গুহাত আবদ্ধ হোৱা তিনি জন ব্যক্তিয়ে নিজৰ নিজৰ নেক আমলৰ উছিলা লৈ আল্লাহৰ ওচৰত কৰা প্ৰাৰ্থনা

 (কবৰ জিয়াৰতৰ মাছালা)
ইবনে উমৰ (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – ৰাছুলে কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, তিনিজন লোক ৰাস্তাত খোজ কাঢ়ি গৈ থাকোতে হঠাৎ বৰষুণ অহাত তেওঁলোকে পাহাৰৰ গুহা এটাত আশ্ৰয় ললে । কিছু সময় পিছত পাহাৰৰ পৰা শিল এটা খহি আহি গুহাৰ মুখ খন বন্ধ কৰি দিলে, তেতিয়া উক্ত লোক কেইজনে আল্লাহক সন্তুষ্টি কৰা নিজৰ জীবনৰ আমলৰ বিষয়ে আলোচনা কৰিব ধৰিলে, যাৰ ওছিলা লৈ প্ৰাৰ্থনা কৰিলে হয়তো সমস্যাৰ সমাধান হব পাৰে । এজনে কলে, হে আল্লাহ ! বাৰ্দ্ধক্যৰ শেষ অৱস্থাত উপনীত হোৱা মোৰ পিতা মাতা জীবিত থকা সময়ত মোৰ সৰু সৰু সন্তান আছিল । আমি তেওঁলোকৰ পোহপালৰ বাবে ছাগলী চৰাইছিলো আৰু সন্ধিয়া ঘৰলৈ ঘূৰি আহি গাখীৰ খিৰাই প্ৰথমে পিতা মাতাক পান কৰাইছিলো, তাৰ পিছতহে সন্তানক দিছিলো । এদিনাখন মই হাবিৰ বহু দূৰলৈ যোৱাত ঘূৰি আহোতে পলম হৈছিল্, ইতিমধ্যে মা-বাবা শুই পৰিছিল । মই গাখীৰ খিৰাই মা-বাবাৰ ওচৰলৈ গৈ তেওঁলোকৰ কাষত অপেক্ষা কৰিলো, তেওঁলোকক জগাবলৈ ইচ্ছা কৰা নাছিলো আৰু সন্তানক প্ৰথমে  গাখীৰ খুৱাবলৈও মন যোৱা নাছিল । সন্তান কেইটাই মোৰ ভৰিৰ কাষত আহি কন্দা কটা কৰি আছিল, তেনেতে ফজৰৰ সময় হৈছিল । হে আল্লাহ ! তুমি জ্ঞাত যে যদিহে মই উক্ত কাম তোমাৰ সন্তুষ্টিৰ বাবে কৰিছিলো, তেন্তে এই শিলটো আঁতৰাই দিয়া যাতে আমি আকাশখন দেখা পাওঁ । আল্লাহ তাআ’লাই শিলটো অলপ আঁতৰাই দিলে আৰু তেওঁলোকে আকাশ দেখা পাব ধৰিলে । দ্বিতীয় ব্যক্তি জনে কলে – হে আল্লাহ ! মোৰ খুড়াৰ জীয়েক, ভন্তী এগৰাকী আছিল, তেওঁক মই খুব ভাল পাইছিলো, স্বামীয়ে স্ত্ৰীক যিমান ভাল পায় তাতকৈ বেচি । মই তাইৰ আগত মোৰ মনৰ কামনা বাসনা প্ৰকাশ কৰিলো, তাই কলে, যেতিয়া লৈকে তাইক এশ দীনাৰ দিব নোৱাৰো তেতিয়া লৈকে তাই সুযোগ নিদিয়ে । গতিকে মই পৰিশ্ৰম কৰি এশ দীনাৰ জমা কৰিলো আৰু সেয়া লৈ তাইৰ ওচৰত আহিলো । মই তাইৰ লগত বেয়া কাম কৰিবলৈ লোৱাৰ আগ মূহুৰ্ত্তত তাই কলে, হে আল্লাহৰ বান্দা, আল্লাহক ভয় কৰা আৰু মোহৰ নুখুলিবা, অৰ্থাৎ তুমি যি কৰিব গৈছা, সেয়া অবৈধভাবে নকৰিবা । এই কথা কোৱাৰ লগে লগে মই তাইৰ পৰা আঁতৰি আহিলো, হে আল্লাহ ! তুমিটো জানা মই যদি উক্ত কাম তোমাৰ সন্তুষ্টিৰ বাবে কৰিছিলো তেন্তে আমাক এই বিপদৰ পৰা ৰক্ষা কৰা । তেতিয়া শিলটো আৰু অলপ আঁতৰি গ’ল । তৃতীয় ব্যক্তিয়ে কলে – হে আল্লাহ ! মই এজন লোকক কাম কৰিব ৰাখিছিলো,  কিছু চাউলৰ বিনিময়ত । কাম শেষ কৰি তেওঁ মোৰ পৰা তেওঁৰ হক বিচৰাত মই তেওঁৰ সন্মুখত তেওঁৰ হক পেচ কৰিলো । তেওঁ কিন্তু সেয়া গ্ৰহণ নকৰি গুছি গ’ল, গতিকে মই তেওঁৰ পাৰিশ্ৰমিক বৃদ্ধি কৰি যাব ধৰিলো আৰু অৱশেষত গৰখীয়া সহ অনেক গৰু জমা হ’ল । কিছুদিন পিছত তেওঁ ঘূৰি আহি মোক কলে, আল্লাহক ভয় কৰা, মোৰ লগত অন্যায় নকৰি