নাবী_চাল্লাল্লাহু_আলাইহি_অছাল্লাম ও তেওঁৰ চাহাবীসকলৰ জীৱন-যাপন কেনেকুৱা আছিল আৰু তেওঁলোকে দুনিয়াৰ পৰা কি অৱস্থাত বিদায় লৈছিল–

#নাবী_চাল্লাল্লাহু_আলাইহি_অছাল্লাম ও তেওঁৰ চাহাবীসকলৰ জীৱন-যাপন কেনেকুৱা আছিল আৰু তেওঁলোকে দুনিয়াৰ পৰা কি অৱস্থাত বিদায় লৈছিল—
______________________________

আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে- আল্লাহৰ কচম! যাৰ বাহিৰে কোনো মাবূদ নাই। মই ভোকৰ তাড়নাত ওপৰ হৈ পৰি আছিলোঁ। আনহাতে কেতিয়াবা পেটত শিল বান্ধি ৰাখিছিলোঁ। এদিন মই (ক্ষুধাৰ যন্ত্রণাত বাধ্য হৈ) নাবী চাল্লাল্লাহু আলাইহি অছাল্লাম ও চাহাবীসকলৰ ৰাষ্টাত বহি আছিলোঁ। আবূ বকৰ ৰাদ্বিয়াল্লাহু আনহু গৈ আছিল। মই কুৰআনৰ এটা আয়াত সম্পর্কে প্রশ্ন কৰিলোঁ। মই তেওঁক প্রশ্ন কৰিলোঁ এই উদ্দেশে যে, তেওঁ মোক পৰিতৃপ্ত কৰি খুৱাব। কিন্তু তেওঁ একো নকৰিলে। ইয়াৰ পিছত ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহু গৈ আছিল। মই তেওঁক কুৰআনৰ এটা আয়াত সম্পর্কে প্রশ্ন কৰিলোঁ। মই প্রশ্ন কৰিলোঁ এই উদ্দেশ্যে যে, তেওঁ মোক পৰিতৃপ্ত কৰি খুৱাব। কিন্তু তেওঁ গুচি গ’ল। একো নকৰিলে। ইয়াৰ পিছত আবুল কাছিম চাল্লাল্লাহু আলাইহি অছাল্লাম গৈ আছিল। তেওঁ মোক দেখিয়েই মিচিকিয়াই হাঁহিলে; আৰু মোৰ প্রাণৰ ও মোৰ চেহেৰাৰ অৱস্থা কি তেওঁ সেইটো বুজিব পাৰিলে। ইয়াৰ পিছত ক’লে, হে আবূ হিৰ! মই ক’লো, হে আল্লাহৰ ৰাছুল! মই হাজিৰ, তেওঁ ক’লে¸ তুমি মোৰ লগত বলা। এই বুলি কৈ তেওঁ গৈ থাকিল, ময়ো তেওঁৰ অনুসৰণ কৰিলোঁ। তেওঁ ঘৰত প্রৱেশৰ অনুমতি বিচাৰিলে আৰু মোক প্রৱেশৰ অনুমতি দিলে। তাৰ পিছত তেওঁ ঘৰত প্রৱেশ কৰি এটা পিয়লাত অলপ গাখীৰ পালে। তেওঁ ক’লে¸ এই গাখীৰ ক’ৰ পৰা আহিছে? তেওঁলোকে ক’লে, এইটো আপোনাক অমুক পুৰুষে বা অমুক মহিলাই হাদিয়া দিছে। তেওঁ ক’লে¸ হে আবূ হিৰ! মই ক’লো, মই হাজিৰ হে আল্লাহৰ ৰাছুল! তুমি ছুফফাবাসীসকলৰ ওচৰলৈ যোৱা আৰু তেওঁলোকক মোৰ ওচৰলৈ মাতি লৈ আঁহা। ৰাবীয়ে ক’লে, ছুফফাবাসীসকল আছিল ইছলামৰ মেহমান। তেওঁলোকৰ কোনো পৰিবাৰ নাছিল, নাছিল কোনো সম্পদ আৰু কাৰোবাৰ ওপৰত ভৰসা কৰাৰ কাৰণে তেওঁলোকৰ কোনো নাছিল। যেতিয়া তেওঁৰ ওচৰত কোনো ছাদাকাহ আহিছিল তেতিয়া