☞☞ আবূ হুৰাইৰা ৰাদিয়াল্লাহু ‘আনহু ৰ পৰা বর্ণিত – এক ব্যক্তি ৰাছুলুল্লাহ্ ছাল্লাল্লাহু ‘আলাইহি ওৱাছাল্লামক ক’লে : মোক কিছু উপদেশ দিয়ক । তেওঁ ( ৰাছুল ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ) ক’লে : খং নকৰিবা । লোকজনে বাৰে বাৰে ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ ৰ ওচৰত উপেদশ বিচাৰিলে আৰু ৰাছুল ছাল্লাল্লাহু ‘আলাইহি ওৱাছাল্লামে ক’লে : খং নকৰিবা ।☜☜
ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে : ” কবীৰা গুণাহ/পাপ সমূহৰ ভিতৰত আটাইতকৈ ডাক্তৰ গুণাহ/পাপ হ’ল , আল্লাহৰ লগত শ্বিৰ্ক কৰা , নিৰ্দোষী মানুহক হত্যা কৰা , পিতৃ মাতৃৰ অবাধ্য হোৱা আৰু মিছা কথা কোৱা । “
[ বুখাৰী :৬৮৭১ ; মুছলিম :৮৮]
✍🏻✍🏻✍🏻 … . চহীহ বুখাৰীৰ হাদিচ নম্বৰ :- ৫০২০
☞ সকলো কালাম (কথা) ৰ ওপৰত কোৰআনৰ শ্রেষ্ঠত্ব। ☜
৫০২০. আবূ মূছা আশ্ব‘আৰী (ৰা:) সূত্রে নাবী চাল্লাল্লাহু ‘আলাইহি ওৱাছাল্লামৰ পৰা বর্ণিত। তেওঁ ক’লে , যি ব্যক্তিয়ে কোৰআন তিলাওৱাত কৰে , তাৰ দৃষ্টান্ত হৈছে সেই নেমুৰ দৰে সুস্বাদু আৰু সুগন্ধযুক্ত। আৰু যি যে ব্যক্তিয়ে (মু’মিন) কোৰআন পাঠ নকৰে তাৰ দৃষ্টান্ত হৈছে এনে খেজুৰৰ দৰে , যি সুগন্ধহীন, কিন্তু খাওঁতে সুস্বাদু। আৰু ফাচিক-ফাজিৰ ব্যক্তি যিয়ে কোৰআন পাঠ কৰে তাৰ দৃষ্টান্ত হৈছে ৰায়হান জাতীয় লতাৰ দৰে , যাৰ সুগন্ধ আছে, কিন্তু খোৱাত বিস্বাদ। আৰু সেই ফাচিক যিয়ে কোৰআন একেবাৰেই পাঠ নকৰে , তাৰ দৃষ্টান্ত হৈছে সেই মাকাল ফলৰ দৰে , যিটো খাওঁতে বিস্বাদ আৰু যাৰ কোনো সুগন্ধ ও নাই ।
[৫০৫৯, ৫৪২৭, ৭৫৬০] (আধুনিক প্রকাশনীঃ ৪৬৪৬, ইছলামী ফাউন্ডেচনঃ ৪৬৫০)
✍🏻✍🏻 চুনান আত তিৰমিজী [তাহকীককৃত],
হাদিচ নম্বৰ :- ২৫২৩
👉 জান্নাতৰ গছৰ বর্ণনা 👈
আবূ হুৰাইৰা (ৰা:) ৰ পৰা বর্ণিত, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে : জান্নাতত এটা বিশাল গছ আছে, যাৰ ছা ৰ তলেদি যি কোনো যাত্রী এশ বছৰলৈকে চলি থাকিব (কিন্তু সেইটো অতিক্রম কৰি যাব নোৱাৰিব )।
চহীহঃ বুখাৰী (৩২৫২)।
আবু হুৰাইৰা ৰাদ্বিয়াল্লাহু আনহুৰ সূত্ৰে বৰ্ণিত- ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে- তিনি ব্যক্তিৰ দোৱা নিশ্চয় কবুল হয়—
(১) মজলুম বা অত্যাচাৰিত ব্যক্তিৰ দোৱা কবুল হয়।
(২) মুছাফিৰৰ দোৱা কবুল হয়।
(৩) সন্তানৰ কাৰণে পিতা-মাতাৰ দোৱা কবুল হয়।
(বুখাৰী¸ আবু দাউদ¸ তিৰমিজী¸ আল-আদাবুল মুফৰাদ)
তিৰমিজি ৩৪৪৮
হাচান চহীহাহ ৫৯৮ , ১৭৯৭]
ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ও ছাল্লামে কৈছে ” তোমালোকৰ কাৰণে শ্রেষ্ঠ সম্পদ হল –
১। সকলোসময়ত আল্লাহক স্মৰণকাৰী জিবা ,
২। আল্লাহৰ শ্বুকৰিয়া আদায়কাৰী অন্তৰ আৰু
৩। ঈমানদাৰ স্ত্রী যি তাইৰ স্বামীক দ্বীনৰ ক্ষেত্রত সহায় কৰে ।”
–[চহিহ তিৰমিযী ৩০৯৪]
✍ চহীহ মুছলিমৰ হাদিচ নং ২৬৭৪ ✍
👇👇
“কোনোবাই হেদায়তৰ দিশত
