প্রশ্নঃ দূৰদৰ্শনত ফুটবল, ক্রিকেট আদি খেল চোৱাটো শ্বৰী‘আতসন্মত হয়নে?
দবা, লুডু, কেৰম আদি খেল খেলা জায়েয নে?
উত্তৰঃ যিবোৰ খেলত বহি বহি সময় নষ্ট কৰা হয়, য’ত শৰীৰৰ কোনো ব্যায়াম নহয়, তেনে খেল খেলা জায়েজ নহয়।
আনহাতে যিসকলে তাচপাত, লুডু বা দবা খেলত মত্ত থাকে, তেওঁলোকে নিজেই বুজিব পাৰিছে যে তেওঁলোকে কেনেকৈ সময়ৰ অপচয় কৰিছে। য’ত কোনো আল্লাহভীতিৰ একো নাই আৰু দুনিয়াবীও কোনো সফলতা নাই!
IPL, BPL, PSL ইত্যাদি হল স্পষ্ট যুৱা। যুৱা খেলাও জায়েয নহয় আৰু এইবোৰ সমৰ্থন কৰা বা দেখাও জায়েজ নহয়।
নিম্নোক্ত কাৰণ থকা খেলবোৰ পৰিত্যাগ কৰা জৰুৰী-
(১) সময় আৰু অর্থৰ অপচয়। আমোদৰ নামত
এই খেলবোৰে মানুহৰ সময় নষ্ট কৰে। তাৰোপৰি এইবোৰে মানুহৰ পকেট খালী কৰে আৰু পুঁজিপতিসকলৰ পকেট ভর্তি কৰাৰ একোটা ফান্দ মাত্র।
আল্লাহে কৈছে, ‘(সেইসকল মুমিন সফলকাম) যিসকলে অনর্থক কামৰ পৰা বিৰত থাকে’।
(ছুৰা মুমিনূন-৩)।
তেওঁ পুনৰ কৈছে, ‘তোমালোকে অপচয় নকৰিবা। নিশ্চয় অপচয়কাৰীসকল শ্বয়তানৰ ভাই। আকৌ শ্বয়তান আছিল তাৰ প্রতিপালকৰ প্রতি অকৃতজ্ঞ’। (বনী ইস্রাঈল ২৬-২৭)।
(২) যিবোৰ খেলে মানুহক ফৰজ কামৰ পৰা বিৰত ৰাখে। যিবোৰ খেলে মানুহক আল্লাহৰ স্মৰণৰ পৰা গাফিল কৰি দিয়ে। যেনে- নামাজৰ আজান হোৱাত মছজিদলৈ নগৈ খেল চাই থকা। এনেকোৱা পৰিস্থিতি হলে সেই খেল তেওৰ কাৰণে অৱশ্যেই হাৰাম হব।
(৩) যাৰ মাজত জুৱাৰ সম্পৃক্ততা আছে সেইটো হাৰাম।
(মায়েদাহঃ ৯০)।
(৪) এনে খেলসমূহ য’ত অশ্লীল নাচ-গান হয়, নাৰী পুৰুষৰ অবাধ বিচৰণ হয়, এই খেলক কেন্দ্র কৰি হাটে-বজাৰে জুৱাৰ আড্ডা বহে, কোটি কোটি টকা চৰকাৰৰ অপব্যয় ইত্যাদি হয়।
(৫) যত মদৰ বিজ্ঞাপন, বে-পর্দা নাৰীৰ বিজ্ঞাপন, মানুহে মানুহে জেদভাৱ¸ হাই-কাজিয়া¸ আনকি হত্যা পৰ্যন্ত হয়, এনেবোৰ খেল দেখা হাৰাম।
