আল্লাহৰ সৰ্বশেষ কিতাব আল কুৰআন আৰু সৰ্বশেষ ও সৰ্বশ্ৰেষ্ঠ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ হাদীছ নিঃচৰ্তভাৱে মানি লোৱা প্ৰত্যেকজন মুছলিমৰ ওপৰত ফৰজ। কুৰআন আৰু হাদীছৰ বিভিন্ন ঠাইত ইয়াৰ যথেষ্ট প্ৰমাণ বিদ্যমান আছে। আল্লাহে কৈছে

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

অকাট্য ভাষ্য-

||নাহমাদুহু ওৱা নুচল্লি আলা ৰাছূলিহিল কাৰীম||

আল্লাহৰ সৰ্বশেষ কিতাব আল কুৰআন আৰু সৰ্বশেষ ও সৰ্বশ্ৰেষ্ঠ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ হাদীছ নিঃচৰ্তভাৱে মানি লোৱা প্ৰত্যেকজন মুছলিমৰ ওপৰত ফৰজ। কুৰআন আৰু হাদীছৰ বিভিন্ন ঠাইত ইয়াৰ যথেষ্ট প্ৰমাণ বিদ্যমান আছে। আল্লাহে কৈছে-

* أَطِيعُواْ ٱللَّهَ وَأَطِيعُواْ ٱلرَّسُولَ

 #আল্লাহৰ_হুকুম_মানা_আৰু_ৰাছূলৰ_হুকুম_মানা। (ছূৰা আন-নিছা: ৫৯)

* وَإِنْ تُطِيعُوهُ تَهْتَدُوا

#আৰু যদি তোমালোকে তেওঁৰ (ৰাছূলৰ) অনুসৰণ কৰা¸ তেন্তে সঠিক পথ প্ৰাপ্ত হ’বা। (ছূৰা আন-নুৰ: ৫৪)

*  وَمَنْ لَمْ يَحْكُمْ بِمَا أَنْزَلَ اللَّهُ فَأُولَٰئِكَ هُمُ الْكَافِرُونَ

#আৰু আল্লাহে দিয়া বিধান অনুসৰি যিসকলে ফায়ছালা নকৰে, তেওঁলোকেই কাফিৰ। (ছূৰা আল-মায়িদা: ৪৪)

* وَمَنْ لَمْ يَحْكُمْ بِمَا أَنْزَلَ اللَّهُ فَأُولَٰئِكَ هُمُ الظَّالِمُونَ

#আৰু আল্লাহে দিয়া বিধান অনুসৰি যিসকলে ফয়ছালা নকৰে, তেওঁলোকেই জালিম। (ছূৰা আল-মায়িদা: ৪৫)

*  وَمَنْ لَمْ يَحْكُمْ بِمَا أَنْزَلَ اللَّهُ فَأُولَٰئِكَ هُمُ الْفَاسِقُون

#আৰু আল্লাহে দিয়া বিধান অনুসৰি যিসকলে ফয়ছালা নকৰে, তেওঁলোকেই ফাছিক। (ছূৰা আল-মায়িদা: ৪৭)

* اتَّبِعُوا مَا أُنْزِلَ إِلَيْكُمْ مِنْ رَبِّكُمْ وَلَا تَتَّبِعُوا مِنْ دُونِهِ أَوْلِيَاء

#তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্রতি যি নাজিল হৈছে তাৰেই অনুসৰণ কৰা আৰু তেওঁক বাদ দি অন্য অলি/আউলিয়াৰ অনুসৰণ নকৰিবা। (ছূৰা আ’ৰাফ: ৩)

*  فَلَا وَرَبِّكَ لَا يُؤْمِنُونَ حَتَّىٰ يُحَكِّمُوكَ فِيمَا شَجَرَ بَيْنَهُمْ ثُمَّ لَا يَجِدُوا فِي أَنْفُسِهِمْ حَرَجًا مِمَّا قَضَيْتَ وَيُسَلِّمُوا تَسْلِيمًا  

