السَّلاَمُ عَلَيْكُمْ أَهْلَ الدِّيَارِ، مِنَ الْمُؤْمِنِينَ وَالْمُسْلِمِينَ، وَإِنَّا إِنْ شَاءَ اللَّهُ بِكُمْ لاَحِقُونَ، (وَيَرْحَمُ اللَّهُ الْمُسْتَقْدِمِينَ مِنَّا وَالْمُسْتَأْخِرِينَ) أَسْاَلُ اللَّهَ لَنَا وَلَكُمُ الْعَافِيَةَ
হে গৃহসমূহৰ অধিবাসী মুমিন আৰু মুছলিমসকল! তোমালোকৰ প্রতি শান্তি বর্ষিত হওঁক। আৰু নিশ্চয় আমি ইন শ্বা আল্লাহ তোমালোকৰ সৈতে মিলিত হম। [আল্লাহে আমাৰ পুর্বৱর্তীসকলৰ আৰু পৰৱর্তীসকলৰ প্রতি দয়া কৰক।] মই আল্লাহ্ৰ ওচৰত আমাৰ কাৰণে আৰু তোমালোকৰ কাৰণে নিৰাপত্তা প্রার্থনা কৰিছোঁ।
আচ্ছালা-মু আলাইকুম আহলাদ্দিয়াৰি মিনাল মু’মিনীনা ওৱাল মুছলিমীনা, ওৱা ইন্না ইন শ্বা-আল্লা-হু বিকুম লা-হিকুনা, [ওৱা ইয়াৰহামুল্লাহুল মুস্তাক্বদিমীনা মিন্না ওৱাল মুস্তা’খিৰীনা], আচআলুল্লাহা লানা ওৱালাকুমুল ‘আ-ফিয়াহ
মুছলিম ২/৬৭১, নং ৯৭৫; ইবনে মাজাহ্, ১/৪৯৪, আৰু শব্দ তেওঁৰেই, নং ১৫৪৭; বুৰাইদা ৰাদিয়াল্লাহু ‘আনহুৰ পৰা। আৰু দুই ব্রাকেটৰ মাজৰ অংশ আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ হাদীছৰ পৰা, যাক সংকলন কৰিছে, মুছলিম, ২/৬৭১, নং ৯৭৫।
দোআ আৰু যিকিৰ (হিছনুল মুছলিম)