———————————–
☞সন্তান আল্লাহৰ পক্ষৰ পৰা ডাঙৰ নিয়ামত আৰু আমানত। যাৰ কাৰণে সন্তানক সৎ, আদর্শৱান আৰু উত্তম চৰিত্রত চৰিত্রৱান কৰি গড়ি তোলাৰ দায়িত্ব সর্ব প্রথম পিতা-মাতাৰ ওপৰত। তেওঁলোকে এই দায়িত্ব পালনত অৱহেলা কৰিলে বা আমানতৰ খিয়ানত কৰিলে মহান আল্লাহৰ কাঠগড়াত থিয় হৈ বিচাৰৰ সম্মুখীন হব লাগিব।
আজিৰ যিসকল শিশু সিহঁতে অহা দিনৰ ৰাষ্ট্র পৰিচালক, সমাজত বিভিন্ন ক্ষেত্রত দায়িত্বশীল আৰু দেশৰ নাগৰিক। অৰ্থাৎ সিহঁতক যথাযথভাৱে গড়ি তোলাৰ ওপৰত নির্ভৰ কৰিব আমাৰ ভবিষ্যৎ। সেয়ে আদর্শ সন্তান গঠনত নিন্মোক্ত বিষয় সমূহ লক্ষ্য ৰখা অত্যন্ত গুৰুত্ব পূর্ণ:
১) আদর্শ সন্তানৰ বাবে পিতা-মাতাৰ সৎ আৰু আদর্শৱান হোৱা অপৰিহার্য।
২) সন্তানসকলৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰা।
৩) শিশুসকলক ভূত-প্রেত, চোৰ-ডকাইত ইত্যাদিৰ কথা কৈ ভয় নেদেখোৱা।
৪) শিশুসকলক অানৰ ওচৰত অপমান বা হেয় প্রতিপন্ন নকৰা।
৫) বেয়া বা অপ্রীতিকৰ শব্দ ব্যবহাৰ কৰি তাক সম্বোধন নকৰা। যেনে, নির্বোধ, অপদার্থ, গাধ, গৰু, ছাগলী ইত্যাদি।
৬) কোনো ক্ষেত্রত ভুল হলে নম্র আৰু ভদ্রভাৱে ভুল সংশোধন কৰা । (বিশেষ কৰি প্রথম বাৰ)
৭) সন্তানসকলৰ লগত সমতা ৰক্ষা কৰা (স্নেহ, ভালপোৱা বা কোনো বস্তু দিয়া..ইত্যাদি ক্ষেত্রত)
৮) দহ বছৰ বয়স হলে সিহঁতক বেলেগ বিছনাত বা বেলেগ কোঠাত ৰখা।
৯) সিহঁতৰ ওচৰত দাম্পত্য জীৱনৰ বিষয়াদী গোপন ৰখা (সন্তান সৰু হলেও)
১০) শিশুসকলৰ ওচৰত মাকে পাতল, টাইট বা এনে পোছাক পৰিধান নকৰা যাতে তেওঁৰ গোপনাঙ্গ সমূহ ফুটি উঠে।
১২) শিশুসকলক অশ্লীল, লেতেৰা ছবি বা ফিল্ম দেখা আৰু বেয়া গল্প, উপন্যাস ম্যাগাজিন ইত্যাদি পঢ়াৰ সুযোগ নিদিয়া।
১৩) সাত বছৰ বয়স পূর্ণ হলে নামাজৰ আদেশ দিয়া আৰু দহ বছৰ বয়সৰ পৰা নামায নপঢ়িলে লাহেকৈ প্রহাৰ কৰা।
১৪) সত্যবাদিতা, আমানতদাৰিতা, অানক অগ্রাধিকাৰ দিয়া, অসহায়ক সাহায্য কৰা, আলহীক সম্মান কৰা ইত্যাদি উত্তম চৰিত্রৰ প্রশিক্ষণ দিয়া।
১৫) মিছা, গালি দিয়া, বেয়া আৰু নিম্ন মানৰ শব্দ ব্যৱহাৰ নকৰিবলৈ অভ্যাস কৰোৱা ।
১৬) ইছলামৰ মৌলিক বিষয় সম্পর্কে জ্ঞান দান কৰা। যেনে, ঈমান আৰু ইছলামৰ ৰুকন সমূহ, আল্লাহৰ ভয়, পাঁচ ওয়াক্ত ছালাত, কুৰআন পঢ়া, প্রয়োজনীয় দোৱা আৰু জিকিৰ সমূহ ইত্যাদি।
১৭) আনৰ অধিকাৰ সম্পর্কে সচেতন কৰা। যেনে, পিতা-মাতা, ভাই-ভনী, প্রতিৱেশী, শিক্ষক, ক্লাছমেট, বন্ধু-বান্ধৱী, আত্মীয়-স্বজন ইত্যাদি।
১৮) সামাজিকতাৰ শিক্ষা দিয়া। যেনে, ছালাম দিয়া, বৈঠকত বহাৰ ভদ্রতা, মানুহৰ লগত কথা কোৱাৰ ভদ্রতা, কাৰোবাৰ ঘৰত প্রৱেশৰ আগত অনুমতি ইত্যাদি।
১৯) কম্পিউটাৰ, ইন্টাৰনেট, মোবাইল ইত্যাদি টেকনোলোজি ব্যৱহাৰৰ আদব শিক্ষা দিয়া আৰু এইবোৰৰ অন্যায় ব্যৱহাৰৰ ক্ষেত্ৰত সচেতনতা তৈয়াৰ কৰা।
২০) সদায় ভয়-ভীতি প্রদর্শন নকৰি সিহঁতৰ লগত বন্ধুত্বপূর্ণ আন্তৰিক সম্পর্ক গড়ি তোলা যাতে সিহঁতে সিহঁতৰ যি কোনো সমস্যা পিতা-মাতাক ক’ব পাৰে।
মহান আল্লাহৰ ওচৰত প্রার্থনা কৰো, তেওঁ যেন, প্রত্যেক পিতা-মাতাক সঠিকভাৱে তেওঁলোকৰ সন্তান-সন্তুতি প্রতিপালনৰ তৌফিক দান কৰে। যিসকল হ’ব পিতা-মাতাৰ বাবে চকু শিতলকাৰী, দেশ আৰু সমাজৰ বাবে উপকাৰী আৰু পৰকালত পিতা-মাতাৰ নাজাতৰ উছীলা। আল্লাহই তৌফিক দান কাৰী।
– শ্বেখ আব্দুল্লাহিল হাদী
দাঈ, জুবাইল দাওয়াহ এন্ড গাইডেন্চ চেন্টাৰ, চৌদি আৰব।