#গতিকে তোমাৰ প্ৰতিপালকৰ কচম! তেওঁলোক মুমিন হ’ব নোৱাৰিব যেতিয়ালৈকে তেওঁলোকৰ মাজত সৃষ্ট বিবাদৰ ক্ষেত্ৰত তোমাক বিচাৰক নির্ধাৰণ নকৰে, ইয়াৰ পিছত তোমাৰ সিদ্ধান্ত দ্বিধাহীনভাৱে মানি নোলোৱালৈকে তেওঁলোকে ঈমানৰ দাবীদাৰ হ’ব নোৱাৰিব। (ছূৰা আন-নিছা: ৬৫)

* إِنْ هُوَ إِلَّا وَحْيٌ يُوحَىٰ * وَمَا يَنْطِقُ عَنِ الْهَوَىٰ

#আল্লাহৰ অৱতীৰ্ণ অহিৰ বাহিৰে তেওঁ মনেগঢ়া একোৱেই নকয়। (ছূৰা আন-নাজম: ৩-৪)

#”আতিউল্লাহ ওৱা আতিউৰ ৰাছূল” এই কথাৰ পিছতেই আছে “ওৱা উলিল আমৰি মিনকুম’’ অৰ্থাৎ তোমালোকৰ নেতাসকলৰো (অনুসৰণ কৰা)। কিন্তু ইয়াৰ পিছতেই কোৱা হৈছে ‘ফা ইন তানাজা’তুম ফি শ্বায়ঈন ফাৰুদ্দুহু ইলাল্লাহি ওৱাৰ ৰাছূল’। অৰ্থাৎ আল্লাহ আৰু তেওঁৰ ৰাছূলৰ নিৰ্দেশৰ সৈতে তোমালোকৰ নেতাসকলৰ নিৰ্দেশৰ পাৰ্থক্য দেখা দিলে, নেতৃবৃন্দৰ কথা পৰিত্যাগ কৰি আল্লাহ আৰু তেওঁৰ ৰাছূলৰ কথাৰ ফালে প্ৰত্যাৱৰ্তন কৰা। এই কথা কোৱা হোৱা নাই যে, ওপৰোক্ত মত পাৰ্থক্যৰ ক্ষেত্ৰত আল্লাহ ও তেওঁৰ ৰাছূলৰ কথা পৰিত্যাগ কৰি নাইবা তাৰ বিকৃত অৰ্থ কৰি নাইবা তাৰ লগত মনেসজা কথা সংযোগ কৰি নেতা বা ইমামৰ কথাকেই সঠিক বুলি সাব্যস্ত ৰখা। আল্লাহ তা‘আলাই নিৰ্দেশ কৰিছে-

وَاعْتَصِمُوا بِحَبْلِ اللَّهِ جَمِيعًا وَلَا تَفَرَّقُوا*

#”আৰু তোমালোক সকলোৱে আল্লাহৰ ৰছীক সুদৃঢ় হাতেৰে ধাৰণ কৰা; বিভিন্ন দলত বিভক্ত নহ’বা”। (ছূৰা আল-ইমৰান: ১০৩)।

আল্লাহ তা‘আলাৰ এই নিৰ্দেশ অমান্য কৰি যিসকলে বিভিন্ন দল, মাজহাবত বিভক্ত হোৱাৰ কাৰণে মুছলিমসকলৰ প্ৰতি আহ্বান জনায়, তেওঁলোক আল্লাহদ্ৰোহীৰ বাহিৰে আন কি হ’ব পাৰে? কুৰআন আৰু হাদীছৰ ক’ৰবাত এই নিৰ্দেশ আছে নেকি যে, মুছলিমসকল! তোমালোকে দলে দলে বিভক্ত হৈ যোৱা, এটা দলে আনটো দলক শত্ৰু বুলি ভাৱা, পৰস্পৰ কটা-কটি কৰি থাকা, অন্য দলৰ মুছলিমসকলক কাফিৰতকৈও ডাঙৰ শত্ৰু বুলি গণ্য কৰা? কোৱা হৈছে- চাৰি মাজহাব ফৰজ। চাৰি মাজহাবত বিভক্ত হৈ যোৱা। এইটো হৈছে সম্পূৰ্ণ আল্লাহদ্ৰোহী আহ্বান। আল্লাহ তা‘আলাই কৈছে,

