হজ্জৰ ধাৰাবাহিক কাম
তাৰিখ স্থান আৰু কৰিবলগীয়া ইবাদত ,
৮ ম যিলহজ্জৰ পূর্বৰ কাম মীকাত(১) মীকাতৰ পৰা ইহৰাম বান্ধি লোৱা । মক্কা(২) কাবা ঘৰত উমৰাহৰ তাওৱাফ কৰা ।
(৩) ছাঈ কৰা ।
(৪) চুলি কটাই হালাল হৈ যোৱা ।
হজ্জৰ ধাৰাবাহিক কাম
৮ম যিলহজ্জ তাৰউইয়াৰ দিন মিনাত নিজ বাসস্থানতৰ পৰা ইহৰাম বান্ধি হজ্জৰ নিয়ত কৰি সূর্যোদয়ৰ পিছত মিনালৈ ৰাওনা হোৱা । তাতে যোহৰ , আচৰ , মাগৰিব, ইশ্বা আৰু ফজৰৰ ছালাত আদায় কৰা ।
৯ ম যিলহজ্জ (আৰফাৰ দিন) আৰাফা ময়দান
(১) সূর্যোদয়ৰ পিছত আৰাফাতলৈ ৰাওনা হোৱা ।
(২) যোহৰৰ প্রথম ওৱাক্তত যোহৰ আৰু আচৰ একেলগে আদায় কৰা , দুই দুই ৰাকআত কৰি ।
(৩) সূর্যাস্তৰ পিছত মুযদালিফালৈ ৰাওনা হোৱা । মাগৰিব- ইশ্বা তাতেই আদায় কৰা ।
(৪) তাতে ৰাতি অতিবাহিত কৰি প্রথম ওৱাক্তত অন্ধকাৰ থাকোতেই ফজৰৰ ছালাত আদায় কৰা ।
(৫) আকাশ উজ্জ্বল হোৱা লৈকে কিবলামুখী হৈ হাত তুলি দীর্ঘ সময় দোআ আৰু মোনাজাতত ব্যস্ত থাকা ।
(৬) ডাঙৰ জামাৰাত নিক্ষেপৰ বাবে ৭ টা কংকৰ বা পাথৰ ইয়াৰ পৰা লব পাৰে ।
১০ ম যিলহজ্জ (ঈদৰ দিন) মিনা(১) ডাঙৰ জামাৰাত ৭ টা কংকৰ ( পাথৰ ) নিক্ষেপ কৰা ।
(২) কুৰবানী কৰা ।
(৩) চুলি কটোৱা ।
তাৰপিছত ইহৰামৰ কাপোৰ সলাই সাধাৰণ পোছাক পিন্ধি লোৱা ।
মক্কা(৪) তাওৱাফে ইফাদা কৰা । সিদিনা নোৱাৰিলে এইটো ১১ বা ১২ তাৰিখে কৰিব পাৰে আৰু তাৰ লগতে ছাঈও কৰা ।
১১ ম যিলহজ্জ (আইয়ামে তাশ্বৰিক )
১ম দিন মিনা
(১) দুপৰীয়াৰ পিছত ক্ৰম ঠিক ৰাখি প্রথমত সৰু, মধ্যম আৰু তাৰপিছত ডাঙৰ জামৰাত প্রত্যেকটোত ৭ টাকৈ কংকৰ ( পাথৰ ) নিক্ষেপ কৰা ।
(২) মিনাত ৰাতি অতিবাহিত কৰা ।
১২ ম যিলহজ্জ (আইয়ামে তাশ্বৰিক )
২য় দিন
মিনা
১) পূর্বৰ নিয়মানুযায়ী ৩টা জামৰাত ৭+৭+৭=২১টা কংকৰ ( পাথৰ ) নিক্ষেপ কৰা ।
দুপৰীয়াৰ আগতে কংকৰ (পাথৰ) নিক্ষেপ নকৰিব ।
(২) সূর্যাস্তৰ আগত মিনা ত্যাগ কৰা । নোৱাৰিলে সেই ৰাতি ও মিনাত থাকিব ।
১৩ ম যিলহজ্জ (আইয়ামে তাশ্বৰিক )
৩য় দিন
মিনা(১) যিসকলে ৰাতি মিনাত অতিবাহিত কৰিছিল সিহঁতে আজি দুপুৰীয়াৰ পিছত পূর্বৰ দিনৰ নিয়মত ৭টা কৈ মুঠ ২১ টা কংকৰ ( পাথৰ ) নিক্ষেপ কৰা ।
তাৰপিছত মিনা ত্যাগ কৰা । তাৰপিছত দেশলৈ ওভতি যোৱাৰ আগতে মক্কা লৈ গৈ বিদায়ী তাওৱাফ কৰা ।