এটি গুৰুত্বপূৰ্ণ বিষয় চিন্তা-চৰ্চাৰ বাবে আপোনালোকলৈ আগবঢ়ালোঁ। আশাকৰোঁ শীতল মগজুৰে গভীৰভাবে চিন্তা কৰি সঠিক সিদ্ধান্ত লব।

এটি গুৰুত্বপূৰ্ণ বিষয় চিন্তা-চৰ্চাৰ বাবে আপোনালোকলৈ আগবঢ়ালোঁ। আশাকৰোঁ শীতল মগজুৰে গভীৰভাবে চিন্তা কৰি সঠিক সিদ্ধান্ত লব।

আমি জানোঁ যে আজি মুছলিম সমাজ মুখ্যত পাঁচ ভাগত বিভক্ত হৈ আছে। তাৰে চাৰিটা ভাগ চাৰিজন ইমামৰ নামত চলি আছে যেনে – হানাফী, শ্বাফী, মালিকী আৰু হাম্বলী। এই চাৰি ভাগক চাৰি মাজহাব বুলি কোৱা হয়। ইয়াৰ উপৰি আন এটা ভাগ আছে যিসকলে এই চাৰি ইমামৰ মযহবক মান্যতা নিদি প্ৰত্যক্ষভাৱে কোৰআন আৰু ছহীহ হাদীছক মানি চলে। এইসকলক কিছুমানে গাইৰ মুকাল্লীদ¸ লা-মাজহাবী¸ ওৱাহাবী¸ আহলে হাদীছ আদি আখ্যা দিয়ে। এইসকলক এচামে গুমৰাহ বা বাতিল ফিৰকা বুলি সমাজত অপ-প্ৰচাৰ চলাই আহিছে। আচলতে গোটেইখিনি কথা পঢ়িলে গম পাব এওঁলোক বাতিল ফিৰকা বা গুমৰাহ হয় নে নহয়। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈ গৈছে, ইছলামত তেসত্তৰটি ভাগ বা দল হব, তাৰে এটি দল হে জান্নাতত যাব বাকী সকলো দল জাহান্নামত যাব। সেই জান্নাতী দলটি হ’ল ৰছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম আৰু চাহাবী ৰাদ্বিয়াল্লাহু আনহুমে যি তৰিকাত চলিছিল সেই তৰিকাৰ দলটি। গতকে আমি প্ৰকৃত ইছলাম বা ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম আৰু চাহাবী ৰাদ্বিয়াল্লাহু আনহুমৰ তৰিকা পাবলৈ হ’লে কোৰআন হাদীছ  অধ্যয়ন কৰি আগুৱাৰ বাহিৰে অন্য কোনো শুদ্ধ পথ আছেনে? আমি কেতিয়াবা ভাৱি চাইছোঁনে যে আমি যি দল বা ভাগত আছোঁ সেয়া প্ৰকৃততে ৰছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈ যোৱা জান্নাতী দলটিৰ ভিতৰত পৰেনে? হানাফী, শ্বাফী, মালিকী আৰু হাম্বলী এই চাৰিটা ভাগত ইছলামক ভাগ কৰিবলৈ কোৰআন হাদীছে অনুমোদন দিছেনে? তাৰোপৰি আমাৰ মাজত চলি থকা পীৰ-মাজাৰৰ তৰিকা যিবিলাকে ইছলামক পুনৰাই খণ্ড-বিখণ্ড কৰিছে সেইবোৰ কিমান যুক্তি সঙ্গত? আল্লাহে কৈছে-

ছূৰা আল ইমৰান:103 – আৰু তোমালোক সকলোৱে আল্লাহৰ ৰজ্জুক সুদৃঢ় হস্তে ধাৰণ কৰা; পৰস্পৰ বিচ্ছিন্ন নহ’বা।

ছূৰা আল ইমৰান:105 – আৰু সিহঁতৰ দৰে নহ’বা, যিসকল বিচ্ছিন্ন হৈ গৈছে আৰু নিদর্শনসমূহ অহাৰ পিছতো বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে। সিহঁতৰ কাৰণে আছে ভয়ঙ্কৰ শাস্তি।