 * إِنَّمَا الْمُؤْمِنُونَ إِخْوَةٌ

#নিশ্চয়_মুছলিমসকল_পৰস্পৰ_ভাই_ভাই।

কিন্তু এই অখণ্ড ভাতৃত্বৰ বন্ধনক ছিন্ন কৰি খণ্ড খণ্ড হৈ যোৱাকে ধৰ্মৰ অপৰিহাৰ্য অঙ্গ বুলি প্ৰচাৰ কৰা হৈছে। অথচ ‘চাৰি মাজহাবেই সঠিক’ এই শ্লোগানধাৰীসকলে অন্য মাজহাবৰ লোকসকলৰ সৈতে কাফিৰ মুশ্বৰিকতকৈও ডাঙৰ শত্ৰুৰ দৰে আচৰণ কৰে। দলীয় নেতাসকলৰ অনুসৰণত ইমানেই সীমাহীন গুৰুত্ব লাভ কৰিছে যে, দ্বীনৰ সকলো উৎস কুৰআন আৰু হাদীছৰ প্ৰতি ভ্ৰূক্ষেপ নকৰি স্বীয় ইমামৰ নিৰ্দেশক অন্ধভাৱে গ্ৰহণ কৰা হৈছে, কুৰআন আৰু হাদীছৰ সৈতে মিলাই চোৱাৰ কোনো প্ৰয়োজনবোধ কৰা হোৱা নাই। আকৌ দাবী কৰা হয় যে, ইমাম আবু হানিফা (ৰহ.)য়ে যি কৈছে সেই সকলোবোৰ শুদ্ধ। তেওঁৰ সকলো কথাই যদি শুদ্ধ হয়, তেনেহ’লে তেওঁৰ দুই মহান শিষ্য ইমাম আবু ইউচুফ আৰু ইমাম মুহাম্মাদে তেওঁৰ শত শত মাছ‘আলাৰ বিৰোধিতা কৰিলে কিয়? “মাজহাবীসকলৰ গুপ্তধন” নামৰ কিতাপখনত গ্ৰন্থকাৰে ওপৰোক্ত বিৰোধপূৰ্ণ মাছআলাৰ মাত্ৰ কেইটিমান নমুনা হিচাবে সন্নিবিষ্ট কৰিছে যাৰ দ্বাৰা নিৰপেক্ষ পাঠকবৃন্দই এই পৰম সত্য সিদ্ধান্তত উপনীত হ’ব পাৰিব যে, একমাত্ৰ অহিপ্ৰাপ্ত আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ বাহিৰে আন কোনো দ্বিতীয় মানুহ নাই যিজন অভ্ৰান্ত- অৰ্থাৎ যাৰ কোনো ভুল নাই। ইমাম আবু হানিফা (ৰহ.)ৰ প্ৰতি শ্ৰদ্ধা ও সন্মান প্ৰদৰ্শনপূৰ্বক এই কথা নিবেদন কৰিব বিচাৰোঁ যে, তেৱোঁ অভ্ৰান্ত বা নিৰ্ভুল নাছিল। এই কথাৰ প্ৰমাণ ফিকাহৰ গ্ৰন্থাৱলীত সিচঁৰিত হৈ আছে, যাৰ ভাষা কেৱল আৰবী হোৱা কাৰণে ইমামৰ কোটি কোটি অন্ধ অনুসাৰী সেইবোৰ অমৃত বচনৰ পৰা মাহৰূম হৈ আছে। “মাজহাবীসকলৰ গুপ্তধন”ৰ লেখকে বহু কষ্ট স্বীকাৰ কৰি সেইবোৰ সুধী পাঠকবৃন্দৰ বিবেকৰ দুৱাৰমুখত হাজিৰ কৰি দিছে। আমি হিন্দুসকলৰ ধৰ্মগ্ৰন্থৰ অশ্লীল উপাখ্যানৰ কথা শুনি ছিঃ ছিঃ কৰি থাকোঁ। এতিয়া ফিকাহ শাস্ত্ৰৰ উপাখ্যান পঢ়ি পাঠকে কি কৰিব নিজেই ঠিৰাং কৰক। অথচ কুৰআন আৰু হাদীছক বাদ দি অন্ধভাৱে এই ফিকাহৰেই অনুসৰণ কৰা হৈছে। এই বিষয়ে আল্লাহ তা‘লাৰ সাৱধানবাণী অতি স্পষ্ট-

