মাযহাব বুলিলে কি বুজা?

মাযহাব বুলিলে কি বুজা?

মাযহাবৰ সঠিক অর্থ হ’ল চলাৰ পথ, কিন্তু মাযহাব অনুসাৰীসকলে ইয়াৰ অর্থ কৰি থাকে মত বা পথ। এই অর্থত পৃথিৱীৰ যিমান মত বা পথ আছে প্ৰতিটোৱেই একো একোটা মাযহাব। ইমাম আবু হানিফাৰ মত বা পথ হানাফী মাযহাব। অনুৰূপভাৱে ইমাম মালিকৰ মত বা পথ মালেকী মাযহাব, ইমাম শাফেয়ীৰ মত বা পথ শাফেয়ী মাযহাব আৰু ইমাম আহমাদ বিন হাম্বলৰ মত বা পথ হাম্বলী মাযহাব। এই হিচাবে নবী মুহাম্মাদুৰ ৰছুলুল্লাহ (চাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম)ৰ মত বা পথ নিঃসন্দেহে মুহাম্মদী মাযহাব আৰু সকলোবোৰ মত বা পথতকৈ মুহাম্মদ (চাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম)ৰ মত বা পথ যে অতি উত্তম আৰু উৎকৃষ্ট মত বা পথ এই কথা কোনো মুছলমানক জনোৱাৰ প্ৰয়োজন নাই। গতিকে অন্যান্য সকলোৰে মত বা পথক বর্জন কৰি মহানবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ মহাপৱিত্র মত বা পথেৰে আমি চলিবলৈ বাধ্য। অন্য কাৰোবাৰ মতত বা পথত চলাৰ বাবে নির্দেশ নাই।

যিসকল ইমামৰ নামত মাযহাবৰ নামাকৰণ কৰা হৈছে সিহঁতৰ জন্মৰ আগত মাযহাব নাছিল, সিহঁতৰ জীৱনকালত মাযহাবৰ উদ্ভাৱন হোৱা নাই। মাযহাব হৈছে সিহঁতৰ মৃত্যুৰ বহুদিন পিছত। ইমাম আবু হানিফাৰ জন্ম ৮০ হিজৰীত, মৃত্যু ১৫০ হিজৰীত; ইমাম মালেকৰ জন্ম ৯০ হিজৰীত, মৃত্যু ১৭৯ হিজৰীত; ইমাম শাফেয়ীৰ জন্ম ১৫০ হিজৰীত, মৃত্যু ২০৪ হিজৰীত; আৰু ইমাম আহমাদ বিন হাম্বলৰ জন্ম ১৬৪ হিজৰীত, মৃত্যু ২৪১ হিজৰীত। অৰ্থাৎ যিদিনা ইমাম আবু হানিফাৰ মৃত্যু হ’ল সেইদিনা ইমাম শাফেয়ীৰ জন্ম হৈছে। এই দুজনৰ পৰস্পৰৰ লগত দেখা সাক্ষাৎ হোৱা নাই। মাযহাবৰ উদ্ভৱ হৈছে ৪০০ হিজৰীত। ইমাম আবু হানিফাৰ মৃত্যুৰ ২৫০ বছৰ পিছত। এই চাৰি জন ইমামৰ জন্মৰ পূর্বেও ইছলাম আছিল, মুছলিমও আছিল। তেতিয়া যদি কাৰোবাৰ মত বা পথৰ প্রয়োজন হোৱা নাছিল তেনেহ’লে ৪০০ বছৰ পিছত প্রয়োজনীয়তা বা ফৰজ হোৱাৰ কোনো যুক্তি থাকিব নোৱাৰে। তেতিয়াও মুছলিমসকলৰ ওচৰত কুৰআন আৰু হাদীছ আছিল, এতিয়াও আছে, গতিকে কুৰআন আৰু হাদীছেই যথেষ্ট। অৰ্থাৎ নির্ভুল কুৰআন আৰু হাদীছ মুছলিমসকলৰ সকলোৱে মানি চলিবই লাগিব। চাৰি মাযহাবৰ কোনো এটিও মানি চলিবলৈ আল্লাহ আৰু ৰাছুল (চাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম)ৰ নির্দেশ নাই।

Collected:
ইছলামৰ সুবাস বিয়পাই দিয়ক।

Leave a comment