তেওঁ সেইটো তেওঁলোকৰ ওচৰলৈ পঠিয়াই দিছিল। তেওঁ ইয়াৰ পৰা একোৱেই গ্রহণ কৰা নাছিল। আনহাতে যেতিয়া কোনো হাদিয়া আহিছিল, তেতিয়া তাৰ কিছু অংশ তেওঁলোকক দি দিছিল আৰু নিজৰ কাৰণে কিছু ৰাখিছিল। ইয়াৰ মাজত তেওঁলোকক শ্বৰীক কৰিছিল। এই আদেশ শুনি মই নিৰাশ হৈ গ’লো। মনে মনে ভাৱিলোঁ যে, এই সামান্য গাখীৰৰ দ্বাৰা ছুফফাবাসীসকলৰ কি হ’ব? এই সামান্য গাখীৰ মোৰ কাৰণেই যথেষ্ট হ’ব। এইটো পান কৰিলে মোৰ শৰীৰত শক্তি আহিব। যেতিয়া তেওঁলোক আহি পালে, তেতিয়া তেওঁ মোক আদেশ দিলে, ময়েই যেন সেইখিনি তেওঁলোকক দিওঁ। আনহাতে মোৰ আশা নাথাকিল যে, এই গাখীৰৰ পৰা মই কিছু পাম। কিন্তু আল্লাহ ও তেওঁৰ ৰাছুলৰ নির্দেশ নামানি কোনো উপায় নাই। সেয়ে তেওঁলোকৰ কাষলৈ গৈ তেওঁলোকক মাতি আনিলোঁ। তেওঁলোক আহি ভিতৰত প্রৱেশ কৰাৰ অনুমতি বিচৰাত তেওঁ তেওঁলোকক অনুমতি দিলে। তেওঁলোকে আহি ঘৰত আসন গ্রহণ কৰিলে। তেওঁ ক’লে¸ হে আবূ হিৰ! মই ক’লো, মই হাজিৰ হে আল্লাহৰ ৰাছুল! তেওঁ ক’লে, তুমি পিয়লাটো লোৱা আৰু তেওঁলোকক দিয়া। মই পিয়লা লৈ এজনক দিলোঁ। তেওঁ সেইখিনি তৃপ্ত হৈ পান কৰি পিয়লাটো মোক ওভতাই দিলে। মই আন এজনক পিয়লাটো দিলোঁ। তেৱোঁ তৃপ্ত হৈ পান কৰি পিয়লাটো মোক ওভতাই দিলে। আনকি মই এনেদৰে দিওঁতে দিওঁতে শেষত নাবী চাল্লাল্লাহু আলাইহি অছাল্লামলৈকে আহি উপস্থিত হ’লোঁ। তেওঁলোক সকলোৱেই তৃপ্ত হ’ল। তাৰ পিছত নাবী চাল্লাল্লাহু আলাইহি অছাল্লামে পিয়লাটো নিজৰ হাতত লৈ মোৰ ফালে চাই মৃদু হাঁহি মাৰিলে; আৰু ক’লে¸ হে আবূ হিৰ! মই ক’লোঁ, মই হাজিৰ, হে আল্লাহৰ ৰাছুল! তেওঁ ক’লে¸ এতিয়া তো মই আছোঁ আৰু তুমি আছা। মই ক’লোঁ, হে আল্লাহৰ ৰাছুল! আপুনি ঠিক কৈছে। তেওঁ ক’লে, এতিয়া তুমি বহা আৰু পান কৰা। তেতিয়া মই বহি পান কৰিলোঁ। তেওঁ ক’লে, তুমি আকৌ পান কৰা। মই আকৌ পান কৰিলোঁ। তেওঁ মোক পান কৰাৰ নির্দেশ দিয়েই থাকিল। আনকি মই ক’লো যে, আৰু নোৱাৰোঁ। যি সত্ত্বাই আপোনাক সত্য দ্বীনসহ পঠিয়াইছে, তেওঁৰ কচম। মোৰ পেটত আৰু ঠাই নাই। তেওঁ ক’লে, তেনেহ’লে মোক দিয়া। মই পিয়লাটো তেওঁক দিলোঁ। তেওঁ আল্লাহৰ প্রশংসা কৰিলে আৰু বিছমিল্লাহ্ বুলি বাকী পান কৰিলে। (ছহীহ বুখাৰী- তৌ.প্ৰ. ৬৪৫২, আ. প্র. ৬০০২, ই. ফা. ৬০০৮)

