ইছলামৰ সোৱাদ ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি !! ইছলামৰ মাদকতা কথাৰে প্ৰকাশ কৰিব নোৱাৰি !! ইয়াৰ সোৱাদ লবলৈ হলে দ্বীন ইছলামক ইমানেই ভাল পাব লাগিব যে সেই ভালপোৱাৰ প্ৰাবল্য পৃথিৱীৰ সকলো বস্তুতকৈ বেছি হব লাগিব !! ইয়াৰ মাত্ৰা কাৰো সৈতে তুলনা হব নালাগিব !! অভ্যাসগত ভাবে ইবাদত নকৰি অন্তৰভৰা তৃপ্তিৰে প্ৰতিটো ইবাদতৰ সোৱাদ লব লাগিব !! ফজৰৰ চালাত আদায় কৰাৰ পাছত কেতিয়া জোহোৰৰ ৱক্ত আহিব , কেতিয়া আকৌ মই ইবাদতৰ মাধ্যমেৰে আল্লাহৰ সান্নিধ্য লাভ কৰিবলৈ পাম তাৰ বাবে বহুত আশাৰে অপেক্ষা কৰিব লাগিব !! একেদৰেই জোহোৰৰ পাছত আচৰলৈ মনটোৱে অধিক আশা কৰি থাকিব লাগিব !! ইত্যাদি …..
চালাত , চিয়াম আদি প্ৰত্যেকটো ইবাদতৰ পৰা সঁচা অৰ্থত আমি অন্তৰভৰা তৃপ্তি লাভ কৰিব লাগিব । ই আমাৰ বাবে কেতিয়াও বোজা সদৃশ হব নালাগিব বা নকৰিলে উপায় নাই বাবেই আদায় কৰি আছো তেনে মনোভাৱ আহিলে নাজানোঁ সেই ইবাদত কিমান ফলপ্ৰসু হব !!
বিশেষভাৱে চালাত আদায় কৰোতে চুৰা ফাতিহাৰ দ্বাৰা আমি আল্লাহৰ সকলো বিষয়তে কৰা প্ৰশংসা বা আল্লাহৰ পৰা সৰল পথ বিচাৰি ভূল পথৰ পৰা বচাই ৰাখিবলৈ কৰা কাকুতি মিনতি নিজে বুজি পাই প্ৰাৰ্থনা কৰিলেহে চালাতৰ প্ৰকৃত সোৱাদ পোৱা যায় । ইয়াৰ অৰ্থ নুবুজাকৈ এনেয়ে অভ্যাসগত ভাবে ” আলহামদুলিল্লাহ ৰাব্বীল আ-লামিন ………….” পঢ়ি থাকি চালাতৰ আশাভৰা সোৱাদ লোৱাটো অসম্ভৱ !! একেদৰেই চালাতৰ ৰূকু চিজদাহৰ তচবীত আমি আল্লাহৰ বিষয়ে কি কৈছোঁ , দূৰুদে ইব্ৰাহীমৰ দ্বাৰা কেনেকৈ আমাৰ প্ৰিয় নবী মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লাম ও তেখেতৰ পৰিয়াল বৰ্গক ইব্ৰাহীম আলাইহি অছাল্লাম ও তেখেতৰ পৰিয়ালৰ দৰে ৰহম আৰু বৰকত দিবলৈ আল্লাহক কেনেকৈ মিনতি কৰিছোঁ ইত্যাদি বিষয়বোৰ আমি নিজে বুজি কলেহে চালাত আমাৰ বাবে সোৱাদ ভৰা হব । অন্যথা আমি আদায় কৰি থকা পাঁচ ৱক্তৰ চালাত আমাৰ বাবে কেৱল এক অভ্যাসগত নিত্যকৰ্ম্ম হিচাবেহে চলি থাকিব , ইয়াৰ প্ৰকৃত সোৱাদ লবলৈ আমি সক্ষম নহম !!
দ্বীন ইছলাম সোৱাদ কেৱল যে চালাতৰ বেলিকাহে আছে এনে নহয় ! পুৱা টুপনি ভঙাৰ পৰা আৰম্ভ কৰি নিশা পুনৰ টোপনি অহালৈ প্ৰত্যেকটো মূহুৰ্ত্ততেই দ্বীন ইছলামৰ সোৱাদ ভৰা মাদকতা বিদ্যমান ! দ্বীন ইছলামক আমি কোনে কেনেকৈ বুজিছো, কোনে কেনেকৈ ইয়াক গ্ৰহণ কৰিছো ইত্যাদি বিষয়বোৰৰ ওপৰত ইছলামৰ সোৱাদ নিৰ্ভৰশীল । অৱশ্যে এটা কথা সত্য যে – দ্বীনৰ এই সোৱাদ আমি পাবলৈ হলে তাওহীদ, ৰিছালত আৰু আখিৰত আদিৰ বিষয়ে ভালদৰে বুজি ১০০% ইয়াক অন্তৰেৰে বিশ্বাস কৰিব লাগিব , আমাৰ সকলো প্ৰকাৰৰ ইবাদত একমাত্ৰ আল্লাহৰ বাবে উৎসৰ্গিত হব লাগিব , নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ বিশুদ্ধ চুন্নতৰ অনুসন্ধান কৰি লৈ একমাত্র সেই পদ্ধতিতহে আল্লাহৰ ইবাদত কৰিব লাগিব !! অন্যথা আল্লাহে আমাক দ্বীন ইছলামৰ তৃপ্তিভৰা সোৱাদ লোৱাৰ সুবিধা নিদিয়ে !!
সেয়েহে আহক ইন শ্বা আল্লাহ আমি সকলোৱে যিহেতু আল্লাহৰ একত্ববাদ আৰু নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ ৰাছূলত্বক কলিমাৰ মাধ্যমেৰে সাক্ষী দি স্বীকাৰ কৰিছো , সেয়েহে আল্লাহৰ এই নিয়ামত ভৰা দ্বীন ভালদৰে বুজি লৈ ইছলামৰ সোৱাদ লোৱাৰ চেষ্টা কৰোঁ ! ইছলাম আমাৰ বাবে কেতিয়াও বহন কৰিব লগা এক বোজা নহয় , ই আমাৰ বাবে এক বাস্তৱ ৰঙীন আশা !! যিয়েই এই আশাক হৃদয়ঙ্গম কৰিব পাৰিব , ইয়াৰ সোৱাদ লবলৈ সক্ষম হব , তেওঁ নিশ্চিত ভাবে স্বীকাৰ কৰিব লাগিব যে সঁচাকৈয়ে ইছলামৰ সোৱাদ ৰসগুল্লাতকৈ মিঠা…তৃপ্তি সহকাৰে অন্তৰৰ খুলি নিশ্চয় কব – “বাহঃ কি যে মজা”………………….
(✍✍✍ ….. মোক্তাবুল হুছেইন )