(৬) খেলৰ কাৰণে যদি মানুহৰ মাজত দলাদলি বা শত্ৰুতাৰ সৃষ্টি হয়। অৰ্থাৎ খেলক কেন্দ্ৰ কৰি অন্য দেশৰ মানুহৰ প্ৰতি শত্ৰুতা ভাৱ আহে তেনেহ’লে সেই খেল জায়েজ নহয়।
ফুটবল বা ক্ৰিকেট ম্যাচ’ যিবোৰ টকা অথবা এনেকুৱা পুৰষ্কাৰৰ কাৰণে খেলা হয় – এইবোৰ হাৰাম, কাৰণ এইটো হৈছে জুৱা।
(টকাৰ বিনিময়ত ফুটবল/ক্রিকেট খেলা, এইবোৰ ‘জুৱা’) কাৰণ হৈছে, ইছলামে তিনিটা খেলৰ বাহিৰে আন কোনো খেলৰ কাৰণে পুৰষ্কাৰৰ অনুমতি দিয়া নাই। ইছলামে পুৰষ্কাৰ লোৱাৰ অনুমতি দিয়া এনেকুৱা খেল হৈছে- – ঘোঁড়া দৌৰ প্রতিযোগিতা।
— উটৰ দৌৰ প্রতিযোগিতা।
— তীৰ নিক্ষেপ প্রতিযোগিতা।
(এই ৩টা খেলৰ বাহিৰে অন্য যিকোনো খেলৰ কাৰণে পুৰষ্কাৰ লোৱা হাৰাম, আৰু কোনোবাই পুৰষ্কাৰ ললে সেইটো জুৱা বুলি গণ্য হব)।
উপৰোক্ত নীতিৰ ওপৰত ভিত্তি কৰি, যুৱা খেলত অংশগ্রহণ কৰা হাৰাম, আৰু কোনোবাই যদি জানে যে, এইবোৰ পুৰষ্কাৰৰ কাৰণে খেলা হয়¸ তেনেহ’লে তাৰ কাৰণে এনেবোৰ খেল খেলা বা চোৱা জায়েজ নহয়। কাৰণ, এই খেলত অংশগ্রহণ কৰা বা দেখা মানে এইবোৰক সমর্থন কৰা।
কিন্তু, এই খেল যদি পুৰষ্কাৰৰ কাৰণে খেলা নহয়, আৰু কাকো আল্লাহৰ হুকুম যেনে- চালাত আৰু অন্য ইবাদতৰ পৰা অমনোযোগী নকৰে, আৰু এইবোৰৰ সৈতে কোনো প্রকাৰ হাৰাম কাম যেনে- – আওৰাহ প্রকাশ কৰা,
— নাৰী-পুৰুষৰ ফ্রী মিক্সিং,
— গান-বাজনা
ইত্যাদি জড়িত নাথাকে, তেনেহ’লে এনে ধৰণৰ খেলত অংশগ্রহণ কৰাত বা এই খেলসমূহ চোৱাত কোনো সমস্যা নাই।
যদি কোনো খেল খেলোতে মানুহৰ মাজত উদাস্য আৰু আল্লাহৰ জিকিৰ বা ইবাদতত বাধাৰ সৃষ্টি কৰে, তাৰ মানে খেলে তাক নিচাৰ দৰে আকৃষ্ট কৰে। আকৌ বহুত সময়ত খেলক কেন্দ্র কৰি উভয় দলৰ খেলুৱৈসকলৰ মাজত শত্রুতাৰ ভাৱ সৃষ্টি হয়। যিটোৱে মুছলিম সমাজৰ মাজত বিভেদ সৃষ্টি কৰে। আকৌ বহু সময়ত খেলুৱৈসকলৰ ওপৰত বাজি ধৰা হয়, যিটো শ্বৰীয়তৰ দৃষ্টিত হাৰাম। শ্বৰীয়তে কেৱল ৩টা প্রতিযোগিতাৰ অনুমতি দিছে, আৰু সেয়া হ’লঃ তীৰ, ঘোঁড়া আৰু উটৰ প্রতিযোগিতা।