#হাদীছটোৰ_পৰা_জনা_যায় :
_________________________

(১) বহি পান কৰা মুস্তাহাব।

(২) মেহমানসকলক কিছু পান কৰোৱাৰ সময়ত খাদিমে নিজে পৰিৱেশন নকৰি পাত্র তেওঁলোকৰ হাতত এনেদৰে এৰি দিয়া যে, এজনৰ পান কৰা শেষ হ’লে তেওঁ তেওঁৰ কাষৰ সঙ্গীক পান কৰিব দিব, এইটো উচিত নহয়। কিয়নো এইটো মেহমানক অসন্মানৰ সৈতে চামিল।

(৩) ইয়াৰ মাজত বিৰাট মু‘জিযা নিহিত আছে।

(৪) অভাৱ-অনাটনৰ কথা প্রকাশ কৰা ও ঘোষণা দিয়াৰ পৰা সেইটো গোপন ৰখা বা ইয়াক ইঙ্গিত দিয়া শ্রেষ্ঠতৰ।

(৫) ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উদাৰতা আৰু তেওঁৰ নিজৰ, তেওঁৰ খাদিমৰ ও তেওঁৰ পৰিবাৰ পৰিজনৰ স্বার্থ ত্যাগ।

(৬) নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত কিছুসংখ্যক চাহাবীৰ অর্থনৈতিক অৱস্থা আছিল সঙ্কটময়।

(৭) আহলে ছুফফাৰ ফযীলাত।

(৮) আমন্ত্রিত ব্যক্তি আমন্ত্রণকাৰীৰ ঘৰলৈ আহি বিনা অনুমতিত যেন ঘৰত প্রৱেশ নকৰে।

(৯) আবু বকৰ ৰাদ্বিয়াল্লাহু আনহু আৰু ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সর্ব সময়ৰ সহযোগী- ইয়াৰ প্রমাণ বহন কৰে।

(১০) জেষ্ঠ্যসকলে তেওঁলোকৰ খাদিমসকলৰ উপনাম ধৰি মাতিব পাৰে।

(১১) কাৰোবাক মতাৰ সময়ত নাম সংক্ষিপ্ত কৰিব পৰা যায়। যেনে- আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়া আবু হিৰ বুলি মাতিছিল।

(১২) নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদিয়া বা উপঢৌকন গ্রহণ কৰিছিল আৰু খাইছিল। কিন্তু ছাদাকা খোৱা নাছিল বৰং সেইটো হক্কদাৰসকলৰ মাজ বিতৰণ কৰি দিছিল।

(১৩) আহ্বানকাৰীৰ  মাতত সহাঁৰি দিওঁতে সম্বোধিত ব্যক্তিয়ে ‘লাব্বাইকা’ বুলি কোৱা।

(১৪) খাদিমে মালিকৰ ঘৰত প্রৱেশকালত অনুমতি লব লাগিব।

(১৫) পৰিবেশনকাৰীয়ে শেষত পান কৰিব আৰু ঘৰৰ মালিকে তাৰ পিছত পান কৰিব। (ফাতহুল বাৰী)

Jubair Rahman 

Leave a comment