পৃথিৱীত এনে এদল মানুহ আছে যিসকল অতি দুৰ্ভগীয়া , দুখীয়া আৰু প্ৰায় সময়ত বেছিভাগেই হয় সামাজিক বাবে লাঞ্চিত আৰু বঞ্চিত । আমি সকলোৱে এইসকলৰ অৱস্থা জানো যদিও আমি প্ৰায় সময়ত সিহঁতক আওকাণ কৰি বা ধ্যান নিদিয়াকৈয়ে গুচি যাওঁ । অথচ আল্লহে পবিত্র কোৰআন ৰ বিভিন্ন আয়াত ত সিহঁতৰ কথা উল্লেখ কৰি সকলো মানুহক সতৰ্ক কৰি দিছে । সিহঁতৰ প্ৰতি সৰল হবলৈ নিৰ্দেশ দিছে আৰু সিহঁতৰ সা সম্পদ আত্মসাৎ কৰা সকলৰ বাবে কঠোৰ শাস্তি দিয়া হব বুলি ঘোষণা কৰিছে ।
সেই মানুহ বিলাক হৈছে এতিম ( মাউৰা , ঘাটমাউৰা , Eng – orphans ) । আপুনি নিশ্চয় জানে আমাৰ প্ৰিয় নবী মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম ও এজন এতিম আছিল । আৰু ৰাছুল ( ছা: ) য়ে কৈছে যিজনে কোনো এজন এতিমক লালন পালন কৰিব জান্নাতত তাৰ বাসস্থান ৰাছুল ( ছা:) ৰ লগত থাকিব ।
কিন্তু আমি কেতিয়াবা সিহঁতৰ কথা এবাৰো ভাবো নে ?? সিহঁতৰ প্ৰাপ্য হক্ব আমি সিহঁতক দিওঁ নে ?? সিহঁতক আমি কেতিয়াবা মৰম কৰোঁ নে যেনেকৈ আমি আমাৰ নিজৰ সন্তানক মৰম স্নেহ কৰোঁ ?? সিহঁতৰ মাক – বাপেক নাই কাৰণে সিহঁতৰ কথা কোনোওঁ চিন্তা নকৰে । সৰু কালতেই মাক বাপেকক হেৰুৱাই বিভিন্ন জন বিভিন্ন পৰিস্থিতিত জীৱন কটাবলগীয়া হয় । খোৱা লোৱা ৰ ঠিকনা নাথাকে সিহঁতৰ , কেতিয়াবা পেটৰ ভোক ত ৰাস্তাত বা ডাষ্টবিন ত পৰি থকা পেলনীয়া বস্তু তুলি খাবলৈ বাধ্য হয় । দুৰ্ভাগ্য ইমানেই যে সিহঁতক বাধা দিওঁতা ও কোনো নাথাকে । পিন্ধবলৈ কাপোৰৰ অভাৱ থাকে সদায় আৰু সিহঁতৰ চেহেৰা ও হয় অতি দুখলগা ।
ঈদ উপলক্ষে সকলো লৰা ছোৱালীয়ে নিজৰ পিতৃ মাতৃক নতুন কাপোৰ কিনি দিবলৈ কয় বা সকলোৱে নিজৰ সন্তানক কাপোৰ কানি দিয়ে বা দিব নোৱাৰিলে ও ইটো সিটো ৰে সন্তনা দিয়ে । কিন্তু আপুনি কেতিয়াবা মন কৰিছানে সেই দুৰ্ভগীয়া সকলৰ কথা ?? সিহঁতে কিবা কবলৈ কাকো বিচাৰি নাপায় অথবা ধমক খোৱাৰ ভয়ত কাকো একো কবলৈ সাহস নকৰে । মনৰ কথা মনতে লুকাই ৰাখে আৰু হয়তো দুখ কষ্টত কেতিয়াবা অকলে অকলে উচুপি থাকে । কিন্তু মানুহ হিচাপে সিহঁতৰ ও একো একোটা মন আছে সিহঁতৰ ও কিবা আশা আছে । সিহঁতৰ বাৰু কি দোষ ?? সিহঁত কিয় এতিম হৈছে সিহঁতে নাজানে । আল্লাহৰ যি বিধান , আৰু আমি কোনেও নাজানোঁ কাৰ ওপৰত আল্লাহৰ কোন বিধান কেতিয়া আহে ।
আমি মানুহ হিচাপে আৰু মুমিন হিচাপে সিহঁতৰ কথা ভবা উচিত । সিহঁতৰ দায়িত্ব লোৱা আমাৰ কৰ্তব্য ।
ঈদ উপলক্ষে আপুনি আপোনাৰ সন্তান ক যেনেকৈ কাপোৰ কানি কিনি দিয়ে বা বিভিন্ন দামী দামী উপহাৰ দিয়ে । তাৰ পৰা অলপ খিনি হলেও আপুনি তেনে এজন দুৰ্ভগীয়া ক দি চাওঁক । কিমান সুখ পাব সি আপুনি হয়তো অনুমান কৰিব নোৱাৰে । নিজৰ আত্মীয় ৰ মাজত যদি কোনো থাকে বা নিজৰ আশে পাশে বা নিজৰ অঞ্চলত হাট বজাৰত যদি কোনো আছে আপুনি ঈদ উপলক্ষে হলেও তেনে এজনক সহায় কৰক ।
নিশ্চয় সি আনন্দিত হব আৰু আল্লাহ ও সন্তুষ্ট হব ।
আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ দুৰ্ভগীয়া মানুহ সকল কোন ??
আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ দুৰ্ভগীয়া মানুহ সকল কোন ??
বহুত ধুনীয়া হৈছে