আল্লাহ তা‘আলাই কৈছে: “হে আদম সন্তান, মোৰ ইবাদতৰ বাবে তোমালোকে নিজৰ অৱসৰ তৈয়াৰ কৰা আৰু ইবাদতত মগ্ন হোৱা

বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহিম ।।
আচ্ছালমুআলাইকুম ওৱা ৰহমতুল্লাহি ওৱা বাৰাকাতুহু ।।

💢 আজি আমি সকলোৱেই ব্যস্ত। গোটেই পৃথিৱীৰ সকলো মানুহেই ব্যস্ত। ধনী-দুখীয়া বুলি কোনো কথাই নাই। সকলোতে কেৱল ব্যস্ততা আৰু ব্যস্ততা। এক অশান্তিৰ পৰিৱেশত যেন আমি আমাৰ জীৱন অতিবাহিত কৰি আছোঁ। এনে লাগে যেন আমি সকলো মানুহ অভাৱগ্ৰস্ত হৈ পৰিছোঁ। একোৱেই আমাৰ চাহিদা পূৰণ কৰিব নোৱাৰে। 💢

👉👉 হে মানৱ জাতি মহান আল্লাহে কি কৈছে এবাৰ মন দি পঢ়ক আৰু নিজেই চিন্তা কৰক আমাৰ এনে দশা হোৱাৰ মূল কাৰণ কি ⁉

👉ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, আল্লাহ তা‘আলাই কৈছে:

“হে আদম সন্তান, মোৰ  ইবাদতৰ বাবে তোমালোকে নিজৰ অৱসৰ তৈয়াৰ কৰা আৰু ইবাদতত মগ্ন হোৱা, তেতিয়া মই তোমালোকৰ  অন্তৰক প্রাচুর্যৰ দ্বাৰা ভৰপূৰ কৰি দিম আৰু তোমালোকৰ দাৰিদ্ৰতা দূৰ কৰি দিম; আৰু যদি তোমালোকে সেইটো নকৰা, তেনেহ’লে মই তোমালোকৰ হাত ব্যস্ততাৰে ভৰাই দিম আৰু তোমালোকৰ অভাৱ কেতিয়াও দূৰ নকৰোঁ।”👈 (তিৰমিযী ২৪৬৬, আৰু  ইবনে মাজাহ, ৪১০৭)

আল্লাহে আমাক বিবেক দিছে, বুদ্ধি দিছে, জ্ঞান দিছে আমি অলপো চিন্তা নকৰিম নে ⁉

🖌আফজাল হুছেইন

Leave a comment