মোৰ প্ৰাপ্য মোক আদায় দিয়া । মই কলো, গৰখীয়া সহ এই গৰু কেইটা লৈ যোৱা, তেওঁ কলে – মোৰ লগত ঠাট্টা নকৰিবা  । মই কলো, ঠাট্টা কৰা নাই সঁচাকৈ কৈছো, গৰখীয়া সহ এই গৰু কেইটা লৈ যোৱা, তেতিয়া তেওঁ সেয়া লৈ গুছি গ’ল । হে আল্লাহ ! তুমি জানা, মই যদি উক্ত কাম তোমাৰ সন্তুষ্টিৰ বাবে কৰিছিলো, তেন্তে শিলটো আঁতৰাই দি বাকী অংশ মুকলি কৰি দিয়া । তাৰ পিছত আল্লাহে শিলটো সম্পূৰ্ণৰূপে আঁতৰাই দিলে  (বুখাৰী, কিতাবুল আদব্)
৭) দোৱা কৰা সময়ত কিবলামুখী হোৱা উচিত :- উমৰ (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – বদৰৰ যুদ্ধত ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে মুশ্বৰিক সকলৰ ফালে চাই দেখিছিল তেওঁলোক সংখ্যাত এক হাজাৰ, আৰু চাহাবী আছিল তিনিশ উনৈছ জন । তাৰ পিছত নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কিবলামুখী হৈ দুই হাত তুলি উচ্চ স্বৰত প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা  কৰা আৰম্ভ কৰিছিল (মুখতাছাৰু ছহীহ মুছলিম্, হাদীছ নং ১১৫৮)
৮) কোনো নবী, অলী, বা বুজুৰ্গ ব্যক্তিৰ কবৰত দোৱা কৰা সময়ত তেওঁলোকৰ নামৰ শপত লোৱা নিষিদ্ধ :- ইবনে উমৰ (ৰাঃ) দ্বাৰা বৰ্ণিত, তেখেতে কৈছে – ৰাছুলে কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছিল, যি ব্যক্তিয়ে আল্লাহৰ বাদে আন কোনোবাৰ নামত শপত খায়্, তেওঁ শ্বিৰ্ক কৰিছে  (ছহীহ চুনান তিৰমিযী, ২য় খণ্ড্, হাদীছ নং ১২৪১)
৯) কোনো নবী, অলী বা বুজুৰ্গ ব্যক্তিৰ কবৰত দোৱা কৰা সময়ত নিজৰ প্ৰয়োজন আদি পেচ কৰা, প্ৰয়োজন পূৰণৰ বাবে তেওঁলোকৰ মাধ্যমত আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা, দুখ্-কষ্ট, বিপদ্-আপদ ও সমস্যা সমাধানৰ বাবে প্ৰাৰ্থনা জনোৱা অথবা উদ্দেশ্য পূৰণৰ বাবে আবেদন কৰা নিষিদ্ধ :- আব্দুলাহ ইবনে মাচউদ (ৰাঃ) দ্বাৰা বৰ্ণিত, তেখেতে কৈছে – ৰাছুলে কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, আল্লাহৰ লগত অংশীদাৰ সাব্যস্ত কৰা ব্যক্তি মৃত্যুৰ পিছত জাহান্নামত প্ৰবেশ কৰিব  (ছহীহ বুখাৰী)
আব্দুল্লাহ ইবনে আব্বাচ (ৰাঃ) য়ে কৈছে, এজন ব্যক্তি নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ শুশ্ৰুষা কৰিবলৈ হাজিৰ হ’ল, কথা পাতোতে পাতোতে কলে – “আপুনি যি ইচ্ছা কৰে আৰু আল্লাহে যি ইচ্ছা কৰে” । নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কলে – তুমি কি মোক আল্লাহৰ সমকক্ষ কৰি পেলাইছা ? এনে কথা কেতিয়াও নকবা, মাথো কবা যে আল্লাহে যি ইচ্ছা কৰে (বুখাৰী, চিলচিলা ছহীহা – আলবানী, ১/১৩৯)
১০) কবৰস্থান বা মাঝাৰত বহি কোৰআন তিলাৱত কৰা অবৈধ :- আবু হুৰাইৰা (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, তোমালোকে তোমালোকৰ ঘৰক কবৰস্থান নবনাবা, কাৰণ যি ঘৰত ছুৰা বাকাৰা পঢ়া হয় সেই ঘৰৰ পৰা ছয়তান পলাই যায়  (মুছলিম্, কিতাবু চালাতিল মুচাফিৰিন্)

Ikramul Hussain 

Leave a comment