নাৰীৰ মর্যাদা প্রতিষ্ঠাত ইছলামৰ অৱদান অনন্য। ১৪শ বছৰ আগত এনে এক সময়ত ইছলামৰ আৱির্ভাব হয় যেতিয়া আৰব ভূখণ্ডত কন্যা সন্তানৰ জন্মগ্রহণক তাৰ পিতাৰ বাবে অপমান হিচাবে দেখা গৈছিল আৰু কোনো কোনো ক্ষেত্রত কন্যাশিশুক জীৱন্ত কবৰ দিয়া হৈছিল। পৱিত্র কোৰআনৰ ভাষাত,
সিহঁতৰ কাৰোবাক যেতিয়া কন্যা সন্তানৰ সুসংবাদ দিয়া হয় তেতিয়া তাৰ মুখমণ্ডল ক’লা পৰি যায় আৰু সি অসহনীয় মানসিক যন্ত্ৰণাত ক্লিষ্ট হৈ পৰে।
তাক যি সুসংবাদ দিয়া হয়, তাৰ গ্লানিৰ কাৰণে সি নিজ সম্প্ৰদায়ৰ পৰা আত্মগোপন কৰে। সি চিন্তা কৰে যে, হীনতা সত্বেও তাইক ৰাখি দিব নে মাটিত পুতি থব? সাৱধান! সিহঁতে যি সিদ্ধান্ত কৰে সেয়া কিমান নিকৃষ্ট!
(ছুৰাঃ আন-নাহল : ৫৮-৫৯)
তেতিয়া ৰাছুল (ছাঃ) সৎ কর্মত নাৰী আৰু পুৰুষৰ সমমর্যাদাৰ কথা কলে। তেওঁ মানুহক জনাই দিলে,
আৰু পুৰুষ বা নাৰীৰ মাজত কোনোবাই ঈমানৰ অৱস্থাত সৎ কৰ্ম কৰিলে সিহঁত জান্নাতত প্ৰৱেশ কৰিব আৰু সিহঁতৰ প্ৰতি অণু পৰিমাণও অন্যায় কৰা নহ’ব।
(সূরা আন-নিসা, আয়াত: ১২৪)
ইছলামত পৰিয়াল, সমাজ আৰু ৰাষ্ট্ৰত নাৰীক পুৰুষৰ সমান মর্যাদাৰ অধিকাৰী কৰিছে, অত্যন্ত সম্মানজনক মর্যাদা দিছে। ৰাছুল (ছাঃ) স্বয়ং নাৰীসকলক শিক্ষা গ্রহণৰ গুৰুত্বৰ প্রতি বিশেষভাৱে সতর্কতাৰে দৃষ্টি ৰাখিছিল। তেওঁ বিভিন্ন সময়ত নাৰী সকলৰ উদ্দেশ্যে শিক্ষামূলক ভাষণ দি সুন্দৰ কণ্ঠত কৈছে, ‘প্রত্যেক মুছলমান নৰ-নাৰীৰ বাবে জ্ঞানার্জন কৰা ফৰজ।’ (ইবনে মাজাহ)
ইছলামত নাৰীক সর্বক্ষেত্রত সর্বোত্তম মর্যাদা দিয়া হৈছে। মা হিচাবে, স্ত্রী হিচাবে, কন্যা হিচাবে ইছলামত নাৰীক যি মর্যাদাত ভূষিত কৰা হৈছে সেয়া এক কথাত অতুলনীয়। আবু হুৰাইৰা (ৰাঃ) কর্তৃক বর্ণিত, ‘এজন ব্যক্তি ৰাছুল ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আহি কলে, ইয়া ৰাছুলাল্লাহ! মানুহৰ ভিতৰত কোন মোৰ ওচৰত সর্বোত্তম সম্মান, মর্যাদা ও উত্তম ব্যৱহাৰ পোৱাৰ যোগ্য? তেওঁ কলে তোমাৰ মা।চাহাবী সুধিলে তাৰপিছত কোন? তেওঁ কলে, তোমাৰ মা। চাহাবী পুনৰ সুধিলে তাৰপিছত কোন? তেওঁ কলে তোমাৰ মা। চাহাবী আকৌ সুধিলে তাৰপিছত কোন? এইবাৰ ৰাছুল(ছাঃ) উত্তৰ দিলে তোমাৰ পিতা।’ ( বুখাৰী)
