পোচাকৰ ছয়টা মূলনীতি:-
(ক) পুৰুষৰ কাৰণে নূন্যতম আঁঠুৰ তলৰ পৰা নাভিৰ ওপৰলৈকে পোচাক থাকিব লাগিব। ইমানখিনি পোচাক পিন্ধা পুৰুষৰ কাৰণে ফৰজ। নাৰীৰ ক্ষেত্রত মুখমণ্ডল, হাতৰ পতা, ভৰিৰ পতাৰ বাহিৰে সকলো অঙ্গ ঢাকি ৰখা পোচাকৰ চর্তৰ অন্তর্ভূক্ত।
(খ) পোচাক যথেষ্ট পৰিমাণে ঢিলা হব লাগিব। টাইট ফিটিং আৰু পাতল হব নোৱাৰিব¸ য’ত শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গসমূহ প্ৰকাশ পায়।
(গ) পোচাক এনেকুৱা যেন নহয়¸ যাতে সি অন্য ধর্মৰ প্রতীক বহন কৰে।
(ঘ) পুৰুষৰ পোচাক যেন ভৰিৰ সৰু গাঁঠিৰ তললৈ নযায়।
(ঙ) পুৰুষৰ কাৰণে জাফৰান (গেৰুৱা) আৰু ৰেচমী পোচাক পৰিধান কৰা নিষেধ।
(চ) পুৰুষৰ পোচাক নাৰীৰ সাদৃশ্য আৰু নাৰীৰ পোচাক পুৰুষৰ সাদৃশ্য যেন নহয়। অর্থাৎ নাৰী-পুৰুষৰ পোচাকত পার্থক্য থাকিব লাগিব।
পোচাকৰ মাজত এই ছয়টা মূল-নীতি থাকিলে তাক ছুন্নাতি পোচাক বুলি কব পাৰি। মুঠতে কোনো নিৰ্দিষ্ট ছুন্নাতি পোচাক নাই।