আবু দাউদ)
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে আকৌ কৈছে-
প্রতিটো সন্তানেই আকীকাৰ বিনিময়ত আটক হৈ থাকে”। (আহমাদ, তিৰমিজী ও অন্যান্য চুনান গ্রন্থ)
২-আকীকা কৰাৰ সময়ঃ -আকীকাৰ কাৰণে উত্তম সময় হ’ল সন্তান ভুমিষ্ঠ হোৱাৰ সপ্তম দিবস। সপ্তম দিনা আকীকা কৰাৰ লগতে সন্তানৰ সুন্দৰ নাম ৰখা, মূৰৰ চুলি কমোৱা আৰু চুলিৰ সমপৰিমাণ ওজনৰ ৰূপ ছাদকাহ কৰাও মুস্তাহাব। (তিৰমিজী)
বিনা কাৰণত আকীকা দিয়াত বিলম্ব কৰা ছুন্নাতৰ বিৰোধিতা কৰাৰ অন্তর্ভুক্ত। দাৰিদ্রতা বা অন্য কোনো কাৰণত যদি ৭ দিনত আকীকা কৰিবলৈ সক্ষম নহয়, তেনেহ’লে যেতিয়াই অভাৱ দূৰ হ’ব, তেতিয়াই আকীকা কৰা জায়েজ আছে।
৩-কেনে ধৰণৰ পশুৰ দ্বাৰা আকীকা কৰিব লাগে? সংখ্যা কিমান?
আকীকাৰ ক্ষেত্রত ছুন্নাত হ’ল, পুত্ৰ সন্তান হ’লে দু‘টি দুম্বা বা ছাগলী আৰু ছোৱালী সন্তান হ’লে এটি দুম্বা বা ছাগলীৰ দ্বাৰা আকীকা কৰা। কিয়নো ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে-
“পুত্ৰ সন্তানৰ পক্ষৰ পৰা দু‘টি সমবয়সৰ ছাগলী আৰু ছোৱালী সন্তানৰ পক্ষৰ পৰা এটি ছাগলীৰ দ্বাৰা আকীকা দিব লাগিব। (আহমাদ ও তিৰমিজী) আর্থিক অস্বচ্ছলতাৰ কাৰণে যদি পুত্ৰ সন্তানৰ পক্ষৰ পৰা দু‘টি ছাগলীৰ দ্বাৰা আকীকা দিব নোৱাৰে, তেন্তে এটি ছাগলীৰে আকীকা দিলেও হব।
৪-আকীকাৰ মাংস কোনে খাব পাৰে?
আকীকাৰ মাংস কুৰবানীৰ মাংসৰ দৰেই। তাক নিজে খাব, আত্মীয় স্বজনক খুৱাব আৰু গৰীব-মিছকীনক ছাদাকা কৰিব। আকীকাৰ মাংসও কুৰবানীৰ দৰে তিনি ভাগ কৰা জৰুৰী নহয়। আকীকাৰ মাংস যদি আটাইখিনি ৰান্ধে আৰু আত্মীয়-স্বজন ও বন্ধু-বান্ধৱ আৰু অন্যান্য মুছলিমসকলক দাওৱাত দি খুওৱা হয, তথাপিও জায়েজ আছে।
৫-গৰুৰ দ্বাৰা আকীকা কৰাঃ
কোনো হাদীছতেই গৰুৰ দ্বাৰা আকীকা কৰাৰ কথা উল্লেখ হোৱা নাই। অথচ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহিৰ যুগত সকলো ধৰণৰ পশুৱেই বিদ্যমান আছিল। গতিকে উত্তম হৈছে ছাগলী বা দুম্বাৰ দ্বাৰা আকীকা কৰা।
৬-কোৰবানীৰ সৈতে ভাগে আকীকা দিয়াঃ
আমাৰ দেশত সাতভাগত গৰুৰ দ্বাৰা কুৰবানী কৰাৰ ক্ষেত্রত আকীকাৰ অংশীদাৰ হোৱাৰ নিয়ম ব্যপকভাৱে প্রচলিত আছে। এইটো হাদীছ সন্মত নহয়। আকীকা যিহেতু এটি এবাদত, সেয়ে হাদীছত যেনেকৈ বর্ণিত হৈছে তেনেদৰেই পালন কৰা উচিত। আল্লাহু আলম।