💢 মিলাদুন্নবী (মুহাম্মদ (ছা.) ৰ জন্মদিন) পালন কৰা বিদাত 💢
“মিলাদুন্নবী (মুহাম্মদ (ছা.) ৰ জন্মদিন) পালন কৰা বিদাত”
কাৰো জন্ম, মৃত্যু, বিবাহ আদিৰ উপলক্ষে বিশেষ দিবস বা বাৰ্ষিকী উদযাপন কৰা এটা ইহুদি-খ্ৰীষ্টানৰ বিজাতীয় সংস্কৃতি, আৰু মুছলিম সকলৰ কাৰণে অমুছলমান সকলৰ সংস্কৃতিৰ অনুসৰণ কৰা সম্পুৰ্ণ হাৰাম।
ঈদে মিলাদুন্নবী, ইয়াৰ উৎপত্তি আৰু ক্ৰমবিকাশ :- “ঈদে মিলাদুন্নবী” শব্দটো তিনিটা আৰবী শব্দৰ সমষ্টি – ঈদ্, মিলাদ আৰু নবী । ঈদ শব্দৰ অৰ্থ হ’ল – সমবেত হোৱা, আনন্দ উৎসব ইত্যাদি, মিলাদ শব্দৰ অৰ্থ হ’ল জন্ম বা জন্ম কাল আৰু নবী শব্দই নবী মোহাম্মাদ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ক বুজাইছে । “ঈদে মিলাদুন্নবী” ৰ অৰ্থ হ’ল নবী মোহাম্মদ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ৰ জন্ম উপলক্ষে পতা উৎসব ।
ইতিহাসৰ পাত লুটিয়াই চালে দেখা যায় যে এই উৎসব নবী (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্), চাহাবায়ে কিৰাম, তবেইন ও তবে তবেইন সকলৰ মাধ্যমত কেতিয়াও অনুষ্ঠিত হোৱা নাছিল, এই সন্দৰ্ভত আলিম সমাজো একমত, তেন্তে ইচলাম ধৰ্মত ইয়াৰ আগমন ঘটিল কেনেকৈ ? ইয়াৰ উৎপত্তি সম্পৰ্কে দুটা ভিন্ন মত পোৱা যায়-
(১) প্ৰথম মত হ’ল – হিজৰী বৰ্ষৰ চতুৰ্থ শতাব্দীৰ শেষৰ ফালে মিচৰৰ ফাতেমী সাম্ৰাজ্যত উক্ত উৎসবৰ প্ৰচলন হৈছিল । সেই সময়ত মিচৰৰ জনগণে ছয়জন ব্যক্তিৰ জন্মোৎসব পালন কৰিছিল, তেখেত সকল ক্ৰমান্বয়ে – নবী (চাল্লাল্লাহু আলাইহি ৱচাল্লাম), আলী (ৰাঃ), হাচান (ৰাঃ), হুচেইন (ৰাঃ), ফাতেমা (ৰাঃ) আৰু তাৎকালীন ফাতেমী সাম্ৰাজ্যৰ খলিফা (আল খিতাত লিল মাকৰিযী ১/৪৯০ – ৪৯৯ পৃঃ) । তেতিয়াৰ পৰাই ঈদে মিলাদুন্নবীৰ প্ৰচলন হোৱা বুলি এচাম আলিমে কয় ।
(২) দ্বিতীয় মত হ’ল – হিজৰী বৰ্ষৰ সপ্তম শতাব্দীৰ প্ৰথম ফালে ইৰাকৰ মৌচুল চহৰত তাৎকালীন বাদচাহ আল্-মুযাফফৰ ৰ পৃষ্ঠপোষকতাত দৰবাৰী আলিম ওমৰ বিন মুহাম্মদ মল্লাৰ পৰিচালনাত ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ৰ জন্মবাৰ্ষিকী উদযাপন কৰা হৈছিল (হাচনুল মকচদ লিচ্চুয়ুতী ৪২ পৃঃ, আল বিদায়া আন নিহায়া – ১৩/১৪৭ পৃঃ) ।
ইমাম আবু চামাহ (ৰাঃ) য়ে উক্ত দুই মতৰ ওপৰত বিশ্লেষণ কৰি কয় যে – উক্ত বিদাতৰ প্ৰথম প্ৰচলন ঘটায় ফাতেমী বা চিয়া সম্প্ৰদায়ে । হিজৰী চতুৰ্থ শতাব্দীৰ শেষৰ ফালে তেওঁলোকে মিচৰৰ ৰাজধানী কায়ৰোত এই বিদাতৰ আবিৰ্ভাব ঘটায় আৰু ইৰাক সহ বিভিন্ন ঠাইলৈ বিয়পি পৰে।
(আল্-বায়িচ লিআবী চামাহ – ২৩ – ২৪ পৃঃ) ।
