ইবাদত কেৱল মাত্ৰ আল্লাহৰ সন্তুষ্টিৰ কাৰণে হব লাগিব , লোকক দেখুৱাই বা লোকক সন্তুষ্ট কৰাৰ কাৰণে কৰা ইবাদত শ্বিৰ্ক ৰ অন্তৰ্ভুক্ত । আৰু শ্বিৰ্ক ৰ একমাত্ৰ পৰিণাম হৈছে জাহান্নাম । লোকক দেখুৱাই ইবাদত কৰাসকলক আল্লহে কি কব কব কিয়ামতৰ দিন !!?
চহিহ হাদিছ ….✍🏻
🌹 হাদিছে কুদচি নং ৭ 🌹
চহিহ হাদিছ ….✍🏻
🌹 হাদিছে কুদচি নং ৭ 🌹
শ্বিৰ্ক ৰ ভয়াবহতা
👉👉👉 মাহমুদ ইবনু লাবিদ ৰাদিয়াল্লাহু আনহু ৰ পৰা বর্ণিত, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কৈছে : “মই তোমালোকৰ ওপৰত যি ভয় কৰোঁ তাৰ মাজত আটাইতকৈ ডাঙৰ হৈছে শ্বিৰ্কে আচগৰ ( সৰু শ্বিৰ্ক ) । সিহঁতে কলে : হে আল্লাহৰ ৰাছুল শ্বিৰ্কে আচগৰ কি ? তেওঁ কলে “ৰিয়া” ( লোকক দেখুৱাবলৈ কৰা আমল) , আল্লাহ তা‘আলায় কিয়ামতৰ দিন সিহঁতক (ৰিয়াকাৰীসকলক ) কব , যেতিয়া মানুহক সিহঁতৰ আমলৰ বিনিময় দিয়া হব : তোমালোক সিহঁতৰ ওচৰত যোৱা যিসকলক তোমালোকে দেখুৱাইছিলা, চোৱা সিহঁতৰ পৰা কোনো প্রতিদান পোৱা নে নোপোৱা ”।👈👈👈
[আহমদ] হাদিছটো চহিহ।