ছূৰা আল বাক্কাৰাহ:170 – আৰু যেতিয়া সিহঁতক কোনোবাই কয় যে, সেই হুকুমৰেই আনুগত্য কৰা যাক আল্লাহ তা‘আলাই নাযিল কৰিছে, তেতিয়া সিহঁতে কয় কেতিয়াও নহয়, আমি তো সেই বিষয়ৰেই অনুসৰণ কৰিম। য’ত আমি আমাৰ বাপ-দাদাসকলক দেখিছোঁ। যদিও সিহঁতৰ বাপ-দাদাসকলে একোৱেই জনা নাছিল, জনা নাছিল সৰল পথো।

ছূৰা কাহফ:103 – কোৱা! আমি কি তোমালোকক সেইসকল লোকৰ সংবাদ নিদিমনে, যিসকলে কর্মৰ ফালৰ পৰা খুবেই ক্ষতিগ্রস্ত?

ছূৰা কাহফ:104 – সিহঁতেই সেইসকল লোক, যিসকলৰ প্রচেষ্টা পার্থিৱ জীৱনত বিভ্রান্ত হৈছে, অথচ সিহঁতে ভাৱে যে, সিহঁতে তো সুন্দৰ আমলেই কৰিছে।

ছূৰা আল আন-আম:159 – নিশ্চয় যিসকলে স্বীয় ধর্মক খণ্ড-বিখণ্ড কৰিছে আৰু বহু দলত বিভক্ত হৈছে, সিহঁতৰ সৈতে আপোনাৰ (ৰাছূলৰ) কোনো সম্পর্ক নাই।

ছূৰা আল আ’ৰাফ:3 – তোমালোকে অনুসৰণ কৰা, যি তোমালোকৰ প্রতিপালকৰ পক্ষৰ পৰা অৱতীর্ণ হৈছে আৰু আল্লাহক বাদ দি অন্য আউলিয়াৰ অনুসৰণ নকৰিবা।

ছূৰা আল ইমৰান:85 – যি ব্যক্তিয়ে ইছলামৰ বাহিৰে অন্য কোনো ধর্ম তালাচ কৰে, কস্মিণকালেও তাক গ্রহণ কৰা নহ’ব আৰু আখিৰাতত সি হ’ব ক্ষতি গ্রস্ত।

ছূৰা আল ইমৰান:19 – নিঃসন্দেহে আল্লাহৰ ওচৰত গ্রহণযোগ্য দ্বীন একমাত্র ইছলাম। আৰু যিসকলৰ প্রতি কিতাব নাজিল হৈছে সিহঁতৰ ওচৰত প্রকৃত জ্ঞান অহাৰ পিছতো সিহঁতে মতবিৰোধত লিপ্ত হৈছে, কেৱল-মাত্র পৰস্পৰ বিদ্বেষবশতঃ, যিসকলে আল্লাহৰ নিদর্শনসমূহৰ প্রতি কুফৰী কৰে সিহঁতৰ জনা উচিত যে, নিশ্চিতৰূপে আল্লাহ হিচাব গ্রহণত অত্যন্ত দ্রুত।

ছূৰা আন নিছা:59 – হে ঈমানদাৰসকল! আল্লাহৰ নির্দেশ মান্য কৰা, নির্দেশ মান্য কৰা ৰাছূলৰ আৰু তোমালোকৰ মাজত যিসকল বিচাৰক সিহঁতৰ। তাৰ পিছতো যদি তোমালোকে কোনো বিষয়ত বিবাদত প্রবৃত্ত হৈ পৰা, তেনেহ’লে তাক আল্লাহ আৰু তেওঁৰ ৰাছূলৰ (কুৰআন আৰু হাদীছ) প্রতি প্রত্যর্পণ কৰা-যদিহে তোমালোকে আল্লাহ আৰু কিয়ামত দিবসৰ ওপৰত বিশ্বাসী হৈ থাকা। আৰু এইটোৱেই কল্যাণকৰ আৰু পৰিণতিৰ ফালৰ পৰা উত্তম।