اتَّخَذُوا أَحْبَارَهُمْ وَرُهْبَانَهُمْ أَرْبَابًا مِنْ دُونِ اللَّهِ*

#”সিহঁতে (ইহুদী আৰু খ্ৰীষ্টানসকলে) আল্লাহক পৰিত্যাগ কৰি সিহঁতৰ পণ্ডিত আৰু সংসাৰ-বিৰাগীসকলক প্ৰতিপালক হিচাবে গ্রহণ কৰিছে”। (ছূৰা আত-তাওবাহ: ৩১)

এই সম্পৰ্কে মুছনাদে আহমদ ও তিৰমিজীত হাদীছ আছে-

“আদী বিন হাতীম (ৰা.)য়ে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ খেদমতত আৰজ কৰে, তেওঁলোকে তো তেওঁলোকৰ পূজা কৰা নাই। তেতিয়া তেওঁ ক’লে- কিয় নহয়, তেওঁলোকে (আলিম দৰবেশসকলে) তেওঁলোকৰ ওপৰত হালালক হাৰাম কৰে আৰু হাৰামক হালাল কৰে, আৰু তেওঁলোকে (জনসাধাৰণে) তেওঁলোকৰ কথা মানি চলে। এইটোৱেই আছিল তেওঁলোকৰ ইবাদাত’’।

ফিকাহৰ অন্ধ অনুসাৰীসকলৰ ক্ষেত্ৰত এই হাদীছ আখৰে আখৰে প্ৰযোজ্য নহয় নে? হানাফি ফিকাহৰ জন্মদাতা ইমাম আবু হানিফা (ৰহ.)য়ে কৈছে- আমি যি আলোচনাত প্ৰবৃত্ত আছোঁ সেয়া একমাত্ৰ ৰায় ও কিয়াচ, গতিকে তাক মানিবলৈ আমি কাকো বাধ্য কৰিব নোৱাৰোঁ আৰু এই কথাও কোৱা নাই যে তাক মানাটো কোনো মানুহৰ প্ৰতি ওৱাজিব। (আল্লামা শিবলী নুমানীৰ দ্বাৰা লিখিত ছিৰাতুন নুমান ১৮৩ পৃষ্ঠা)

সেয়েহে প্ৰতিজন মুছলিম নৰ-নাৰীৰ প্ৰতি আমাৰ আকুল আবেদন! একমাত্ৰ আল্লাহকেই ভয় কৰক। কিয়ামতৰ দিনা ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ শ্বাফায়াত লাভৰ ইচ্ছা থাকিলে ইমাম আৰু অলিসকলৰ তৰীকা পৰিহাৰ কৰি ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ প্ৰদৰ্শিত কুৰআন ও হাদীছৰ তৰীকাত নিজকে প্ৰতিষ্ঠিত কৰক। সকলো ফিৰ্কা আৰু দলাদলিৰ চিলচিলা খতম কৰি দিয়ক। অন্ধভাৱে কাৰোঁ অনুসৰণ নকৰি জ্ঞান চকু মেলি একমাত্ৰ কিতাবদ্বয়ৰ অনুসৰণ কৰক। পাৰস্পৰিক শত্ৰুতা, ঘৃণা ও হিংসা বিদ্বেষৰ উৎস মূলত কুঠাৰাঘাত কৰি এক অখণ্ড ভাতৃত্বৰ বন্ধনত আবদ্ধ হওঁক। দুনিয়া ও আখিৰাতত পৰম সাৰ্থকতা লাভৰ এইটোৱেই হৈছে একমাত্ৰ পথ।

অধ্যাপক মুহাম্মাদ মোজাম্মিল হক।
অনুবাদ-
#JBR

Leave a comment