হাৰাম হালাল সম্পৰ্কে ইছলামৰ নিৰ্দেশ

#এটা_কথা_মনত_ৰাখিব!!!

ইছলামত খোৱা বোৱা, পোছাক পৰিধান, লেন দেন ইত্যাদি বিষয়ত সকলো যায়েজ কেৱল সেইটো অবৈধ যিটো আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে

#আনহাতে

ইবাদতৰ ক্ষেত্ৰত সকলো ইবাদত হাৰাম¸ কেৱল সেই ইবাদতৰ বাহিৰে যিটো কৰিবলৈ আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে অনুমতি দিছে৷

সেয়ে প্ৰথম বিষয়টোত নাযায়েজ হোৱাৰ দলীল থাকিব লাগিব।

আকৌ দ্বিতীয় বিষয়টোৰ বাবে জায়েজ হোৱাৰ দলীল থাকিব লাগিব৷

আকৌ খোৱা-বস্তুৰ ক্ষেত্ৰত কিছুমানৰ বৈশিষ্ট্য উল্লেখ কৰা হৈছে¸ যেনে- উভচৰ প্ৰাণী, হিংস্ৰ প্ৰাণী ইত্যাদি। আন কিছুমান বস্তুৰ নাম স্পষ্টকৈ কুৰআন-হাদীছত উল্লেখ কৰা হৈছে¸ যেনে- গাহৰি¸ ভেকুলি ইত্যাদি।

Rafikul Madani

Leave a comment