কোৰআনৰ ওপৰোক্ত বাণীসমুহে আমাক মাজহাব বা ফিৰকাত ভাগ হ’বলৈ কৈছেনে এক ইছলাম এক আদৰ্শক মানি চলিবলৈ কৈছে? বিভিন্ন ফিৰকাহৰ ওপৰত ভিত্তি কৰি আমাৰ মাজত নিজকে হানাফি, শ্বাফী, মালিকী, হাম্বলি বুলি পৰিচয় দি নিজেই যদি বিভক্ত হৈ যাওঁ  তেন্তে কোৰআনৰ ওপৰোক্ত আয়াত অনুসৰি ইছলামক ভাগ ভাগ কৰাৰ কাৰণে গুমৰাহী নহমনে? যি সকলক ছুৰা ৰোমৰ ৩১-৩২ নম্বৰ আয়াতত মুছৰিক বুলি আল্লাহে কৈছে ।

ছূৰা আৰ-ৰূম:31 – সকলোৱেই তেওঁৰ (আল্লাহৰ) অভিমুখী হোৱা আৰু ভয় কৰা, নামায কায়েম কৰা আৰু মুশ্বৰিকসকলৰ অন্তর্ভুক্ত নহ’বা।

ছূৰা আৰ-ৰূম:32 – যিসকলে সিহঁতৰ ধর্মত বিভেদ সৃষ্টি কৰিছে আৰু বহু দলত বিভক্ত হৈ পৰিছে। প্রত্যেক দলেই নিজ নিজ মতবাদক লৈ উল্লাসিত।

গতিকে এনে গুৰুত্বপূৰ্ণ বিষয় এটাৰ প্ৰতি আওকাণ কৰি কোনোবা পীৰ, বুজুৰ্গ, ইমামক অন্ধভাৱে অনুসৰণ কৰি চলো কিয়ামতৰ দিনা আমাৰ কি দশা হ’ব তলত দিয়া কোৰআনৰ আয়াতৰ পৰা জানি লওঁ আহক-

ছূৰা আল আহযাব:66 – যিদিনা অগ্নিত সিহঁতৰ মুখমণ্ডল ওলট-পালট কৰা হব; সিদিনা সিহঁতে কব, হায়! আমি যদি আল্লাহৰ আনুগত্য কৰিলোহেঁতেন আৰু ৰাছূলৰ আনুগত্য কৰিলোহেঁতেন!

ছূৰা আল আহযাব:67 – সিহঁতে পুনৰ কব, হে আমাৰ পালনকর্তা, আমি আমাৰ নেতা আৰু জেষ্ঠ্যসকলৰ কথা মানিছিলোঁ, তাৰ পিছত সিহঁতে আমাক পথভ্রষ্ট কৰিছিল।

ছূৰা আল আহযাব:68 – হে আমাৰ পালনকর্তা! সিহঁতক দ্বিগুণ শাস্তি দিয়ক আৰু সিহঁতক মহা-অভিসম্পাত কৰক।