ৰাছুল ছাল্লাল্লাহু আলাইহি ওয়াছাল্লাম ঘোষণা কৰিছে পৃথিৱীৰ সকলোতকৈ ডাঙৰ নিয়ামত হৈছে উত্তম স্ত্রী। (মুছলিম)। এই ঘোষণাৰ মাধ্যমত স্ত্রী হিচাবে নাৰীৰ মর্যাদাক মহিমান্বিত কৰা হৈছে। মানৱতাৰ প্ৰতীক ইছলামি জীৱন ব্যৱস্থাত নাৰীক পিতাৰ সম্পত্তিত, স্বামী, সন্তান আৰু মাৰ সম্পত্তিত উত্তৰাধিকাৰী ধার্য কৰা হৈছে। নাৰীক বিয়াৰ সময়ত মোহৰনা বা দেনমোহৰ পোৱাৰ অধিকাৰ দিয়া হৈছে। মোহৰনা মানা কৰা বা তাৰ পৰা জোৰ কৰি ব্যয় কৰাৰ অধিকাৰ স্বামী, পিতা বা ভাই কাকো দিয়া হোৱা নাই।
ইছলামত নাৰীক আৱশ্যিক শিক্ষা, ধর্মচিন্তা, কর্মৰ স্বাধীনতাসহ পাত্র নির্বাচন আৰু সম্মতি প্রদানৰ অধিকাৰ দিছে। বিবাহৰ সময়ত অবিবাহিতা, তালাকপ্রাপ্তা আৰু বিধৱাসকলৰ মতপ্রকাশৰ সম্পূর্ণ স্বাধীনতা দিছে। নাৰীসকলে যেন নিজৰ নৈতিক চৰিত্র সমুন্নত ৰাখে আৰু সৎ/যোগ্য পাত্রক স্বামী হিচাবে নির্বাচন কৰিব পাৰে। সমাজত মাতা, গৃহকর্ত্রী আৰু ব্যৱসায় -বাণিজ্যত নিয়োজিত নাৰীৰ যথার্থ অবস্থান নিশ্চিত কৰি ৰাছুল (ছাঃ) নাৰীৰ অধিকাৰ সমুন্নত কৰি গৈছে। পিতামাতা, নিকটাত্মীয় আৰু স্বামীৰ সম্পত্তিত আছে নাৰীৰ সম্মানজনক অধিকাৰ। যিকোনো অর্থনৈতিক কর্মকাণ্ডত যি অর্থসম্পদ মহিলাসকলে উপার্জন কৰিব আৰু উত্তৰাধিকাৰসূত্রে যি ধন-সম্পদৰ অধিকাৰী হব, ইয়াত ইছলামে নাৰীক দিছে সম্পূর্ণ স্বাধীনতা। পৱিত্র কোৰআনত কৈছে, ‘পিতামাতা আৰু আত্মীয়স্বজনৰ পৰিত্যক্ত সম্পত্তিত পুৰুষৰ অংশ আছে আৰু পিতামাতা আত্মীয়স্বজনৰ পৰিত্যক্ত সম্পত্তিত নাৰীৰো অংশ আছে, সেয়া অলপেই হওঁক বা বেছিই হওঁক, এইটো নির্ধাৰিত অংশ।’ (ছুৰাঃ নিছা, আয়াত: ৭)
