হজ্জ ফৰজ হোৱাৰ দলীল আৰু হজ্জৰ চৰ্ত সমূহ হজ্জ কেই প্রকাৰ আৰু আৰু কি কি ⁉

💢 কি কি চৰ্ত পূৰণ হলে এজন মানুহৰ ওপৰত হজ্জ ফৰজ  হয় ⁉

উত্তৰ : নিম্ন বর্ণিত চৰ্তসমূহৰ সকলোকেইটা পূৰণ হলে হজ্জ ফৰজ হয়ঃ
(১) মুছলিম হোৱা । অমুছলিম অবস্থাত কোনো ইবাদাত আল্লাহৰ ওচৰত গ্রহণযোগ্য নহয়।
(২) বালিগ অৰ্থাৎ প্ৰাপ্তবয়স্ক হোৱা ।
(৩) জ্ঞান -বুদ্ধি থকা। অর্থাৎ অজ্ঞান আৰু  পাগলৰ  কোনো ইবাদাত নহয় ।
(৪) আর্থিক আৰু শাৰীৰিক  সক্ষমতা থকা। আর্থিক সক্ষমতাৰ  অর্থ হৈছে  হজ্জৰ  খৰচ বহন কৰাৰ পিছত  পৰিয়ালৰ ভৰণপোষণ কৰাৰ  সম্পদ আৰু সক্ষমতা থাকিব লাগিব। শাৰীৰিক  সুস্থতাৰ লগতে  যানবাহনৰ সুবিধা, বাট-ঘাটৰ  নিৰাপত্তা থকা আৰু মহিলা হলে তেওঁৰ লগত মাহৰাম পুৰুষ  থকা । এইবিলাক সক্ষমতাৰ ভিতৰত অন্তর্ভুক্ত। ইয়াৰ  কোনো  এটাৰ ব্যাঘাত হ’লে হজ্জ ফৰজ নহব ।

💢- হজ্জ ফৰজ হোৱাৰ দলীল কি ⁉

প্রথমতঃ আল্লাহ তা‘আলাৰ নির্দেশ। তেওঁ ক’লে : وَلِلَّهِ على الناس حج البيت من استطاع إليه سبيلاঅর্থঃ মানুহৰ মাজত যাৰ সামর্থ আছে আল্লাহৰ কাৰণে সেই ঘৰত হজ্জ কৰা তাৰ ওপৰত অবশ্য কর্তব্য।

( ছূৰা আল ইমৰাণ , ৯৭ )

দ্বিতীয়তে : ৰাছুল ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ হাদিচ ।
তেওঁ ক’লে :
(ক) ইছলামৰ ভিত্তি হৈছে  ৫টি স্তম্ভৰ ওপৰত  :
(১) আল্লাহৰ বাহিৰে কোনো  মা‘বুদ নাই আৰু   মুহাম্মাদ ছাল্লাল্লাহু  আলাইহি ওৱাছাল্লাম  আল্লাহৰ ৰাছুল এই  সাক্ষী  দিয়া ,
(২) ছালাত  আদায় কৰা
(৩) জাকাত দিয়া
(৪) ৰমজান মাহত ছিয়াম (ৰোজা) পালন কৰা আৰু
(৫) বায়তুল্লাহত হজ্জ পালন কৰা ।

(বুখাৰী : ৮)

(খ) হে মানুহসকল ! আল্লাহে  তোমালোকৰ ওপৰত হজ্জ ফৰজ কৰিছে ।  গতিকে তোমালোকে হজ্জ পালন কৰা ।

(মুছলিম : ৩০৯৫)

💢 প্ৰশ্ন :- হজ্জ কেই  প্রকাৰ আৰু আৰু   কি কি ⁉

 উত্তৰ : হজ্জ ৩ প্রকাৰ , যেনে :
(১) তামাত্তু,  (২) কিৰান , আৰু  (৩) ইফৰাদ।

প্রথমতঃ ‘তামাত্তু’ হল হজ্জৰ সময়ত  প্রথমে উমৰাহ কৰি  হালাল হৈ  ইহৰামৰ কাপোৰ সলাই  স্বাভাবিক জীবন যাপন কৰা। তাৰ  কিছু দিন পিছত আকৌ মক্কাৰ পৰাই   ইহৰাম বান্ধি হজ্জৰ  আহকাম পালন কৰা ।

দ্বিতীয়তঃ ‘কিৰান’ হল উমৰাহ আৰু হজ্জৰ মাজতে হালাল নোহোৱা আৰু ইহৰামৰ কাপোৰ নোখোলা । একেই  ইহৰামে আকৌ  হজ্জ সম্পাদন কৰা ।

তৃতীয়তঃ ‘ইফৰাদ’ হল উমৰাহ নকৰাকৈ কেৱলমাত্র হজ্জ কৰা ।

Leave a comment