প্রশ্ন (২/১২২) : বিবাহৰ পিছত স্বামী স্ত্রীৰ ওচৰত মোহৰ আদায়ৰ পৰা ক্ষমা খুজি লৈছে আৰু স্ত্রীও ক্ষমা কৰি দিছে। এনেকুৱা কৰা জায়েজ হৈছে নে?

প্রশ্ন (২/১২২) : বিবাহৰ পিছত স্বামী স্ত্রীৰ ওচৰত  মোহৰ আদায়ৰ পৰা ক্ষমা খুজি লৈছে  আৰু  স্ত্রীও ক্ষমা কৰি দিছে। এনেকুৱা  কৰা জায়েজ  হৈছে  নে?

উত্তৰ: এনেকুৱা কৰা জায়েজ নহয়। কাৰণ মোহৰ পৰিশোধ কৰা ফৰজ। আল্লাহ কৈছে , ‘তোমালোকে স্ত্রী সকলক তেওঁলোকৰ  মোহৰনা ফৰজ হিচাবে প্রদান কৰা। পিছে  তেওঁলোকে  যদি সেইবোৰৰ পৰা খুচী মনে তোমালোকক  কিবা দিয়ে, তেনেহ’লে সেইবোৰ  তোমালোকে সন্তুষ্টচিত্তে আনন্দৰে তৃপ্তি সহকাৰে  ভোগ কৰা’ (নিছাঃ ৪/৪)। তাৰপিছত ইয়াক ফৰজ হিচাবে ভাবি বিয়াৰ সময়ত স্ত্রীক নগদ অথবা পিছত  যিমান  দ্রুত সম্ভৱ পৰিশোধ কৰিব লাগিব। বিয়াৰ ৰাতি বা মৃত্যুৰ পূর্বে স্ত্রীৰ ওচৰত  মোহৰনা মাফ কৰি লোৱাৰ  ৰিওয়াজ নিঃসন্দেহে প্রতাৰণা  মূলক। ইয়াৰ পৰা  বিৰত থাকিব লাগিব ।
পিছে মোহৰ নগদ  নিদিলে স্ত্রী হালাল নহয়, এইকথা ভিত্তিহীন।

মাহেকীয় আত-তাহৰিক, জানুৱাৰী(২০১৭)

Leave a comment