ইছলামত নাৰীক স্বামী নির্বাচনৰ পূর্ণ অধিকাৰ দিয়া হৈছে আৰু ইচ্ছাৰ বিৰুদ্ধে নাৰীক কতো বিয়া দিয়া নিষিদ্ধ কৰিছে। ইছলামত অকর্মণ্য, অত্যাচাৰী স্বামীৰ পৰা বিবাহ বিচ্ছেদেৰ পূর্ণ অধিকাৰ নাৰীক দিছে । বিধৱা আৰু তালাকপ্রাপ্ত নাৰীক বা পুনঃবিবাহৰ অধিকাৰ দিয়া হৈছে। ইছলামত জ্ঞানার্জন আৰু বিদ্যাশিক্ষাত পুৰুষৰ নিচিনাকৈ নাৰীকো একেই ধৰণৰ অধিকাৰ দিছে । ৰাছুল ছাল্লাল্লাহু আলাইহি ওয়াছাল্লাম কৈছে, জ্ঞানার্জন প্রত্যেক মুছলমানৰ ওপৰত ফৰজ আৰু আৱশ্যক । এই ক্ষেত্ৰত নাৰী-পুৰুষৰ কোনো ভেদাভেদ টনা নহয়।
পিতা , স্বামী ,ভাই, পুত্ৰ এই চাৰিজন পৰিচয়ৰ পুৰুষ অভিভাৱক সকলে নাৰীৰ হক বা ন্যায় প্ৰাপ্য দায়িত্বশীলতাৰ লগত আদায় কৰিব, এইটো আল্লাহৰ বিধান । ইছলামত নাৰীক সকলো ক্ষেত্রত অগ্ৰাধিকাৰ দিছে বেছি আৰু পুৰুষক দায়িত্ব আৰু কৰ্তব্য দিছে বেছি । স্বামী আৰু স্ত্ৰীৰ সম্পৰ্কক পোছাকৰ লগত তুলনা কৰা হৈছে। পোছাকৰ লগত শৰীৰৰ সম্পৰ্ক যিমান নিবিড়, স্বামী আৰু স্ত্ৰীৰ সম্পৰ্ক সিমানেই নিবিড় হোৱা উচিত। কোৰআনত কোৱা হৈছে,’ সিহঁত তোমালোকৰ পোছাকস্বৰূপ আৰু তোমালোকও সিহঁতৰ পোছাকস্বৰূপ। (ছুৰাঃ বাক্কাৰাহ, আয়াতঃ ১৮৭)
ৰাছুল(ছাঃ) স্বামীক অধিক ধৈৰ্য্যশীল আৰু সহিষ্ণু হবলৈ সৰ্তকবাণী উচ্চাৰণ কৰিছে ‘তোমালোকে নিজ পত্নীসকলৰ প্ৰতি সৎ ব্যৱহাৰ কৰিবা। নিশ্চয় আল্লাহক সাক্ষী ৰাখি তোমালোকে তেওঁক গ্ৰহন কৰিছা আৰু আল্লাহৰ আদেশ মতে নাৰীসকলক তোমালোকৰ বাবে বৈধ কৰা হৈছে । মুমিন স্বামী ইমানদাৰ স্ত্ৰীৰ প্ৰতি বিদ্বেষ ভাৱ পোষণকাৰী নহয়। কাৰণ স্ত্ৰীৰ কোনো ব্যৱহাৰত মনত কষ্ট পালেও পুনৰ তেওঁৰ দ্বাৰাই এনে ব্যৱহাৰ পাব , যাতে সন্তুষ্টি লাভ হব। (মুছলিম)
কিন্তু পৰিতাপৰ বিষয় হল, নাৰীৰ প্ৰতি কুদৃষ্টি আৰু অসাদাচৰণ কৰা যেন কিছুমান মানুহৰ স্বভাৱগত । নাৰী সহকৰ্মীক কৰবাত কৰবাত সন্মান প্ৰৰ্দশনৰ মানসিকতা হেৰাই তেওঁলোকৰ ন্যায়ৰ প্ৰাপ্য অধিকাৰ সমূহো ক্ষুন্ন কৰা হয়। যিয়ে কৰ্মক্ষেত্রত নাৰীৰ উন্নয়ন আৰু অগ্ৰগতিত বাধাগ্ৰস্থ কৰে।
অথচ ইছলামত বিভিন্ন বিষয়ে সুযোগ-সুবিধা প্ৰদানৰ মাধ্যমত নাৰীৰ অধিকাৰক সন্মানজনক মৰ্যাদাত উন্নীত কৰিছে।
( ✍✍…. তাহেৰা বেগম )