তাবিজ দিয়া বা ওলমোৱাসকলে ভাৱিব পাৰে, কোৰআনৰ দ্বাৰা তাবিজ ব্যৱহাৰ কৰা নাজায়েজ বা শ্বিৰ্ক কেনেকৈ হ’ব পাৰে?

#তাবিজ দিয়া বা ওলমোৱাসকলে ভাৱিব পাৰে, কোৰআনৰ দ্বাৰা তাবিজ ব্যৱহাৰ কৰা নাজায়েজ বা শ্বিৰ্ক কেনেকৈ হ’ব পাৰে?

উত্তৰ: আপেল খালে শৰীৰত শক্তি হয়, পুষ্টি আহে, ভিটামিন আহে,
এই কথাটো সকলোৱে নামানে জানোঁ?

এতিয়া যদি ১ কেজি আপেল বজাৰৰ পৰা কিনি আনি ডিঙিত ওলোমাই ৰাখে, তেতিয়া কি হ’ব?
কি পৰিমাণৰ ভিটামিন শৰীৰত সোমাব? কি পাব তাত? বৰং পচি গ’লে আৰু অধিক অসুস্থহে হৈ পৰিব !!

ডাক্তৰৰ প্ৰেচক্ৰিপচনখন বা টেবলেট কেইটা ডিঙিত ওলোমাই ল’লে বেমাৰ ভাল হ’বনে? বৰং সেই প্ৰেচক্ৰিপচনৰ দিহা-পৰামৰ্শ অনুসৰি ঔষধ সেৱন কৰিব লাগিব। তেতিয়াহে বেমাৰ ভাল হোৱাৰ আশা কৰিব পাৰি। ঔষধ খোৱাৰ অনুমতি আছে¸ কিন্তু তাবিজ লোৱাৰ কোনো অনুমতি নাই। বৰং বাধাহে আছে।

”যি ব্যক্তিয়ে তাবিজ ওলোমালে, সি শ্বির্ক কৰিলে” [মুছনাদে আহমাদ- ৪/১৫৬¸ চনদ ছহীহ]

গতিকে , কোৰআন ওলোমাই ৰাখিলে কোনো চাওৱাব নাই বা কোনো লাভ নহ’ব। বৰং কোৰআন পঢ়িলে, চাওৱাব আছে, ৰোগৰ পৰা  মুক্তি আছে! কোৰআন এখন পূৰ্ণাঙ্গ সংবিধান। কোৰআন পঢ়িব লাগিব আৰু সেইমতে আমল কৰিব লাগিব। তেতিয়াহে আমি সফল হোৱাৰ আশা কৰিব পাৰোঁ।

কোৰআন মানেই হ’ল পাঠযোগ্য কিতাব ।। ওলোমাই ৰখা কিতাব নহয় ।।।

Leave a comment