এনেদৰে উৎপত্তি হোৱা এক বিদাতী অনুষ্ঠান আজিও আমাৰ সমাজত চলি আছে । বিংশ শতাব্দীৰ বিশ্ববৰেণ্য আলিম আল্লামা সেখ ইবনে বায (ৰহঃ) য়ে কৈছে – “মীলাদুন্নবী বা অনুৰুপ অনুষ্ঠান পালন কৰা জায়েজ নহয় কাৰণ এইচব ইচলামত নতুনকৈ সংযোজন হোৱা বিদাত্, যি চব ৰচুল (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্), খোলাফায়ে ৰাচেদিন্, চাহাবায়ে কিৰাম তথা ইচলামৰ স্বৰ্ণ যুগৰ কোনো লোকে পালন কৰা নাছিল, অথচ তেওঁলোকেই ৰচুল (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ৰ আদৰ্শৰ বিষয়ে বেচিকৈ জানিছিল আৰু অধিক পৰিমাণে ভাল পাইছিল্” ।
মুছলিম সকলৰ ঈদ হৈছে ঈদুল ফিতৰ (ৰমজানৰ ঈদ) আৰু ঈদুল আযহা (কোৰবাণী ঈদ) । এই দুটা ঈদৰ বাহিৰে ঈদে মিলাদুন্নবী নামৰ কোনো ঈদৰ কথা কোৰআণ হাদিছত নাই । আমি সেইসকল লোকক কৈছো যি সকলে ছিয়া সকলৰ দৰে ঈদে মিলাদুন্নাবী পালন কৰাৰ পক্ষপাতী, সিহতে এই বেদাতি উংসব “ঈদে মিলাদুন্নবীৰ” কথা কোৰআন হাদিছৰ কত আছে আমাক দেখুৱাই দিয়ক ।
উল্লেখযোগ্য যে ৰাছুলুল্লাহ (ছঃ) ৰ জন্ম ১২ ৰবিউল আওয়ালত হৈছিল এই কথা কোৰআণ হাদিছৰ কতো নাই । আচলতে ৰাছুলুল্লাহ (ছঃ) ৰ জন্ম নিশ্চিত ভাবে ১২ ৰবিউল আওয়াল নে ৯ ৰবিউল আওয়াল তাৰিখে হৈছিল ইয়াকে লৈ একতেলাফ আছে যদিও বেছিভাগ আলিমেই ৯ ৰবিউল আওয়াল তাৰিখৰ দলিলটোৱেই বেছি শক্তিশালি বুলি কয় ।
দলিল বিহীন, মানুহে বনোৱা কোনো ইবাদত আল্লাহে কবুল নকৰে । আৰু ই এক মহাপাপ । সেই কাৰণে মিলাদুন্নাবী পালন কৰাৰ পৰা বিৰত থাকক । বিদাতি আমল আল্লাহে কবুল নকৰাৰ কেইটামান হাদিছ –
ৰাছুলুল্লাহ (ছঃ) য়ে কৈছে –
নিশ্চয় সৰ্বোত্তম বাণী হৈছে আল্লাহৰ কিতাপ আৰু সৰ্বোত্তম আদৰ্শ হৈছে মহাম্মদ (ছঃ)ৰ আদৰ্শ । আৰু সকলোতকৈ নিকৃষ্ট বিষয় হৈছে (দ্বীনৰ মাজত) নতুন আবিস্কাৰ কৰা বিষয়বোৰ । আৰু প্ৰত্যেক নতুন উদ্ভাবিত প্ৰত্যেক বিষয়েই হৈছে বিদাত, আৰু প্ৰত্যেক বিদাতিয়েই হৈছে পথভ্ৰষ্ট আৰু প্ৰত্যেক পথভ্ৰষ্টৰ পৰিণাম হৈছে জাহান্নাম ।
(ছহীহ মুছলিম ১৫৩৫, নাসায়ী ১৫৬০)
ৰাছুলুল্লাহ (ছঃ) য়ে আৰু কৈছে –
যি ব্যক্তিয়ে আমাৰ এই দ্বীনত নতুন কিবা উদ্ভাবন কৰিব সেইটো প্ৰত্যাখ্যিত হব । (বুখাৰি, মুছলিম)
বিদ‘আতী সকলৰ আমল কবুল নহয় ৷ (বুখাৰী হা/৩১৮০)
বিদ‘আতী সকলৰ উপৰত আল্লাহৰ আৰু ফেৰেশতা আৰু সকলো মানুহৰ লানত বর্ষিত হয় ৷
(বুখাৰী হা/৩১৮০)।
আল্লাহে আমাক সকলোকে যেন বিদাত মুক্ত আমল কৰাৰ তৌফিক দিয়ে, আমিন ।
লিখক: Ikramul Hussain, Dist. and Sessions Judge (Retd.)