যিসকলে কিয়ামত, শেষ বিচাৰ, জান্নাত জাহান্নাম সম্বন্ধে বিশ্বাস কৰে তেওঁলোকে কোৰআন হাদীছ অধ্যয়ন কৰি সত্যতা নিৰূপন নকৰাকৈ কাৰোঁ কথাক নিশ্চিত শুদ্ধ বুলি ধৰি লোৱা উচিত নহয় । কিয়নো কিয়ামতৰ দিনা প্ৰত্যেকেই নিজৰ নিজৰ কৰ্মফলৰ বাবে জবাবদিহী হব লাগিব। কোনো পীৰ-ওস্তাদৰ হাৱালা দি বাচিব পৰা নাযাব। কোৰআনৰ বহু ঠাইত আল্লাহে কৈছে (আতিউল্লাহ ওৱা আতিউৰ ৰাছূল) অৰ্থাৎ আল্লাহৰ বাণী কোৰআন আৰু ৰাছূলৰ আদৰ্শ হাদীছক মানিবলৈ কৈছে। ইয়াৰ পৰিৱৰ্তে আল্লাহে আতিউল ইমাম, আতিউল পীৰ, আতিউল বুজুৰ্গ কোৱা নাই। অৱশ্যে জ্ঞানীসকলৰ লগত আলোচনা কৰিবলৈও পৰামৰ্শ দিছে। ইয়াৰ অৰ্থ এইটো নহয় যে কোনো ইমামক, কোনো পীৰক তকলীদ বা অন্ধ অনুসৰণ কৰিব লাগিব। কোৰআন হাদীছৰ ক’তো মাজহাবৰ কথা কোৱা নাই। সন্মানীয় চাৰি ইমামৰ কোনোৱে কোৱা নাছিল তেওঁলোকৰ ফিকাহটোক মনাটো ফৰজ। ইমাম সকলৰ নামত মাজহাব সৃষ্টি হৈছল তেওঁলোকৰ মৃত্যুৰ প্ৰায় চাৰিশ বছৰ পিছত। উক্ত ইমাম কেইজনৰ কোনোজনে জনা নাছিল যে তেওঁলোকৰ নামত মাজহাব সৃষ্টি হব। আনহাতে সন্মানীয় ইমাম কেইজনে উপদেশ দি গৈছে যে যদি তেওঁলোকৰ নিয়মবোৰৰ বিপৰীতে কোৰআনৰ আয়াত বা হাদীছ পোৱা যায় তেনেহ’লে লগে লগে তেখেতৰ মতটোক বিসৰ্জন দি সেই কোৰআন আৰু হাদীছক মানি লবলৈ। তেনেস্থলত শ শ বছৰ অতিক্ৰম কৰাৰ পিছতো আজিও কিয় আমি কোৰআন হাদীছৰ পৰিৱৰ্তে সেই ইমামসকলক অন্ধভাৱে তকলীদ কৰিবলগীয়া হৈছে?

যদি কোনোবাই কব খোজে মাজহাব মানা ফৰজ তেন্তে বিতৰ্ক নকৰি আমাৰ এই কেইটা প্ৰশ্নৰ দলিলসহ উত্তৰ দিয়ক –

১. ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ মাজহাব কি আছিল?
২. চাহাবাসকলৰ মাজহাব কি আছিল?
৩. মাজহাব মানা যদি ফৰজ তেন্তে চাৰি মাজহাব সৃষ্টি হোৱাৰ আগত মৃত্যু বৰণ কৰা লোকসকলৰ কি হব?
৪. ইমাম কেইজনৰ মাজহাব কি আছিল?
৫. ৰছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ দিনত ইছলাম পৰিপূৰ্ণ হোৱা নাছিল নেকি? যদি মোকাম্মল হৈছিল পিচত এই ফৰজৰ  উদ্ভাৱন কিয় হল ?
৫. মাজহাব মানাতো যদি ফৰজ তেন্তে কোৰআন হাদীছৰ ক’ত এই কথা লিখা আছে?

মানৱ জীৱন আল্লাহে আমাক এবাৰহে দিছে, এই জীৱন অতি দুৰ্লভ। যদি আমাৰ আক্কীদা, আমলসমুহ কোৰআন হাদীছ অনুসৰি নহয়, কোনো ভুল বাতিল আক্কীদাৰ অন্তৰ্ভুক্ত হয়, তেনেহ’লে নিশ্চিতভাৱেই কিয়ামতৰ দিনা আমি লোকচান তথা ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব লাগিব। তেতিয়া আমি অন্ধ অনুসৰণ কৰা পীৰ, বুজুৰ্গ, কোনো ইমামে আমাক বচাব নোৱাৰিব। আনকি সেইদিনা তেওঁলোকৰ কি দশা হ’ব সেয়াও নিশ্চিত নহয়।

গতিকে আঁহক! আমি এই সকলো ফিৰকা, তৰিকা, মাজহাব আদি ভেদাভেদ পৰিহাৰ কৰি একমাত্ৰ ৰছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম আৰু ছাহাবাসকলে দেখুৱাই যোৱা পথত চলাৰ চেষ্টা কৰোঁ। সেই পথ কেৱল কুৰআন আৰু ছহীহ হাদীছৰ মাজতহে পোৱা যাব।

Collected & Edited.

Leave a comment