আহ্বান কৰিলে, যিমানজনে তেওঁক অনুসৰণ কৰিব প্রত্যেকৰ সমান ছওয়াবৰ অধিকাৰী সেইজন ব্যক্তি হ’ব(যিজনে আহ্বান কৰিছে),
যদিও যিসকলে অনুসৰণ কৰিছে সিহঁতৰ ছওয়াবৰ কোনো ক্ষতি নহ’ব (কমি নাযাব)”
👆👆
ৰাছুলুল্লাহ (ছাঃ) এ কৈছে,
“যি ব্যক্তিয়ে পূর্ণ অধিকাৰ থকা সত্যেও বিতৰ্ক(ঝগড়া) পৰিত্যাগ কৰে, মই তেওঁৰ কাৰণে জান্নাতত এটা গৃহৰ জিম্মাদাৰ হম। “
(আবুদাউদ, হা/ ৪৮০০)
🌹 চহীহ বুখাৰীৰ হাদিচ নম্বৰ ২৪৪২ 🌹
মুছলিমে মুছলিমৰ প্রতি অত্যাচাৰ নকৰিব আৰু তাক অপমানিতও নকৰিব।
👉👉 ‘আবদুল্লাহ ইবনু ‘উমাৰ (ৰা:) ৰ পৰা বর্ণিত। ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে , মুছলিম মুছলিমৰ ভাই। সি তাৰ ওপৰত জুলুম নকৰিব আৰু তাক যালিমৰ হাতত অৰ্পণ নকৰিব। যিজনে তাৰ ভাইৰ অভাব পূৰণ কৰিব , আল্লাহ তা‘আলাই কিয়ামতৰ দিন তাৰ বিপদসমূহ দূৰ কৰি দিব । যি ব্যক্তি কোনো মুছলিমৰ দোষ ঢাকি ৰাখিব, আল্লাহে কিয়ামতৰ দিন তাৰ দোষ ঢাকি ৰাখিব ।👈👈
(৬৯৫১) (আধুনিক প্রকাশনীঃ ২২৬৩, ইছলামী ফাউন্ডেচনঃ ২২৭৮)
✍🏻✍🏻 চহিহ বুখাৰীৰ হাদিছ নম্বৰ :- ১৮৭৬
ঈমান মদীনালৈ প্রত্যাবর্তন কৰিব ।
আবূ হুৰাইৰাহ্ (ৰা:) ৰ পৰা বর্ণিত যে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি ওৱাচাল্লামে কৈছে , ঈমান মদিনালৈ ওভতি আহিব যেনেকৈ সাপ তাৰ গাতত ওভতি আহে ।
(মুছলিম ১/৬৫, হাঃ ১৪৭, আহমাদ ৯৪৬২) (আধুনিক প্রকাশনীঃ ১৭৪১, ইছলামী ফাউণ্ডেচনঃ ১৭৫২)
🌹 চহীহ বুখাৰীৰ হাদিছ নম্বৰঃ ৭৩৮১ 🌹
আল্লাহৰ বাণীঃ তেৱেই শান্তি, তেৱেই নিৰাপত্তা বিধানকাৰী ।
👉👉‘আবদুল্লাহ্ (ৰা:) ৰ পৰা বর্ণিত। তেওঁ ক’লে, আমালোকে নাবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম- ৰ পিছতে ছালাত আদায় কৰিছিলো । তেতিয়া আমালোকে কৈছিলো , আল্লাহৰ ওপৰত চালাম। তেতিয়া নাবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ক’লে : আল্লাহ্ তো নিজেই চালাম। হাঁ, তোমালোকে কোৱা , …….التَّحِيَّاتُ للهِ অর্থাৎ মৌখিক, শাৰীৰিক আৰু আর্থিক সকলো ‘ইবাদাত একমাত্র আল্লাহৰ কাৰণে । হে নাবী! আপোনাৰ ওপৰত শান্তি, আল্লাহৰ ৰহমত আৰু বাৰাকাত অবতীর্ণ হওঁক । আমালোকৰ ওপৰত আৰু আল্লাহৰ নেক বান্দাসকলৰ ওপৰত শান্তি বর্ষিত হওঁক । মই সাক্ষী দিছোঁ যে, আল্লাহৰ বাহিৰে কোন ইলাহ্ নাই । মই আৰু সাক্ষী দিছোঁ মুহাম্মদ (ছা:) আল্লাহৰ বান্দা আৰু আল্লাহৰ ৰাছুল । 👈👈
[৮৩১] (আধুনিক প্রকাশনী- ৬৮৬৫, ইচলামিক ফাউন্ডেচন ৬৮৭৭) ।
ৰাছূলুল্লাহ্ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে:
“গোছলখানা আৰু কবৰস্থানৰ বাহিৰে পৃথিৱীৰ সকলো ঠাই মছজিদ হিচাবে গণ্য।” (অর্থাৎ যিকোনো স্থানত নামায পঢ়িব পাৰি)
[আবুদাঊদ: ৪৯২ ই.ফা; ইবনু মাজাহ, তিৰমিযী]
হাদিছৰ মান: ছহিহ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে : দুটা বাক্য উচ্চাৰণৰ ফালৰ পৰা খুব পাতল; কিন্তু ওজনত অত্যন্ত গধুৰ আৰু আল্লাহৰ ওচৰত অতি প্ৰিয়। বাক্য দুটা হৈছে, “চুবহানাল্লাহ্ ওৱা বিহামদিহী’ ‘চুবহানাল্লাহীল আযীম।” (চহীহ বুখাৰী: ৭৫৬৩)